নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পাঠশালাত “বৈশিষ্ট্যপূৰ্ণ জীৱন আৰু কৃতি” শীৰ্ষক গ্ৰন্থ উন্মোচন

নিয়মীয়া বাৰ্তা, ২ অক্টোবৰঃ দেৱদাসী নৃত্যৰ বিশিষ্ট শিল্পী ৰাজ্যিক পুৰস্কাপ্ৰাপ্ত শিক্ষক, সমাজকৰ্মী তথা পাঠশালা সমীপৰ বামাখাটা গাঙাপাৰা নিবাসী গিৰিশ চন্দ্ৰ তালুকদাৰৰ ৯৩ বছৰীয়া কৰ্মজীৱনৰ আধাৰত প্ৰকাশ কৰি উলিওৱা “বৈশিষ্ট্যপূৰ্ণ জীৱন আৰু কৃতি” শীৰ্ষক গ্ৰন্থখন আজি পাটগিৰীৰ বাসগৃহত উন্মোচন কৰা হয়৷ বিশিষ্ট লেখক তথা পাঠশালা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ধীৰেন তালুকদাৰৰ সভাপতিত্বত অনুষ্ঠিত এক গাম্ভীৰ্যপূৰ্ণ সভাত “বৈশিষ্ট্যপূৰ্ণ জীৱন আৰু কৃতি“ শীৰ্ষক গ্ৰন্থখন উন্মোচন কৰি মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে কয় যে ঐতিহ্যমণ্ডিত ডুবিৰ পৰিহৰেশ্বৰ দেৱালয়ৰ আপুৰুগীয়া দেৱদাসী নৃত্যৰ স্বকীয়তা বজাই ৰাখি নৃত্যটোৰ ধাৰাবাহিকতা ৰক্ষা কৰি ইয়াক জীয়াই ৰখাৰ বাবে আহোপুৰুষাৰ্থ কৰি আহিছে শিল্পী পাটগিৰীয়ে৷ এই দেৱদাসী নৃত্যৰ কাণ্ডাৰী, কৰ্মপ্ৰাণ, শিল্পাচাৰ্য্য, শিল্পী পেঞ্চনাৰ, সমাজসেৱক, ৰাজ্যিক পুৰস্কাৰপ্ৰাপ্ত কৃতী শিক্ষকগৰাকীৰ কৰ্মময় জীৱনৰ ওপৰত আলোকপাত কৰি প্ৰকাশ কৰা এই উন্মোচনী সভাত এজন উন্মোচক হিচাপে উপস্থিত থাকি ধন্য হোৱা বুলি প্ৰকাশ কৰে মন্ত্ৰী দাসে৷ বজালী প্ৰগতি সংঘৰ সম্পাদক অনিল ডেকাই আঁত ধৰা অনুষ্ঠানত বিশিষ্ট শিল্পী বসন্ত পাটগিৰী, সমাজকৰ্মী টিকেন পাটগিৰী, অৱসৰপ্ৰাপ্ত বিষয় শিক্ষক মানিক চন্দ্ৰ তালুকদাৰ, ৰমেশ তালুকদাৰ, প্ৰবোধ শৰ্মা, প্ৰফুল্ল কুমাৰ গোস্বামী, ড৹ ভূপেন্দ্ৰ তালুকদাৰ, শৰত তালুকদাৰ আদিয়ে শিল্পী গৰাকীৰ বৰ্ণীল জীৱনৰ বিভন্ন দিশ আলোকপাত কৰে তেওঁৰ সুস্বাস্থ্য কামনা কৰে৷ অনুষ্ঠানত শিল্পী বসন্ত পাটগিৰী আৰু কৃতাৰ্থ পাটগিৰীয়ে লোকগীত পৰিবেশন কৰি অনন্য মাত্ৰা প্ৰদান কৰে৷ অশীতিপৰ শিল্পীগৰাকীক ৰাইজৰ ফালৰ পৰা প্ৰমোদ শৰ্মা, পাঠশালা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি প্ৰফুল্ল গোস্বামীকে আদিকৰি কেবাগৰাকী ব্যক্তিয়ে অংগবস্ত্ৰ, গ্ৰন্থৰ টোপোলা, ফুলৰ তোৰা, গামোচা আদিৰে সম্বৰ্ধনা জনায়৷ গ্ৰন্থখনৰ প্ৰকাশক অনিল ডেকাই প্ৰকাশৰ দায়িত্ব লোৱা আৰু শিল্পী গৰাকীৰ পুত্ৰ জয়ন্ত তালুকদাৰ আৰু প্ৰণৱ তালুকদাৰে সহযোগিতা আগবঢ়োৱা গ্ৰন্থখন লিখি মেলি যুগুতাই উলিৱাইছে সত্ৰীয়া নৃত্যৰ বিশিষ্ট শিল্পী গিৰীন্দ্ৰ পাটগিৰিয়ে৷

প্ৰেৰক কল্যাণ কলিতা

You might also like