নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গ্রেপ্তাৰৰ পথত অভিযুক্তৰ পত্নী গীতা কুণ্ডু

কন্যাক যৌন নির্যাতনৰ নির্লজ্জ কাণ্ড

নিয়মীয়া বাৰ্তা ৯ ডিচেম্বৰঃ নিজ কন্যাক দীর্ঘদিন যৌন নির্যাতন চলোৱাৰ অভিযোগত গ্রেপ্তাৰ হোৱা কুলাংগাৰ পিতৃ তথা বি আৰ এম আইন মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ আশুতোষ কুণ্ডুৰ কু–কর্মৰ তদন্ত অব্যাহত ৰাখিছে মহানগৰীৰ পাণবজাৰস্থিত সদৌ মহিলা থানাৰ তদন্তকাৰী বিষয়াই৷ উক্ত জঘন্য ঘটনা সংক্রান্তত ভুক্তভোগী যুৱতীগৰাকীৰ মাতৃ তথা লম্পট ড০ আশুতোষ কুণ্ডুৰ পত্নী গীতা কুণ্ডুক আজি পাণবজাৰ মহিলা থানাত দ্বিতীয়বাৰৰ বাবে আৰক্ষীয়ে সোধা–পোছা কৰে৷ উল্লেখ্য যে ৰাজ্য চৰকাৰৰ উচ্চ শিক্ষা বিভাগৰ উপ–সচিব গীতা কুণ্ডুক সোমবাৰেও পাণবজাৰ থানাত নিজ কন্যাই পিতৃৰ বিৰুদ্ধে তোলা শিহৰণকাৰী তথা সভ্য সমাজক লজ্জানত কৰা অভিযোগ সন্দর্ভত আৰক্ষীয়ে সোধা–পোছা কৰিছিল৷ এই লজ্জাজনক ঘটনাৰ তদন্ত তদাৰক কৰা ক্রাইম বাঞ্চৰ অতিৰিক্ত আৰক্ষী আয়ুক্ত ৰ’জী তালুকদাৰে জনোৱা মতে আজি পুনৰ ভুক্তভোগী যুৱতীগৰাকীৰ মাতৃ গীতা কুণ্ডুক পাণবজাৰ মহিলা থানাত তদন্তকাৰী বিষয়াই সোধা–পোছা কৰিছে৷ প্রয়োজনত তেওঁক পুনৰ সোধা–পোছা কৰা হ’ব৷

উল্লেখ্য যে শিক্ষা বিভাগৰ এগৰাকী উচ্চপদস্থ বিষয়া গীতা কুণ্ডুৰ অবর্তমানত তেওঁৰ কন্যাক তেওঁৰে স্বামীয়ে কিদৰে দীর্ঘদিন ধৰি যৌন নির্যাতন আৰু পৰৱর্তী সময়ত শাৰীৰিক আৰু মানসিক নির্যাতন চলাবলৈ সক্ষম হৈছিল আৰু সেই সময়ত মহিলাগৰাকীৰ ভূমিকা কি আছিল তাৰে তথ্য উদ্ঘাটন কৰিবলৈ আৰক্ষীয়ে চেষ্টা অব্যাহত ৰাখিছে৷ আৰক্ষীয়ে ইতিমধ্যে কেতবোৰ শিহৰণকাৰী তথ্য লাভ কৰিছে৷ ঘটনা সংক্রান্তত লম্পট স্বামীৰ কু–কর্মৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্রহণৰ পৰা বিৰত থকাৰ অভিযোগত গীতা কুণ্ডুও গ্রেপ্তাৰ হ’ব পাৰে৷ উল্লেখ্য যে ২০০৪ চনৰ পৰা ২০১১ চনলৈ আশুতোষ কুণ্ডুই সুদীর্ঘ সাত বছৰ ধৰি নিজ কন্যাক যৌন নির্যাতন চলোৱা বুলি অভিযোগ কৰি ভুক্তভোগী যুৱতীগৰাকীয়ে যোৱা ৩০ নৱেম্বৰত পাণবজাৰ মহিলা থানাত এজাহাৰ দাখিল কৰিছিল৷ ইয়াৰ পিছতে পাণবজাৰ মহিলা থানাৰ আৰক্ষীয়ে ক্রাইম ব্রাঞ্চৰ সহযোগত মহানগৰীৰ ৰিহাবাৰীস্থিত বাসগৃহৰ পৰা দেওবাৰে মাজনিশা উচ্চ শিক্ষিত হৈও অসভ্য পিতৃ ড০ আশুতোষ কুণ্ডুক গ্রেপ্তাৰ কৰে৷ ধৃত লম্পট কুণ্ডু বর্তমান গুৱাহাটী কেন্দ্রীয় কাৰাগাৰত বন্দী হৈ আছে৷

You might also like