নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গ্ল’বেল এডু লাইটৰ পলাতক স্বত্বাধিকাৰী ভার্গৱ ডেকাৰ আত্মসমর্পণ

জেইই কেলেংকাৰি

নিয়মীয়া বাৰ্তা ২ নৱেম্বৰঃ অভিযান্ত্রিক পাঠ্যক্রমৰ বাবে অনুষ্ঠিত সর্বভাৰতীয় যুটীয়া প্রৱেশ পৰীক্ষা (জে ই ই) কেলেংকাৰিৰ অন্যতম অভিযুক্ত ভার্গৱ ডেকাক অৱশেষত দেওবাৰে আৰক্ষীয়ে গ্রেপ্তাৰ কৰে৷ বৰঝাৰস্থিত গোপীনাথ বৰদলৈ আন্তর্জাতিক বিমানবন্দৰৰ পৰা আজাৰা আৰক্ষীয়ে ভার্গৱ ডেকাক গ্রেপ্তাৰ কৰে৷ বেংককৰ পৰা বিমানেৰে দিল্লী হৈ গুৱাহাটলৈ আহি থকাৰ খবৰ লাভ কৰাৰ পাছতে আজাৰা থানাৰ আৰক্ষীৰ দল এটা বিমানবন্দৰত ৰৈ আছিল৷ সন্ধিয়া স্পাইচ জেটৰ এখন বিমানেৰে বৰঝাৰস্থিত বিমানবন্দৰত আহি উপস্থিত হোৱাৰ পাছতে আৰক্ষীয়ে জে ই ই কেলেংকাৰিৰ অন্যতম অভিযুক্তজনক গ্রেপ্তাৰ কৰে৷

উল্লেখ্য যে ধৃত ভার্গৱ ডেকা হ’ল মহানগৰীৰ গীতানগৰৰ বাসিন্দা তথা আমবাৰীস্থিত গ্ল’বেল এডু লাইট নামৰ ক’চিং চেণ্টাৰটোৰ স্বত্বাধিকাৰী৷ এই এডু লাইটতে অভিযান্ত্রিক পাঠ্যক্রমত ক’চিং লৈছিল জে ই ই পৰীক্ষা কেলেংকাৰিৰ গোচৰত আজাৰা আৰক্ষীৰ হাতত গ্রেপ্তাৰ হোৱা চিকিৎসক জ্যোতির্ময় দাসৰ পুত্র নীল নক্ষত্র দাসে৷ ডাঃ জ্যোতির্ময় দাসে ধনৰ বিনিময়ত পুত্রৰ হৈ ভাৰাতীয়া পৰীক্ষার্থী বহুৱাইছিল জে ই ইৰ অভিযান্ত্রিক পৰীক্ষাত৷ এই পৰীক্ষা অনুষ্ঠিত হৈছিল বৰঝাৰস্থিত ই–কম টাৱাৰত থকা টাটা কনছালটেঞ্চী ছার্ভিচেছ লিমিটেডৰ (টি চি এছ) আই অ’ন ডিজিটেল জ’নত৷ ইয়াৰ পৰাই নীল নক্ষত্র দাসে জে ই ইত ৰাজ্যৰ ভিতৰতে সর্বোচ্চ ৯৯.৮ শতাংশ নম্বৰ লৈ উত্তীর্ণ হৈছিল৷ কিন্তু পৰৱর্তী সময়ত নীল নক্ষত্রই জে ই ইৰ অনলাইন পৰীক্ষা নিদিয়াকৈ পৰীক্ষাত উত্তীর্ণ হোৱা আৰু পিতৃ ডাঃ জ্যোতির্ময় দাসে ২০ লাখ টকাৰ বিনিময়ত তেওঁৰ হৈ ভাৰাতীয়া পৰীক্ষার্থীয়ে পৰীক্ষা দিয়াৰ কথা এজন বন্ধুক ম’বাইল ফোনত কৈছিল৷ জালিয়াতিৰে জে ই ইৰ অনলাইন পৰীক্ষাত উত্তীর্ণ হোৱাৰ অডি’ ক্লিপটো ভাইৰেল হৈ পৰাৰ পাছতে মহানগৰীৰ ডাউন টাউনৰ সমীপৱর্তী মথুৰা নগৰৰ বাসিন্দা তথা সচেতন নাগৰিক মিত্রদেৱ শর্মাই আজাৰা থানাত এজাহাৰ দাখিল কৰে৷ এই এজাহাৰ ভিত্তিত আৰক্ষীয়ে ৪২৬/২০ নম্বৰৰ এটা গোচৰ ৰুজু কৰি জে ই ই কেলেংকাৰিত জড়িত মূল অভিযুক্ত ডাঃ জ্যোতির্ময় দাস, পুত্র নীল নক্ষত্র দাসৰ লগতে আই অ’ন ডিজিটেল জ’নত পৰীক্ষা নিয়ন্ত্রকৰ দায়িত্বত থকা টি চি এছ কর্মচাৰী হেমেন্দ্র নাথ শর্মা, প্রাঞ্জল কলিতা আৰু হিৰুকমল পাঠকক গ্রেপ্তাৰ কৰে৷ এই পাঁচজন অভিযুক্তক গ্রেপ্তাৰ কৰি আৰক্ষীয়ে চলোৱা মাৰাথন জেৰাত উক্ত কেলেংকাৰিত গ্ল’বেল এডু লাইটৰ স্বত্বাধিকাৰী তথা দালাল ভার্গৱ ডেকাসহ উক্ত প্রতিষ্ঠানটোৰ কেইবাজনো কর্মচাৰী জড়িত থকাৰ তথ্য লাভ কৰে৷ জে ই ই কেলেংকাৰিত নাম সাঙোৰ খাই পৰাৰ পাছতে ভার্গৱ ডেকা কোনো অজ্ঞাত স্থানত আত্মগোপন কৰি থাকে৷ ডেকাৰ ক’চিং চেণ্টাৰৰ মেনেজাৰ ৰুবুল মেধি আৰু গাড়ীচালক ৰণ্টু দাসো গুৱাহাটীৰ পৰা পলায়ন কৰাৰ তথ্য আজাৰা আৰক্ষীয়ে লাভ কৰে৷ ইয়াৰ মাজতে পলাতক ভার্গৱ ডেকাক আজি বৰঝাৰ বিমানবন্দৰত গ্রেপ্তাৰ কৰে৷ এইজন ভার্গৱ ডেকাৰ নেতৃত্বত এটা চক্রই লাখ লাখ টকাৰ বিনিময়ত বহু অভিজাত পৰিয়ালৰ সন্তানক জালিয়াতিৰে নামী শৈক্ষিক প্রতিষ্ঠানত নামভর্তি কৰি অহাৰ অভিযোগ উত্থাপন হৈছিল৷

