নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পাকিস্তানত যোৱা মানেই ৰাষ্ট্রবিৰোধী, পাকিস্তান গ’লেহে তেওঁলোকৰ পাছপ’ৰ্টত ষ্টাম্প থাকিব

গৌৰৱ গগৈ–এলিজাবেথ কলবার্নৰ পাকিস্তান ভ্রমণক লৈও মুখ্যমন্ত্রীৰ তাৎপর্যপূর্ণ মন্তব্য

নিয়মীয়া বাৰ্তা ডিজিটেল, ১ এপ্ৰিলঃ যোৰহাটৰ কংগ্রেছ সাংসদ গৌৰৱ গগৈ আৰু তেওঁৰ পত্নী এলিজাবেথ কলবার্নৰ পাকিস্তান আৰু আইএছআইৰ সৈতে থকা সম্পর্কক লৈ ইতিমধ্যে অসম চৰকাৰৰ কেবিনেটৰ সিদ্ধান্তমর্মে অসম আৰক্ষীয়ে গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে৷ সমগ্র বিষয়টোৰ তদন্ত কৰাৰ বাবে এছআইটি গঠন কৰি দিছে৷ এছআইটিয়ে ইতিমধ্যে দিল্লী, পঞ্জাব, লক্ষ্ণৌ, আহমেদাবাদলৈ গৈ জোৰদাৰ গতিত তদন্ত চলাই আছে৷ ইতিমধ্যে গৌৰৱ গগৈৰ পত্নীৰ পাকিস্তান ভ্রমণ সম্পর্কত যথেষ্ট প্রাৰম্ভিক তথ্য ইতিমধ্যে এছআইটিয়ে লাভ কৰিবলৈ সক্ষম হৈছে৷ ইয়াৰ বিপৰীতে বিৰোধী দল কংগ্রেছে এই সমগ্র বিষয়টোক ৰাজনৈতিক ৰহণ দিয়াৰ চেষ্টা অব্যাহত ৰাখিছে৷ বিশ্বনাথত এই সম্পর্কত সংবাদ মাধ্যমৰ আগত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই কয় যে কাৰোবাৰ পাছপ’ৰ্টৰ ষ্টাম্পটো মই ৰাজনীতি কৰি দিব পাৰিম নেকি? মইতো ইমান পাৱাৰফুল মানুহ নহয়৷ পাকিস্তান গ’লেহে পাছপ’ৰ্টত ষ্টাম্পটো থাকিব৷ তেওঁলোকেতো আজিলৈকে পাকিস্তানলৈ যোৱা নাই বুলি কোৱা নাই৷ মুখ্যমন্ত্রী ড০ শর্মাই কয় যে পাকিস্তানত যোৱা মানেই এণ্টিনেচনেল এক্টিভিটি৷ পাকিস্তানলৈ আমাৰ ক্রিকেট টীমকে যাব নিদিয়ে৷ পাকিস্তানলৈ মানুহ কিয় লুকাই যাব? তালৈ গ’লে ডেলিগেচনত যাব, ফটো উঠি যাব৷ চুপচাপ কৰি কিয় পাকিস্তানলৈ যাব? মই যদি আজি পাকিস্তানলৈ যাওঁ, আপোনালোকে মোক এৰি দিব নেকি? মুখ্যমন্ত্রী ড০ শর্মাৰ মতে গৌৰৱ গগৈৰ পত্নী পাকিস্তানলৈ গৈছিলনে নাই সেয়া তদন্তত ওলাব৷

You might also like