নিয়মীয়া বাৰ্তা, ২৬ নৱেম্বৰঃ নলবাৰী জিলাৰ টিহু থানাৰ অন্তৰ্গত ষাঠিকুছিত আজি দিন দুপৰতে বাইক লৈ ছাগলী চোৰ কৰিবলৈ অহা দুই চোৰক ৰাইজে আটক কৰি উত্তম মাধ্যম শোধাই টিহু আৰক্ষীক গতাই দিয়ে। প্ৰাপ্ত তথ্য মতে আজি দুপৰীয়া পথেৰে আহি থকা এজন ব্যক্তিয়ে কৈঠালকুছি ৰেল গেটৰ পৰা ষাঠিকুছি সাৰাপাৰা আৰু কৈঠালকুছি গড়বেৰ সংযোগী পথৰ কাষৰ পথাৰত দুই যুৱকে বস্তাত ছাগলী ভৰাই থকা প্ৰত্যক্ষ কৰি হুৱা-দুৱা লগাই৷ পিচত ঘটনাস্থলীত ওচৰৰ কেবাগৰাকীও লোক আহি উপস্থিত হৈ ছাগলীসহ চোৰ দুটাক ধৰিবলৈ সক্ষম হয়। লগতে ধৃত চোৰ দুটাৰ পৰা ৰাইজে ড্ৰাগছ লোৱা চিৰিঞ্জ উদ্ধাৰ কৰে৷ পৰৱৰ্তী সময়ত খঙত উত্তেজিত ৰাইজে চোৰ দুটাক গছত বান্ধি উত্তম মধ্যম শোধায়। ৰাইজে উত্তম মাধ্যম দিয়াৰ পাছতে চোৰ দুটাই আজি কেবাদিন ধৰি বিভিন্ন অঞ্চলৰ পথাৰ আৰু পথৰ কাষত থকা ছাগলী চোৰ কৰাৰ কথা স্বীকাৰ কৰে৷লগতে চোৰ দুটাৰ পৰা উদ্ধাৰ কৰা ড্ৰাগছ লোৱা চিৰিঞ্জৰ বিষয়েও ৰাইজে সোধাপোচা কৰাত চোৰ দুটাই প্ৰতিদিনে কৈঠালকুছি ৰেল ষ্টেচনৰ অভাৰব্ৰীজৰ ওপৰত ড্ৰাগছ ব্যৱসায়ীৰ পৰা ড্ৰাগছ সংগ্ৰহ কৰাৰ কথা উল্লেখ কৰে৷ পিছত ষাঠিকুছি গাঁৱৰ গাঁওপ্ৰধান অমল বৰ্মনে টিহু আৰক্ষীক খবৰ দিয়াত টিহু আৰক্ষীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া পৱন কলিতাৰ নেতৃত্বত অহা এটি আৰক্ষীৰ দলে ঘটনাস্থলীত উপস্থিত হৈ ক্ষোভিত ৰাইজৰ মাজৰ পৰা চোৰ দুটিক উদ্ধাৰ কৰি থানালৈ লৈ যায়। আনহাতে আৰক্ষীয়ে চোৰ দুটিয়ে চলাই অহা এ.এছ. ১৪ জে. ১৯৭২ নম্বৰৰ এন.এছ. বাইকখনো জব্দ কৰে৷পিছত চোৰ দুটিক টিহু থানালৈ নি আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে। আনফালে ধৃত ছাগলী চোৰ দুটি অদালবাৰীৰ অমৰ সাহ নাৰ্জাৰী (১৯) আৰু অদালবাৰী হাতীট্টাৰীৰ বিমল স্বৰ্গীয়াৰী (১৯) বুলি আৰক্ষী সূত্ৰে জানিব পৰা গৈছে৷ আনফালে অঞ্চলবাসী ৰাইজে আজি কিছু দিন ধৰি সন্ধিয়া আৰু নিশাৰ ভাগত ষাঠিকুছি আৰু গড়বেৰৰ মাজৰ পকী দলঙত বহু অচিনাকি যুৱকৰ সমাগম হোৱা প্ৰত্যক্ষ কৰা বুলিও ৰাইজে উল্লেখ কৰি আৰক্ষী প্ৰশাসনক এই পথটোত পহৰাৰ ব্যৱস্থা কৰিবলৈ দাবী জনায়৷
প্ৰেৰক শৈলেন বৰ্মন