বিশেষকৈ মেডিকেল, অভিযান্ত্রিক শাখাত বহু সম্ভ্রান্ত পৰিয়ালৰ সন্তানক ধনৰ বিনিময়ত এই চক্রটোৱে বক্র পথেৰে বিভিন্ন প্রতিষ্ঠিত শৈক্ষিক প্রতিষ্ঠানত নামভর্তি কৰাৰ বিস্ফোৰক তথ্য আৰক্ষীয়ে লাভ কৰিছে৷ ভার্গৱ ডেকাক গ্রেপ্তাৰ কৰাৰ পাছত এই সংক্রান্তীয় বহু ন ন তথ্য তদন্তকাৰী আৰক্ষীয়ে লাভ কৰিবলৈ সক্ষম হ’ব বুলি আশা কৰিছে৷ ইফালে এই কেলেংকাৰিৰ গোচৰত আজাৰা আৰক্ষীয়ে গ্রেপ্তাৰ কৰা গ্ল’বেল এডু লাইটৰ কাউন্সিলৰ কাকলি বুজৰবৰুৱাক লগত লৈ আজি মহিলাগৰাকীৰ মহানগৰীৰ ৰূপনগৰস্থিত বাসগৃহত আৰক্ষীৰ এটা দলে অভিযান চলায়৷ এই অভিযানৰ সময়ত আৰক্ষীয়ে অভিযুক্ত মহিলাগৰাকীৰ বাসগৃহৰ পৰা কেতবোৰ নথিপত্র জব্দ কৰা বুলি জানিব পৰা গৈছে৷ ইফালে আজাৰা আৰক্ষীৰ এটা দলে গ্ল’বেল এডু লাইটৰ মেনেজাৰ ৰুবুল মেধি আৰু ভার্গৱ ডেকাৰ গাড়ীচালক ৰণ্টু দাসৰ সন্ধানত নলবাৰীত আজি সন্ধিয়া অভিযান চলোৱা বুলি জানিব পৰা গৈছে৷

You might also like