জিএমডিএৰ পদক্ষেপত উদ্বিগ্ন প্রাক্তন ছাত্রঃ শৈক্ষিক পৰিৱেশ বিঘ্নিত নকৰাৰ সকীয়নি
নিয়মীয়া বাৰ্তা ৯ জুনঃ মহানগৰীৰ গোপাল বড়ো চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয় চৌহদত জি এম ডি এই পার্কিং স্থান নির্মাণৰ বাবে চলোৱা প্রস্তুতিক কেন্দ্র কৰি ব্যাপক প্রতিক্রিয়াৰ সৃষ্টি হৈছে৷ বিদ্যালয়খনৰ ২ বিঘা মাটিত বহুমহলীয়া পার্কিং স্থাপনৰ বাবে জি এম ডি এই জিলা উপায়ুক্তলৈ পত্র প্রেৰণ কৰাৰ খবৰ সংবাদ মাধ্যমত প্রকাশ পোৱাৰ পাছতে বহু প্রাক্তন ছাত্র আজি বিদ্যালয়খনত সমৱেত হয়৷ গোপাল বড়ো চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ এলুমনিসকলে জি এম ডি এৰ এই হঠকাৰী পদক্ষেপত উদ্বিগ্ণতা প্রকাশ কৰাৰ লগতে বিদ্যালয় চৌহদত শৈক্ষিক বাতাৱৰণ বিঘ্নিত কৰিব পৰা যিকোনো কামৰ পৰা বিৰত থাকিবলৈ চৰকাৰক সকীয়াই দিয়ে৷ একে সময়তে দিছপুৰ আঞ্চলিক ছাত্র সন্থাৰ এটা সঁজাতী দলেও জি এম ডি এৰ কার্যালয়লৈ গৈ সংস্থাটোৰ কর্তৃপক্ষক জবাবদিহি কৰে৷ আছু নেতৃত্বৰ প্রশ্নৰ উত্তৰত জি এম ডি এ কর্তৃপক্ষই সদৰী কৰে যে তেওঁলোকে পার্কিং স্থাপন কৰিব পৰাকৈ ৰাজধানীৰ ওচৰত থকা খালী ঠাই সম্পর্কে জিলা উপায়ুক্তক অৱগত কৰাটো সঁচা৷ কিন্তু পৰৱর্তী সিদ্ধান্ত উপায়ুক্তইহে ল’ব৷ জি এম ডি এ কর্তৃপক্ষৰ এই পালমৰা উত্তৰত আছুৰ প্রতিনিধি দলটো জাঙুৰ খাই উঠে৷ তেওঁলোকে পুনৰ প্রশ্ন কৰে যে এখন বিদ্যালয়ৰ চৌহদৰ ভিতৰত থকা এডোখৰ মাটি কি যুক্তিত জি এম ডি এই বহুমহলীয়া পার্কিঙৰ বাবে উপযুক্ত বুলি বিবেচনা কৰিলে? এই প্রশ্ন উত্তৰত নিশ্চুপ হৈ ৰয় জি এম ডি এৰ বিষয়া৷ দিছপুৰ আঞ্চলিক ছাত্র সন্থাৰ সভাপতি আৰফাৎ আলী আৰু সাধাৰণ সম্পাদক জ্যোতির্ময় তালুকদাৰে চৰকাৰ তথা জি এম ডি এক কঠোৰ সকীয়নি দি কয় যে ৰাজ্যৰ এখন ঐতিহ্যমণ্ডিত বিদ্যালয় গোপাল বড়ো চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শৈক্ষিক পৰিৱেশ বিঘ্নিত কৰিব পৰা কার্যকলাপ কোনো কাৰণতে মানি লোৱা নহ’ব৷ ৰাইজৰ দান–বৰঙণি আৰু ৰাইজে শিক্ষানুষ্ঠান স্থাপনৰ বাবে আগবঢ়োৱা ভূমিত কোনো পৰিস্থিতিতে পার্কিং স্থান নির্মাণ কৰিবলৈ দিয়া নহ’ব৷ এনে ছাত্র–ছাত্রীবিৰোধী কার্যকলাপৰ পৰা চৰকাৰ আঁতৰি থাকক, অন্যথা যিকোনো পৰিস্থিতিৰ মুখামুখি হ’বলৈ সাজু হওক৷ ইফালে, গোপাল বড়ো চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ নবীন গগৈয়ে প্রতিক্রিয়া প্রকাশ কৰি কয় যে বিদ্যালয় চৌহদত পার্কিং স্থান নির্মাণ কৰাটো গ্রহণযোগ্য নহয়৷ তাতেই স্মার্ট চিটী প্রকল্পৰ অধীনত এই বিদ্যালয়খনক স্মার্ট বিদ্যালয় হিচাপে গঢ়ি তুলিবলৈ কেন্দ্রীয় মানৱ সম্পদ মন্ত্রালয়ে যোৱা বছৰতে সমীক্ষা চলাই গৈছে৷ এই প্রকল্পৰ অন্তর্ভুক্ত হোৱা মহানগৰীৰ চাৰিখন বিদ্যালয়ৰ ভিতৰত গোপাল বড়ো চৰকাৰী বিদ্যালয়খনো অন্যতম৷ গতিকে বিদ্যালয় চৌহদত থকা ভূমিক পার্কিং স্থান নির্মাণৰ সলনি উন্নয়নমূলক কাম–কাজ কৰিবলৈহে অধ্যক্ষগৰাকীয়ে আহ্বান জনায়৷ বিদ্যালয়খনৰ বহু প্রাক্তন ছাত্রই জি এম ডি এৰ এই সিদ্ধান্তৰ বিৰুদ্ধে প্রতিবাদী কার্যসূচী গ্রহণ কৰিব বুলিও জানিবলৈ দিছে৷