নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গোলাঘাটত কংগ্রেছীৰে সংঘাত ন–বিজেপিৰ

নিয়মীয়া বাৰ্তা ২৪ ডিচেম্বৰঃ গোলাঘাট বিধানসভা সমষ্টিত আৰম্ভ হৈ গ’ল প্রতিহিংসাৰ ৰাজনীতি৷ ন–বিজেপিৰ অভিযোগৰ ভিত্তিত জিলা প্রশাসনে আজি ছীল কৰিলে গোলাঘাট জিলাৰ কংগ্রেছৰ দুর্গখ্যাত গমাৰিগুৰি ব্লক কংগ্রেছৰ কার্যালয়৷ অজন্তা নেওগৰ বিজেপি গমন নিশ্চিত হোৱাৰ পাছতেই একালৰ সতীর্থ কংগ্রেছীৰ শত্রু হৈ পৰিছে আন একাংশ কংগ্রেছ কর্মী৷ বিজেপিমুখী একাংশ কংগ্রেছ কর্মীৰ অভিযোগৰ ভিত্তিত আজি পুৱা জিলা প্রশাসনৰ হৈ সীমান্ত দণ্ডাধীশে ছীল কৰি দিয়ে গমাৰিগুৰি ব্লক কংগ্রেছৰ কার্যালয়টো৷ উল্লেখ্য যে ব্লক কংগ্রেছৰ একাংশ বিষয়ববীয়াই অজন্তা নেওগৰ সৈতে বিজেপিমুখী হোৱাৰ বিপৰীতে বর্তমান কংগ্রেছ দলত থকা কর্মীসকলে কংগ্রেছ কার্যালয়টো ব্যৱহাৰ কৰি আছিল৷ কিন্তু ইয়াত আপত্তি দর্শাইছে ন–বিজেপিয়ে৷ সেই আপত্তিৰ ভিত্তিতে গোলাঘাট জিলা প্রশাসনে ‘আইন–শৃংখলা নিয়ন্ত্রণৰ স্বার্থ’ত কংগ্রেছ কার্যালয়টো ছীল কৰি দিয়ে৷ আজি এই প্রতিবেদকে সীমান্ত দণ্ডাধীশৰ পৰা কংগ্রেছৰ কার্যালয়টো ছীল কৰাৰ কাৰণ জানিব বিচৰাত বিষয়াগৰাকীয়ে শান্তি–শৃংখলা ভংগ হোৱাৰ আশংকা কৰি জিলা দণ্ডাধীশৰ নির্দেশমর্মে কংগ্রেছ কার্যালয়টো ছীল কৰা বুলি জানিবলৈ দিয়ে৷ ইফালে এই ঘটনাক কেন্দ্র কৰি তীব্র প্রতিক্রিয়া সৃষ্টি হৈছে গোলাঘাটৰ কংগ্রেছ কর্মীসকলৰ মাজত৷ বিধায়ক অজন্তা নেওগৰ উদ্যোগতে কংগেছ কার্যালয় ছীল কৰাৰ লগতে কংগ্রেছ কর্মীৰ ওপৰত এনে উৎপীডন চলোৱা বুলি অভিযোগ কৰিছে গোলাঘাট জিলা কংগ্রেছে৷ ভাৰতীয় জাতীয় কংগ্রেছৰ গোলাঘাট জিলা সমিতিৰ ভাৰপ্রাপ্ত সভাপতি গুণীন বৰদলৈয়ে প্রতিক্রিয়া প্রকাশ কৰি দলীয় কার্যালয় ছীল কৰা বিষয়টো অতি দুর্ভাগ্যজনক বুলি মন্তব্য কৰে৷ তেওঁ কয় যে একাংশ কংগ্রেছ কর্মী বিধায়িকা অজন্তা নেওগৰ লগত বিজেপিমুখী হৈছে, বিজেপি দললৈ যোৱাটোত ক’বলৈ একো নাই৷ কিন্তু কংগ্রেছৰ কার্যালয়টো লগত নিবলৈ লোৱা কার্যই গোলাঘাট বিধানসভা সমষ্টিত ৰাজনৈতিক প্রতিহিংসা বৃদ্ধি কৰাৰ সম্ভাৱনা থকা বুলি আশংকা ব্যক্ত কৰে৷ সমগ্র বিষয়টো দণ্ডাধীশ পর্যায়ৰ তদন্ত কৰি কংগ্রেছক মোকলাই দিবলৈ জিলা উপায়ুক্তক জিলা কংগ্রেছৰ তৰফৰ পৰা দাবী জনাইছে৷

You might also like