ডেৰ বছৰৰ চিকিৎসাৰ অন্তত হোম কোৱাৰেণ্টাইনত মেট্ৰিক পৰীক্ষাৰ্থীৰ কৰুণ মৃত্যু
নাৰায়ণপুৰৰ গামটৌত কান্দোনৰ ৰোল
নিয়মীয়া বাৰ্তা, ২৫ মেঃ ডেৰ বছৰৰ চিকিৎসাৰ অন্তত মেট্ৰিক পৰীক্ষাত অৱতীৰ্ণ লখিমপুৰৰ এগৰাকী অতি দুখীয়া পৰিয়ালৰ ছাত্ৰীৰ মৃত্যুৱে সমগ্ৰ জিলাখনতে শোকৰ ছাঁ পেলাইছে। সমগ্ৰ বিশ্বতে ক’ভিড-১৯ য়ে ভয়াবহ ৰূপ ধাৰণ কৰাৰ সময়তে লখিমপুৰ জিলাৰ নাৰায়ণপুৰৰ সমীপৰ পিছলাগুৰি অঞ্চলৰ গামটৌ গাঁৱৰ নিবাসী গণেশ বৰা আৰু মাখনি বৰাৰ একমাত্ৰ কন্যা তথা স্থানীয় ঐতিহ্যমণ্ডিত মাঘনোৱা দৌলৰ কাষতে অৱস্থিত মাঘনোৱা উচ্চ মাধ্যমিক বিদ্যালয়ৰ পৰা প্ৰৱেশিকা পৰীক্ষাত অৱতীৰ্ণ ১৬ বছৰীয়া ছাত্ৰী প্ৰতীক্ষা বৰাৰ সুদীৰ্ঘ দিন কেঞ্চাৰ ৰোগত আক্ৰান্ত হৈ হোম কোৱাৰেণ্টাইনত থকাৰ অৱস্থাত মৃত্যু হোৱা খবৰে সকলোকে মৰ্মাহত কৰি তুলিছে।
উল্লেখ্য, বিগত ২০১৯ চনৰ পহিলা তেওঁ মেধাৱী ছাত্ৰী প্ৰতীক্ষাৰ সোঁ ভৰিখনত সৰু এটা ফোঁহা হৈছিল। পৰৱৰ্তী সময়ত সেইটোৱেই হৈ পৰিল প্ৰতীক্ষাৰ জীৱনৰ সপোনবোৰ থানবান কৰি পেলালে। নৃত্য-গীতৰ সমানে অধ্যয়নতো মেধাৱী ছাত্ৰী প্ৰতীক্ষাৰ চিকিৎসাৰ বাবে আৰ্থিকভাৱে জুৰুলা পৰিয়ালটি সৰ্বস্বান্ত হ’ব লগা হয়। ধলপুৰ, লখিমপুৰ, ডিব্ৰুগড়, তেজপুৰ, গুৱাহাটীৰ নাৰায়ণী হাস্পতাল আৰু অৱশেষত বি. বৰুৱা কেঞ্চাৰ ইনষ্ট্ৰিটিউটত ভৰ্তি কৰোৱা হয়। দুৰাৰোগ্য কৰ্কট ৰোগত আক্ৰান্ত হোৱা প্ৰতীক্ষাৰ সোঁভৰিখন প্ৰতীক্ষাৰ শৰীৰৰ পৰা বিচ্ছিন্ন কৰা হয়। শেহতীয়াকৈ যোৱা ৮ মে’ত চেক-আপত গৈ ১৫ মে’ত ঘৰলৈ ঘূৰি অহাৰ পিছত ২০ মে’ত ১৬ বছৰীয়া দুৰ্ভগীয়া ছাত্ৰী প্ৰতীক্ষাই অকাল মৃত্যুক সাৱটি লয়।
উল্লেখযোগ্য যে ভৰিৰ অস্ত্ৰোপ্ৰচাৰৰ কিছুদিনৰ পিছতে মেধাৱী ছাত্ৰী প্ৰতীক্ষাই চিকিৎসকক খাটনি ধৰি কেৱল পৰীক্ষাত অৱতীৰ্ণ হ’বলৈকে চিকিৎসাৰপৰা অব্যাহতি লৈ সদ্যসমাপ্ত হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হৈছিল। একমাত্ৰ পুত্ৰ অৰূপ আৰু একমাত্ৰ কন্যা প্ৰতীক্ষাক লৈ ভৱিষ্যতৰ সপোন দেখা পিতৃ গণেশ আৰু মাতৃ মামনি মানসিকভাৱে ভাগি পৰিছে। উল্লেখ্য, ক’ৰোনা ভাইৰাছৰ সংক্ৰমণৰ আশংকা কৰি বাহিৰৰপৰা অহাৰ বাবে ভীতিগ্ৰস্ত স্থানীয় ৰাইজে প্ৰথমাৱস্থাত দুৰ্ভগীয়া পৰিয়ালটিৰ আঁতৰি থকাৰ ফলতে স্থানীয় ৰাইজ আৰু পৰিয়ালটিৰ মাজত ভুল বুজাবুজিৰ সৃষ্টি হয়। আজি শ্ৰীমন্ত শঙ্কৰদেৱ সংঘৰ উত্তৰ পশ্চিম আঞ্চলিক শাখাৰ সভাপতি তিলক দুৱৰা আৰু সম্পাদক ৰঞ্জন শইকীয়াসহ একাংশ লোক মৃতকৰ গৃহত উপস্থিত হৈ মৃত্যুক পৰিয়ালৰ সংস্কাৰ অনুষ্ঠান অনুষ্ঠিত কৰিবলৈ আগবাঢ়ি আহে। উল্লেখ্য, অকাল মৃত্যুক সাৱটি লোৱা ছাত্ৰীৰ ক’ৰোনা ভাইৰাছ ৰোগৰ পৰীক্ষাত নিগেটিভ প্ৰমাণিত হৈছে।