গুৰুতৰভাৱে অসুস্থ বৰপেটা সত্রৰ বুঢ়াসত্রীয়া বশিষ্ঠ দেৱশর্মাৰ স্বাস্থ্যৰ বুজ ল’লে মুখ্যমন্ত্রী ড০ শর্মাই
নিয়মীয়া বাৰ্তা, ২১ অক্টোবৰ: গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত (জিএমচিএইচ) চিকিৎসাধীন হৈ থকা বৰপেটাৰ সত্রৰ বুঢ়াসত্রীয়া তথা শ্রীমন্ত শংকৰদেৱ বঁটাপ্রাপক বশিষ্ঠ দেৱশর্মাৰ স্বাস্থ্যৰ বুজ লয় মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই৷ উল্লেখ্য যে যোৱা ১০ অক্টোবৰত বার্ধক্যজনিত কাৰণত হঠাৎ অসুস্থ হৈ পৰা বশিষ্ঠ দেৱশর্মাক বৰপেটা চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভর্তি কৰোৱা হৈছিল৷ পাছত উন্নত চিকিৎসাৰ বাবে তেওঁক জিএমচিএইচত ভর্তি কৰোৱা হয়৷ দীর্ঘদিন ধৰি বার্ধক্যজনিত ৰোগত আক্রান্ত হৈ থকা বুঢ়াসত্রীয়াগৰাকীৰ শৰীৰত বিভিন্ন ৰোগৰ উপসর্গই দেখা দিয়াত তেওঁৰ স্বাস্থ্যৰ অৱস্থা অধিক জটিল হৈ পৰিছিল৷
জিএমচিএইচত উপস্থিত হৈ মুখ্যমন্ত্রীয়ে তেওঁৰ স্বাস্থ্যৰ বুজ লোৱাৰ পাছত সংবাদ মাধ্যমৰ আগত কয় যে বুঢ়াসত্রীয়া বশিষ্ঠ দেৱশর্মাৰ স্বাস্থ্য সম্প্রতি জটিল হৈ আছে যদিও জিএমচিএইচৰ চিকিৎসকে যথাসম্ভৱ সকলো উন্নত চিকিৎসা আগবঢ়াই আছে৷ এই সময়ছোৱাত স্বাস্থ্যমন্ত্রী কেশৱ মহন্তই চিকিৎসালয়খনলৈ আহি নিয়মিতভাৱে তেওঁৰ স্বাস্থ্যৰ বুজ লোৱাৰ উপৰি পৰিয়ালৰ সৈতেও যোগাযোগত আছে৷ মুখ্যমন্ত্রীয়ে সত্রীয়া–সংস্কৃতিৰ সাধকগৰাকীৰ আশু আৰোগ্য কামনা কৰে৷ বশিষ্ঠ দেৱশর্মাৰ স্বাস্থ্যৰ বুজ লোৱাৰ সময়ত আজি মুখ্যমন্ত্রীৰ সৈতে শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগু আৰু সাংসদ তথা মুখ্যমন্ত্রীৰ ৰাজনৈতিক সচিব পৱিত্র মার্ঘেৰিটাও উপস্থিত থাকে৷
উল্লেখ্য যে চাৰি দিন পূর্বে স্বাস্থ্যৰ অৱস্থা অধিক জটিল হৈ পৰাত বুঢ়াসত্রীয়াগৰাকীক শেহতীয়াকৈ ভেণ্টিলেটৰত ৰখা হৈছে৷ কালি পুৱাৰ ভাগৰ পৰাই হঠাৎ তেওঁৰ স্বাস্থ্য অধিক জটিল হোৱাত জিএমচিএইচৰ চিকিৎসকৰ এটা দলে পুৱাৰে পৰা তেওঁক স্বাস্থ্য পৰীক্ষা অব্যাহত ৰাখিছে৷