বাৰ্তা ব্যুৰো, ২৬ ছেপ্টেম্বৰঃ গোৱালপাৰাৰ আগিয়াৰ ১৭নং ৰাষ্ট্ৰীয় ঘাইপথৰ নিলগত থকা ঐতিহাসিক উৰপদ বিল এতিয়া পৰিনত হৈছে গোলাপী স্বৰ্গলৈ। ঐতিহাসিক উৰপদ বিলক শীঘ্ৰে সংৰক্ষণ কৰাৰ কথা সামাজিক মাধ্যমত ঘোষণা কৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্বশৰ্মা। মুখ্যমন্ত্ৰীৰ এই ঘোষনাত উৎফুল্লিত হৈছে গোৱালপাৰাবাসী। বছৰ বছৰ পৰ্ষটন বিভাগৰ চকুত নপৰা তথা অৱহেলিত ঐতিহাসিক উৰপদ বিলৰ একাংশ ভুমি বেদখলকাৰীৰ কবলত পৰিছে যদিও আজিলৈ সংৰক্ষণৰ কোনো ব্যৱস্থা গ্ৰহন কৰা পৰিলক্ষিত নহল। পদুম আৰু ভেট ফুলৰ অপৰূপ চানেকিয়ে হাত বাউলি মাতিছে পৰ্যটক৷ প্ৰকৃতিৰ এই বিনন্দীয়া ৰূপত মুগ্ধ হৈছে প্ৰতিদিনে দুৰনিৰ পৰা অহা পৰ্ষটক সকল। উৰপদ বিলত থকা সৰু সৰু টুলুঙা নাৱঁত উঠি প্ৰাকৃতিক পৰিৱেশ উপভোগ কৰি আপ্লুত হৈছে প্ৰতিগৰাকী পৰ্যটকে । পৰিভ্ৰমী চৰাইৰ স্বৰ্গ বিশাল উৰপদ বিলখন গোৱালপাৰাৰ একপ্ৰকাৰ জীৱন ৰেখা। গোৱালপাৰাৰ দক্ষিণ-পশ্চিম কোণত প্রাকৃতিকভাৱে সৃষ্টি হোৱা বিলখন বিভিন্ন স্থানীয় প্ৰজাতিৰ মাছৰ ৰম্যভূমি। মাছেৰে জীৱিকা নিৰ্বাহ কৰি অহা বিলৰ কাষৰীয়া বাসিন্দাসকলেই হ’ল বিলখনৰ ৰখীয়া। ভেঁট, পদুম আৰু মেটেকাৰে পৰিপূৰ্ণ এই বিলখন অসমৰ ভিতৰতে বৃহৎ হিচাপে চিহ্নিত হৈছে। শৰৎকালত বিলখনে পৰ্যটনৰ বাবে অপূৰ্ব মোহনীয়া ৰূপ ধাৰণ কৰে। বাৰিষাকালত পানীসহ এই বিলৰ আয়তন ৬২০ হেক্টৰ। খৰালি পানীসহ আয়তন প্রায় ৫১৫ হেক্টৰ। প্ৰায় ৬৫ হেক্টৰ মাটি বেদখলকাৰীৰ কবলত। বিলখনৰ পূবে জিনাৰী নৈ বৈ গৈছে। এই নদীৰ পাৰে পাৰে চিমলাকান্দি আৰু খাগৰাবাৰী নামৰ গাঁও দুখন অৱস্থিত। পশ্চিম দিশত পাহাৰকাটা পাহাৰ আৰু আগিয়া-গোৱালপাৰা পথ। এই দিশত দুখন গাঁও গাৰোপাৰা আৰু উলুপাৰা। দক্ষিণ দিশত ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথ। গোৱালপাৰা চহৰৰ পৰা প্ৰায় দহ কিলোমিটাৰ উত্তৰত। যিকোনো দিশেৰে বিলখনত প্ৰৱেশ কৰিব পাৰি। বিলখনত থকা জলজ উদ্ভিদ, দাঁতিকাষৰীয়া অঞ্চলৰ একাংশত থকা শিমলুকে ধৰি ডাঙৰ উদ্ভিদ আৰু তাত থকা পক্ষীৰ নীড়— বিশেষকৈ বৰটোকোলা, হাড়গিলা, মাছমৰীয়াসকলৰ নাৱৰ বিচৰণ আৰু মাছধৰা কৌশল, টিলাত থকা গৰু-ম’হৰ খুটি আৰু পাম বিভিন্নধৰণৰ দেশী-বিদেশী পক্ষীৰ বিচৰণে প্ৰকৃতিপ্ৰেমী যিকোনো মানুহৰ মন-প্ৰাণ পুলকিত কৰি তুলিব পাৰে । পূৰ্বৰ ডাঙৰ ভূমিকম্পৰ সময়ত বিলখনৰ উৎপত্তি হোৱা বুলি ঠাৱৰ কৰা হৈছে। খৰালি দিনত অত্যন্ত গভীৰতা থকা অঞ্চলত ১৫ৰ পৰা ২০ ফুটপৰ্যন্ত পানী থাকে। আনহাতে বিলখন জিঞ্জিৰাম নদীৰ লগত সংলগ্ন হৈ থকাৰ প্ৰতি লক্ষ্য কৰিলে ইয়াক জিঞ্জিৰামৰ এৰাসুঁতি যেন লাগে। বিলখনত জলজ উদ্ভিদসমূহৰ ভিতৰত উদ্ভিদ প্লাৱক, শেলাই, এজলা, পুনি, হাইড্রিলা, ভেলিচনেৰিয়া, পদুম, ভেঁট, কেঁহেৰু, শিঙৰী, চেঁচুবন, দলখাহ, ওৰালি