নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গোৱালপাৰাৰ এডিচি জয়ন্ত দাসৰ ৰহস্যজনক আত্মহত্যা

চৰকাৰী বাসভৱনত উদ্ধাৰ চিপ লোৱা মৃতদেহ

নিয়মীয়া বাৰ্তা ২৬ ছেপ্টেম্বৰঃ  গোৱালপাৰা জিলা উপায়ুক্ত কার্যালয়ৰ এগৰাকী অতিৰিক্ত উপায়ুক্তৰ ৰহস্যজনক আত্মহত্যাই তীব্র চাঞ্চল্য সৃষ্টি কৰিছে সমগ্র জিলাখনতে৷ প্রাপ্ত তথ্য মতে, বিগত প্রায় দুমাহ পূর্বে গোৱালপাৰা জিলা উপায়ুক্তৰ কার্যালয়ত অতিৰিক্ত উপায়ুক্ত হিচাপে যোগদান কৰা জয়ন্ত দাসৰ (৪৭) মৃতদেহ শুকুৰবাৰে পুৱা চৰকাৰী আৱাসত উদ্ধাৰ কৰা হয়৷ জিলা উপায়ুক্ত কার্যালয়ৰ গাতে লাগি থকা চৰকাৰী আৱাসত পত্নীৰ সৈতে বসবাস কৰিছিল অতিৰিক্ত উপায়ুক্তগৰাকীয়ে৷ হঠাৎ আজি পুৱা ভেণ্টিলেচনত গামোচাৰে চিপ লৈ থকা অৱস্থাত স্বামীৰ মৃতদেহ প্রত্যক্ষ কৰি পত্নীয়ে চিঞৰ–বাখৰ লগায়৷ পাছত আৱাসৰ আশে–পাশে থকা আৱাসী তথা ৰাইজৰ উপস্থিতিত আৰক্ষীক খবৰ দিয়া হয়৷ পাছত ঘটনাস্থলীত জিলাৰ শীর্ষ আৰক্ষী বিষয়াসকলৰ উপস্থিতিৰ লগতে জিলা উপায়ুক্ত বর্ণালী ডেকা উপস্থিত হয়৷ আৰক্ষীয়ে সমগ্র বিষয়টো পর্যবেক্ষণ কৰাৰ লগতে দণ্ডাধীশৰ উপস্থিতিত মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে গোৱালপাৰা অসামৰিক চিকিৎসালয়লৈ প্রেৰণ কৰে৷ পাছত পৰিয়ালৰ লোক গোৱালপাৰাত উপস্থিত হৈ মৃতদেহটো চমজি লৈ গুৱাহাটীৰ বিৰুবাৰীৰ নিজ গৃহলৈ লৈ যায়৷ অৱশ্যে মৃতদেহ ঘৰলৈ নিয়াৰ পূর্বে জিলা উপায়ুক্তৰ কার্যালয়লৈ নি জিলা উপায়ুক্তৰ লগতে বিভিন্ন বিষয়া–কর্মচাৰীয়ে শ্রদ্ধাঞ্জলি জ্ঞাপন কৰে৷ মৃত্যুৰ সময়ত বিষয়াগৰাকীয়ে পত্নীসহ এটি পুত্র সন্তান এৰি থৈ যায়৷ বিষয়াগৰাকীৰ মৃত্যুত শোকৰ ছাঁ পৰে জিলা উপায়ুক্তৰ কার্যালয়ৰ বিষয়া–কর্মচাৰীসক মাজত৷ ইপিনে জিলা প্রশাসনৰ এগৰাকী শীর্ষ পর্যায়ৰ বিষয়াৰ ৰহস্যজনক আত্মহত্যাই তীব্র জোকাৰণিৰ সৃষ্টি কৰিছে জিলাখনত৷ আৰক্ষী সূত্রে জানিব পৰা মতে, দীর্ঘদিনৰ পৰা ৰাজহাড়ৰ প্রচণ্ড বিষত যথেষ্ট অস্থিৰতাত আছিল বিষয়াগৰাকী৷ লগতে কেইবাদিন ধৰি চিকিৎসকৰ পৰামর্শত নিয়মিত চিকিৎসা কৰি আহিছিল৷ শাৰীৰিক অসুস্থতাৰ বাবে তীব্র মানসিক চাপত থকাৰ সন্দেহ কৰিছে আৰক্ষীয়ে৷ ইতিমধ্যে গোৱালপাৰা আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে৷

You might also like