প্ৰেমিকাৰ অশ্লীল ভিডিঅ’ ভাইৰেল, আত্ম*হত্যা প্ৰেমিকাৰ
নিয়মীয়া বাৰ্তা, ১৫ ফেব্ৰুৱাৰী : ভেলেন্টাইন ডে’ৰ পূৰ্বে এটা অশ্লীল ভিডিঅ’ ভাইৰেল হোৱাৰ পিছতে চৰম সিদ্ধান্ত ল’লে এগৰাকী প্ৰেমিকাই। কাছাৰ জিলাৰ লক্ষীপুৰ সমষ্টিৰ লালাং তৃতীয় ব্লকৰ মৰাগাং গাঁৱত সংঘটিত হয় এই হৃদয়বিদাৰক ঘটনা। মজুমদাৰ উপাধিৰ এগৰাকী ২০ বছৰীয়া যুৱতী প্ৰেমিকাই আত্মহত্যা কৰে। চৌদি আৰৱৰ পৰা প্ৰেমিকে অশ্লীল ভিডিঅ’ ভাইৰেল কৰাৰ বিৰুদ্ধে অভিযোগ উত্থাপন হৈছে। মৰাগাং গাঁৱৰ যুৱতী গৰাকীৰ ঘৰৰ ৰাইজৰ বক্তব্য, এটা অশ্লীল ভিডিঅ’ ভাইৰেল হোৱাৰ পিছত লাজত পৰি যুৱতীয়ে এই চৰম সিদ্ধান্ত গ্ৰহণ কৰিছিল। এই ভিডিঅ’ ভাইৰেল হোৱাৰ কথা তিনিদিন পূৰ্বে গম পাইছিল যুৱতীগৰাকীয়ে। আৰু বুধবাৰে পুৱা ঘৰৰ বাথৰুমত তেওঁৰ ওলমি থকা মৃতদেহ উদ্ধাৰ হয়। পিছত ঘৰত থকা লোকসকলে মৃতদেহটো ওলমি থকা দেখি লক্ষীপুৰ আৰক্ষীক খবৰ দিয়ে। লক্ষীপুৰ আৰক্ষী উপস্থিত হৈ প্ৰাথমিক তদন্ত কৰি মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে শিলচৰ মেডিকেল কলেজ হাস্পতাললৈ লৈ যায়। সিদিনা নিশা মৃত যুৱতীগৰাকীৰ অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন হয়। মৃত যুৱতীগৰাকীৰ মাতৃয়ে নিশাৰ ভাগতেই লক্ষীপুৰ থানাত গোচৰ ৰুজু কৰি প্ৰেমিকজনে ভিডিঅ’ ভাইৰেল কৰাৰ অভিযোগ উত্থাপন কৰে। বৰ্তমান কামৰ বাবে চৌদি আৰৱত আছে অভিযুক্ত যুৱক ছায়িদ আফ্ৰিদি মজুমদাৰ। তাৰ পৰাই সি ৯৬৬৫৪ ৯১৮৬২৪০ নম্বৰৰ ফোন নম্বৰ ব্যৱহাৰ কৰি প্ৰেমিকাৰ ভিডিঅ’ ভাইৰেল হোৱাৰ অভিযোগ উত্থাপন কৰিছে। যুৱকে পৰ্ণগ্ৰাফিক ভিডিঅ’ বনাই ভাইৰেল কৰাৰ পিছত তেওঁলোকৰ কন্যাই আত্মহত্যা কৰিবলৈ বাধ্য হোৱা বুলি অভিযোগ উত্থাপন কৰিছে মৃতকৰ পিতৃয়ে। যুৱকজনৰ লগত ছোৱালীজনীৰ প্ৰেমৰ সম্পৰ্ক থকাৰ কথা পৰিয়ালৰ লোকে গম পোৱা নাছিল। মৃত যুৱতীগৰাকীৰ পিতৃ-মাতৃকে ধৰি স্থানীয় ৰাইজে জিলা আৰক্ষী অধীক্ষকক ছৌদি আৰৱৰ পৰা অভিযুক্ত যুৱকক গ্ৰেপ্তাৰ কৰি আইন অনুসৰি প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰিবলৈ দাবী জনাইছে।
প্ৰেৰক গৌতম তালুকদাৰ