নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অত্যধিক ড্রাগছ সেৱন কৰোৱাই প্রেমিক-ক হত্যা প্রেমিকাৰ

🔹 মহানগৰীত চাঞ্চল্যকৰ হত্যাকাণ্ড

বিশেষ বাৰ্তা, ৪ মে’ : প্রেমিক-ক পৰিকল্পিত হত্যা নে ৰহস্যজনক মৃত্যু? মহানগৰীৰ নুনমাটিৰ নিজৰাপাৰত এজন যুৱকৰ মৃতদেহ নিজৰ বাসভৱনত ৰহস্যজনকভাৱে উদ্ধাৰ হোৱাৰ পাছতে চর্চালৈ আহে এই প্রশ্ন ৷ মৃত যুৱকজন ছাৰুখ আহমেদ ওৰফে ৰিকি৷ পৰহি নিজৰাপাৰৰ বাসভৱনত নিথৰ দেহ উদ্ধাৰ হোৱাৰ পাছতে পৰিয়ালে যুৱকজনক প্রেমিকা আমিনা বেগম ওৰফে অনুৱে হত্যা কৰা বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰিছে৷

জানিব পৰা মতে, পূর্বে বিবাহিত মৃত ছাৰুখ আহমেদৰ এটা ল’ৰা সন্তানো আছে৷ কিন্তু সন্তানটোৰ তিনি মাহ বয়সতে পত্নীয়ে আন যুৱকৰ সৈতে পলাই যোৱাৰ পাছৰে পৰাই মাতৃ–ভাতৃৰ সৈতে একেলগে নুনমাটিৰ নিজৰাপাৰত বাস কৰি আছিল ছাৰুখ আহেমেদে৷ পৰহি প্রেমিকা আমিনা বেগমৰ উপস্থিতিত যুৱকজনৰ মৃতদেহ উদ্ধাৰ হোৱাত পৰিয়ালে অত্যধিক ড্রাগছ সেৱন কৰোৱাই আমিনা বেগমে যুৱকজনক হত্যা কৰা বুলি বিস্ফোৰক অভিযোগ কৰিছে মাতৃ ডলী বেগমে৷

অৱশ্যে মৃত ছাৰুখ আহমেদৰ প্রেমিকা আমিনা বেগমে এই অভিযোগক নস্যাৎ কৰি কয় যে তেওঁলোকৰ পৰিয়ালৰ মাজতে বহু কাজিয়া৷ সিহঁতে মাৰি মোক ফচাবলৈ বিচাৰিছে৷ আমিনা বেগমে সদৰী কৰা মতে, বিগত তিনি মাহ পূর্বে ফেচবুকযোগে চিনা–পৰিচয় হৈছিল ছাৰুখ আহমেদৰ সৈতে৷ নতুন দিল্লীৰ এটা কল চেণ্টাৰত কর্মৰত আমিনা বেগমৰ সৈতে তেতিয়াৰ পৰাই প্রেমৰ সম্পর্ক গঢ়ি উঠিছিল ছাৰুখ আহমেদৰ৷ আমিনা বেগমে কয় যে পূর্বৰ পত্নীৰ ফালৰ পৰা এটা সন্তান থকাৰ পাছতো নিজৰ সন্তানৰ দৰেই তাক মৰম কৰিছিলোঁ৷ আনুষ্ঠানিকভাৱে স্বীকৃতি নোপোৱাৰ পাছতো ছাৰুখ আহমেদৰ সৈতে বিগত ১৫টা দিন ধৰি একেলগে থকা আমিনা বেগমে পৰহি তেওঁলোক দুয়োৰে আনুষ্ঠানিক বিবাহ সম্পন্ন হোৱাৰ কথা আছিল বুলি জানিবলৈ দিয়ে৷ কিন্তু যোৱা ১ মে’ৰ পৰা কেইবাবাৰো ফোন কৰি সঁহাৰি নোপোৱাত পৰহি ছাৰুখ আহমেদৰ ঘৰলৈ গৈ নিথৰ দেহ প্রত্যক্ষ কৰাৰ অভিযোগ তোলা আমিনা বেগমে প্রেমিকৰ পৰিয়ালে তেওঁক হত্যাকাৰী সজাই নির্মমভাৱে প্রহাৰ কৰে বুলি গুৰুতৰ অভিযোগ কৰে৷

দুয়োপক্ষৰ এনেধৰণৰ অভিযোগ–প্রতি অভিযোগে সম্প্রতি ৰহস্য অধিক ঘনীভূত কৰি তুলিছে৷ ঘটনাটো সংক্রান্তত নুনমাটি আৰক্ষী থানাই এটা গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে৷ এই সন্দর্ভত কেন্দ্রীয় আৰক্ষী জিলাৰ উপ–আৰক্ষী আয়ুক্ত অমিতাভ বসুমতাৰীয়ে কয় যে আৰক্ষীয়ে ঘটনাটোৰ তদন্ত অব্যাহত ৰাখিছে৷ মৰণোত্তৰ পৰীক্ষা কালি জিএমচিএইচত সম্পন্ন কৰা হৈছে৷ পৰীক্ষাৰ প্রতিবেদন আহিলেহে সকলো তথ্য স্পষ্ট হ’ব৷ ছাৰুখ আহমেদৰ প্রেয়সী আমিনা বেগমৰ মতে ছাৰুখ আহমেদে ড্রাগছ সেৱন কৰা নাছিল৷ গেলা মদাহীহে আছিল৷

কিন্তু আৰক্ষী বিষয়া অমিতাভ বসুমতাৰীৰ মতে প্রাথমিক অনুসন্ধানত নিচাজাতীয় সামগ্রী যুৱকজনে সেৱন কৰাৰ তথ্য আৰক্ষীয়ে পাইছে৷ অত্যধিক নিচাজাতীয় দ্রব্য সেৱনৰ বাবেও মৃত্যু হ’ব পাৰে৷ মৰণোত্তৰ পৰীক্ষাৰ প্রতিবেদনতহে সকলো কথা স্পষ্ট হ’ব৷ অৱশ্যে সেয়া ড্রাগছ নে মদ সেই সন্দর্ভত তেওঁ বিশেষ মন্তব্য কৰা নাই৷

You might also like