নিয়মীয়া বাৰ্তা, ৬ জানুৱাৰী : সন্তানে ধুৱালে মাতৃৰ দুভৰি, সেমেকি উঠিল কেইবাগৰাকীকৈ মাতৃৰ দুচকু। মাতৃ পূজনক লৈ গোৱালপাৰাৰ শিমলীতোলা বৰবৰী শংকৰদেৱ শিশু নিকেতনত আজি এক বিশেষ মাংগলিক আয়োজন কৰা হয়। এক আৱেগিক পৰিৱেশ। চলচলীয়া সকলোৰে দুচকু। হুকহুকাই কান্দি উঠে কেইবাগৰাকীকৈ মাতৃ। নিজ সন্তানে যেতিয়া মাতৃৰ পৰিচৰ্যা কৰে তেতিয়াই গৰ্বিত হৈ পৰে প্ৰতিগৰাকী মাতৃৰ হৃদয়। সন্তানে চৰণযুগল ধুই দিয়াৰ অনুভৱ ব্যক্ত কৰিব গৈ হুকহুকাই কান্দি উঠে কেইবাগৰাকীকৈ মাতৃ। মনত এক অবুজ ভাৱনাৰ সৃষ্টি হয় স্বতঃস্ফূৰ্তভাবে। আজি পুৱাই বৰবৰী শংকৰদেৱ শিশু নিকেতনত “মাতৃ পূজন”ত সৃষ্টি হয় এক আৱেগিক পৰিবেশ। ভাষাৰে বৰ্ণনা কৰিব নোৱাৰা অনুভৱ। যিসময়ত একাংশই বৃদ্ধাৱস্থাত পিতৃ-মাতৃক বৃদ্ধাশ্ৰমলৈ নিক্ষেপ কৰে, তেনে সময়তে শংকৰদেৱ শিশু নিকেতনৰ এনে ব্যতিক্ৰমী পন্থা নিঃসন্দেহে শলাগিবলগীয়া। নিকেতনৰ বিদ্যাৰ্থীসকলে হাতত ধূপ-চাকি লৈ প্ৰথমে মাতৃ প্ৰণাম আৰু পাছলৈ গিলাচত পানী লৈ ধুৱাই দিলে দুভৰি। মূৰত হাত থৈ সন্তানক আশীৰ্বাদ দিয়ে জন্মদাত্ৰীয়ে। পৰৱৰ্তী সময়ত পুলকিত হৈ আৱেগবিহ্বল হৈ পৰে প্ৰতিগৰাকী মাতৃ আৰু সেমেকি উঠে দুচকু। আনকি নিকেতনৰ শিক্ষাৰ্থীসকলে সংকল্পও লয় পাছলৈ- “মা তুমি চিৰ পূজ্যা, চিৰ আৰাধ্যা, তোমাৰ পদজল শিৰত লৈ যাতে হয় জীৱন ধন্য, কৃপা কৰা হে প্ৰভু”। স্খলিত নৈতিকতা আৰু অৱক্ষয়ৰ বিপৰীতে ভাৰতীয় সংস্কৃতি বৰ্তাই ৰখাৰ এনে বিৰল চানেকিয়ে শংকৰদেৱ শিশু নিকেতনক দিছে এক অনন্য মাত্ৰা।
প্ৰেৰক সঞ্জীৱ কুমাৰ দাস