নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভক্তিৰসেৰে মুখৰ বজালীৰ গোবিন্দ ভৱন গীতা সত্ৰ

📌 ভগৱান শ্ৰীকৃষ্ণ হৈছে ভাৰতীয় সভ্যতা সংস্কৃতিৰ আধাৰ স্বৰূপ- ৰণজিৎ কুমাৰ দাস

নিয়মীয়া বাৰ্তা, ২০ জানুৱাৰীঃ ভাগৱত পাঠ ,আয়তিৰ নাম প্ৰসংগ তথা বিভিন্ন ধৰ্মীৰ বৰ্ণাঢ্য কাৰ্যসূচীৰে মুখৰিত হৈ পৰিছে বজালীৰ ঐতিহ্যমণ্ডিত গোবিন্দ ভৱন গীত সত্ৰ৷ তিনিদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হোৱা মহাপুৰুষ কৃষ্ণানন্দদেৱে বজালীৰ ডুমুৰীয়াত প্ৰতিষ্ঠা কৰা বজালী গোবিন্দ ভৱন গীতা সত্ৰৰ ৪৩ সংখ্যক গীতা জয়ন্তী মহোৎসৱৰ অন্যতম আকৰ্ষণ আছিল ব্ৰজাৱলী ভাষাৰ গীত আৰু সুৰেৰে অনুষ্ঠিত কৃষ্ণৰ দধিমথন, কৃষ্ণলীলা আৰু সত্ৰীয়া নৃত্য৷ এই অনুষ্ঠানত ভগৱান শ্ৰীকৃষ্ণৰ শৈশৱ কালত গোকুলৰ গোপীসকলৰ লগত কৰা দধিমথনৰ দৃশ্য এক সুন্দৰ ৰূপত উপস্থাপন কৰি ভক্তপ্ৰাণ ৰাইজক মুগ্ধ কৰি তোলে৷ এই মনোৰোম কাৰ্যসূচীৰ উদ্বোধন কৰি মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে কয় যে ভগৱান শ্ৰীকৃষ্ণ হ’ল ভাৰতীয় সভ্যতা সংস্কৃতিৰ আধাৰ স্বৰূপ, যাৰ অবিহনে সত্ৰ সংস্কৃতিৰ কথা কল্পনা কৰিব নোৱাৰি৷ আনহাতে মুকলি ধৰ্মসভাত বিশিষ্ট ব্যক্তি মুনীন্দ্ৰ নাৰায়ণ গোস্বামী, বিভিন্ন সত্ৰৰ সত্ৰাধিকাৰসকল আৰু বৰপেটা সত্ৰৰ বুঢ়া সত্ৰীয়া ড° বাবুল চন্দ্ৰ দাসে উপস্থিত থাকি ভক্তি ৰসেৰে পৰিপূৰ্ণ ভাৰতীয় দৰ্শন, ভাগৱত আৰু আধ্যাত্মিকতাবাদৰ বিষয়ে মনগ্ৰাহী ভাষণ আগবঢ়ায়৷ বজালীৰ বিভিন্ন গাওঁ ভূইৰ পৰা শিৰত ভাগৱত লৈ সত্ৰলৈ শোভাযাত্ৰা কৰি অহা ভক্তপ্ৰাণ ৰাইজক খোল তাল আদিৰে আদৰণি জনোৱা দৃশ্য আছিল অন্যতম আকৰ্ষণ৷ আজি প্রাতঃ প্রসঙ্গৰ পিছতে ৮ বজাৰ পৰা নিশা ৮ বজালৈ অখণ্ড নাম কীর্ত্তন আৰু সত্ৰাধিকাৰ প্ৰভুৰ আশীষ বচনেৰে মহোৎসৱৰ সামৰণি পৰিব৷

প্ৰেৰক কল্যাণ কলিতা

You might also like