গুৰুতৰভাৱে অসুস্থ সুদক্ষিণা শর্মা-নীলপৱন বৰুৱা
নিয়মীয়া বাৰ্তা, ১২ অক্টোবৰঃ বার্ধক্যজনিত অসুস্থতাত ভুগি চিকিৎসাধীন হৈ থকা বিশিষ্ট চিত্রশিল্পী নীলপৱন বৰুৱা আৰু কণ্ঠশিল্পী সুদক্ষিণা শর্মাৰ স্বাস্থ্যৰ বুজ লয় কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱালে৷ গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত চিকিৎসাধীন হৈ থকা শিল্পী দুগৰাকী বর্তমানে পূর্বতকৈ সুস্থ যদিও অন্যান্য শাৰীৰিক অসুস্থতা হেতুকে দীঘলীয়া চিকিৎসাৰ প্রয়োজন আছে৷ আজি দুয়োগৰাকী শিল্পীকে সাক্ষাৎ কৰি কেন্দ্রীয় মন্ত্রী সোণোৱালে তেওঁলোকৰ সৈতে কিছুসময় বার্তালাপো কৰে৷ এই সন্দর্ভত সোণোৱালে সংবাদ মাধ্যমক কয়– দুয়োগৰাকী শিল্পী বর্তমান সক্রিয় হৈ আছে আৰু সোনকালে তেওঁলোকে স্বাভাৱিক জীৱন অতিবাহিত কৰিব পাৰিব৷ চিকিৎসকসকলে অনবৰতে তেওঁলোকৰ স্বাস্থ্যৰ বিভিন্ন দিশৰ খবৰ লৈ আছে৷ আজি মই বার্তালাপ কৰা সময়ত দুয়োগৰাকী যথেষ্ট সতেজ হৈ থকা প্রত্যক্ষ কৰিলোঁ৷
উল্লেখ্য যে আহাৰ গ্রহণত যোৱা সময়ছোৱাত যথেষ্ট সমস্যাৰ সন্মুখীন হোৱা নীলপৱন বৰুৱাক শেহতীয়াকৈ জিএমচিএচিত ভর্তি কৰোৱাৰ পাছত চিকিৎসকৰ এটা দলে নিয়মিত স্বাস্থ্য পৰীক্ষা চলাই আছে৷ একেদৰে ইউৰিনৰ সমস্যাৰ বাবেই আন আনুষংগিক অসুস্থতাই দেখা দিয়া শিল্পী সুদক্ষিণা শর্মাৰো চিকিৎসা চলাই আছে আন এটা চিকিৎসকৰ দলে৷ এই সন্দর্ভত জিএমচিএইচৰ অধীক্ষক ডাঃ অভিজিৎ শর্মাই প্রকাশ কৰা মতে, দুয়োগৰাকী শিল্পী বর্তমান ভালেই আছে৷ নীলপৱন বৰুৱাক আইচিইউৰ পৰা কেবিনলৈ অনাৰ কথা আছিল যদিও চিকিৎসকে সম্পূর্ণ সুস্থ হোৱাৰ পাছতহে তেওঁক স্থানান্তৰিত কৰাৰ পৰামর্শ দিছে৷ যোৱা সময়ছোৱাত জ্বৰত ভুগি থকা শিল্পীগৰাকী বর্তমান সুস্থিৰ৷ উশাহ–নিশাও স্বাভাৱিক ধৰণেই লৈ আছে৷ অৱশ্যে সুদক্ষিণা শর্মাৰ সুস্থতাৰ প্রতি লক্ষ্য ৰাখি আইচিইউৰ পৰা কেবিনলৈ অনাৰ সিদ্ধান্ত লৈছে চিকিৎসকে৷ অচিৰেই দুয়োগৰাকী শিল্পী সুস্থ হৈ ঘৰলৈ উভতিব পাৰিব বুলিও ডাঃ শর্মাই আশা প্রকাশ কৰে৷