কৰিমগঞ্জত মৰ্গত মৃত কিশোৰীক ধৰ্ষণ চাফাই কৰ্মী অঞ্জু ৰবিদাসৰ
নিয়মীয়া বাৰ্তা, ৮ এপ্ৰিল : মানৱতাক লজ্জানত কৰা এক জঘন্য ঘটনা সংঘটিত হৈছে কৰিমগঞ্জ চৰকাৰী চিকিৎসালয়ত। কৰিমগঞ্জ অসামৰিক চিকিৎসালয়ৰ মৰ্গত মৃতদেহৰ সৈতে সংঘটিত হ’ল ধৰ্ষণৰ ঘটনা । আৰক্ষীয়ে ইতিমধ্যে এই জঘন্য ঘটনাৰ সৈতে জৰিত অঞ্জু ৰবিদাস নামৰ চাফাই কৰ্মী এজনক আটক কৰিছে। মানৱতাক কলুষিত কৰা এই ঘটনা সংঘটিত হৈছে হাস্পতালৰ মৰ্গৰ ভিতৰতে। জানিব পৰা মতে, জিলাখনৰ বাজাৰিছেৰা এলেকাৰ এগৰাকী কিশোৰীয়ে চিপ লৈ আত্মহত্যা কৰিছিল পাঁচ এপ্ৰিলৰ বিয়লিৰ ভাগত। কিশোৰীগৰাকীৰ মৰণোত্তৰ পৰীক্ষাৰ বাবে মৃতদেহ লৈ অহা হৈছিল কৰিমগঞ্জ অসামৰিক চিকিৎসালয়ত। কিন্তু নিশা হোৱা বাবে মৰণোত্তৰ পৰীক্ষা কৰিব পৰা নাছিল বাবে কিশোৰীগৰাকীৰ মৃতদেহটো কৰিমগঞ্জ চৰকাৰী চিকিৎসালয়ৰ মৰ্গৰ ভিতৰত ৰাখে। পিছদিনাখন যেতিয়া চিকিৎসালয়ৰ চিকিৎসকে মৰণোত্তৰ পৰীক্ষাৰ বাবে মৰ্গত ভিতৰত গৈ দেখা পায় কিশোৰীগৰাকীৰ গোপন অংগত আঘাতৰ চিহ্ন। বিষয়টো পৰীয়ালৰ লগতে আৰক্ষীক অৱগত কৰায়। আৰক্ষীয়ে প্ৰথম অৱস্থাত মৰ্গৰ চাফাই কৰ্মী অঞ্জু ৰবিদাসক সোধাপোছা চলাই জানিব পাৰে যে অঞ্জু ৰবিদাস নামৰ চাফাই কৰ্মীগৰাকীয়ে মৃত কিশোৰীৰ সৈতে ধৰ্ষণৰ দৰে জঘন্য ঘটনা সংঘটিত কৰে। ঘটনাৰ খবৰ বিয়পি পৰাৰ লগে লগে সৃষ্টি হয় তীব্ৰ চাঞ্চল্যৰ। অবশেষত সদৰ আৰক্ষীয়ে পাষন্ড অঞ্জু ৰবিদাস নামৰ চাফাই কৰ্মীগৰাকীক আটক কৰি সদৰ থানাত লৈ যায় বুলি জানিব পৰা গৈছে। জঘন্য এই ঘটনাৰ ফলত কৰিমগঞ্জ জিলাত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। ইফালে পুনৰ কিশোৰীগৰাকীৰ মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে শিলচৰ মেডিকেল কলেজলৈ প্ৰেৰণ কৰে। এই ঘটনা লৈ আৰক্ষী অধীক্ষক পাৰ্থ প্ৰতিম দাসে এটা তদন্তকাৰী টীম গঠন কৰি দিয়ে। সম্পূৰ্ণ ঘটনা সন্দৰ্ভত তথ্য উদ্ঘাটনৰ বাবে। এই জঘন্য ঘটনা সংঘটিত কৰা অঞ্জু ৰবি দাসৰ বিৰুদ্ধে আৰক্ষীয়ে গোচৰ ৰুজু কৰিছে। কৰিমগঞ্জ সদৰ থানাৰ গোচৰ নং হৈছে ২২৮/২৪ ভাৰতীয় দণ্ডবিধিৰ ২৯৭/৩৭৬ আই পি চি আৰ/ডব্লিউ/এছ চি ৪ অফ পকচো এক্ট।
প্ৰেৰক অসীম দেব