খাঁহ, পানীখুতুৰা, পানীটেঙেচি, পানীকচু, মেটেকা আদিয়ে প্ৰধান। টিলা আৰু পিটনিসমূহত নল, খাগৰি, ইকৰা, বৰতা খেৰ, ভেৰগছ, তৰা গছ, জোপোহা জাতীয় গছ আৰু ঠায়ে ঠায়ে ডাঙৰ গছো আছে। এই উদ্ভিদসমূহ পোক-পতংগ, পক্ষীকে ধৰি বিভিন্ন প্ৰাণীৰ আশ্ৰয়স্থল হোৱাৰ উপৰি বহু উদ্ভিদক খাদ্য হিচাপেও গ্রহণ কৰে। বিলখনত বহু প্ৰজাতিৰ প্ৰাণী পোৱা যায়। তাৰ ভিতৰত প্ৰাণী প্লাৱক আৰু মৎস্যই আটাইতকৈ বেছি। স্থানীয় প্ৰজাতিৰ বহু বিপদাপন্ন আৰু আলংকাৰিক মাছ এই বিলত পোৱা যায়। এই মাছসমূহৰ ভিতৰত ৰৌ, ভকুৱা, কলিয়াজৰা, কুঢ়ী, ভাঙন, লাচন, বাতা, চেলেকনি, চেনি পুঠি, পুঠি, মোৱা, এলেং, ডঁৰিকনা, চান্দা, মিৰিকা, আৰি, গুজি শিঙৰা, মাগুৰ, শিঙি, পাভ, বৰালি, বৰদিয়া, চিতল, কান্দুলি, ভেটকি, কাৱৈ, শল, শাল, দমোজা শ’ল, চেঙেলি, গৰৈ, ককিলা, কুচিয়া, তুৰি, বটিয়া, বামি, খলিহনা, ভেচেলি, ৰান্ধনি (মলি), উপৰচকুৱা, বৰলিয়া, কৰতী আদিয়ে প্রধান। অন্যান্য প্রাণীসমূহৰ ভিতৰত বৰভেকুলী, চুকভেকুলী, পাতবেং, সাপ, কাছ, গুই, জেঠী, মাছৰোকা, কণামুচৰি, ভিন্ন প্ৰজাতিৰ বগলী, বৰটোকোলা, হাড়গিলা, শামুকভঙা, ডাউক, দলমূৰা, পানীকাউৰী, মণিয়ৰী আদিৰ উপৰি বিভিন্ন প্ৰজাতিৰ পৰিভ্ৰমী পক্ষী, নেউল, উদ আদি, মেৰুদণ্ডী প্ৰাণী; কেঁকোৰা, মিছামাছ, জেবাংকৰি (জাপিপোক), লিংকৰি (তাৰাপোক), গুবৰুৱা, মকৰা, শামুক, কেঁচু, জোক আদিয়ে প্রধান।পানীটেঙেচি, পানীকচু, মেটেকা আদিয়ে প্ৰধান। টিলা আৰু পিটনিসমূহত নল, খাগৰি, ইকৰা, বৰতা খেৰ, ভেৰগছ, তৰা গছ, জোপোহা জাতীয় গছ আৰু ঠায়ে ঠায়ে ডাঙৰ গছো আছে। এই উদ্ভিদসমূহ পোক-পতংগ, পক্ষীকে ধৰি বিভিন্ন প্ৰাণীৰ আশ্ৰয়স্থল হোৱাৰ উপৰি বহু উদ্ভিদক খাদ্য হিচাপেও গ্রহণ কৰে। বিলখনত বহু প্ৰজাতিৰ প্ৰাণী পোৱা যায়। তাৰ ভিতৰত প্ৰাণী প্লাৱক আৰু মৎস্যই আটাইতকৈ বেছি। স্থানীয় প্ৰজাতিৰ বহু বিপদাপন্ন আৰু আলংকাৰিক মাছ এই বিলত পোৱা যায়। এই মাছসমূহৰ ভিতৰত ৰৌ, ভকুৱা, কলিয়াজৰা, কুঢ়ী, ভাঙন, লাচন, বাতা, চেলেকনি, চেনি পুঠি, পুঠি, মোৱা, এলেং, ডঁৰিকনা, চান্দা, মিৰিকা, আৰি, গুজি শিঙৰা, মাগুৰ, শিঙি, পাভ, বৰালি, বৰদিয়া, চিতল, কান্দুলি, ভেটকি, কাৱৈ, শল, শাল, দমোজা শ’ল, চেঙেলি, গৰৈ, ককিলা, কুচিয়া, তুৰি, বটিয়া, বামি, খলিহনা, ভেচেলি, ৰান্ধনি (মলি), উপৰচকুৱা, বৰলিয়া, কৰতী আদিয়ে প্রধান। অন্যান্য প্রাণীসমূহৰ ভিতৰত বৰভেকুলী, চুকভেকুলী, পাতবেং, সাপ, কাছ, গুই, জেঠী, মাছৰোকা, কণামুচৰি, ভিন্ন প্ৰজাতিৰ বগলী, বৰটোকোলা, হাড়গিলা, শামুকভঙা, ডাউক, দলমূৰা, পানীকাউৰী, মণিয়ৰী আদিৰ উপৰি বিভিন্ন প্ৰজাতিৰ পৰিভ্ৰমী পক্ষী, নেউল, উদ আদি, মেৰুদণ্ডী প্ৰাণী; কেঁকোৰা, মিছামাছ, জেবাংকৰি (জাপিপোক), লিংকৰি (তাৰাপোক), গুবৰুৱা, মকৰা, শামুক, কেঁচু, জোক আদিয়ে প্রধান।
প্ৰেৰক উদিত নাৰায়ণ কলিতা