নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গোলাঘাট জিলা সাংবাদিক সংস্থাৰ প্ৰতিষ্ঠা দিৱস, ৫ সাংবাদিকক বঁটা প্ৰদান, ১৫ জ্যেষ্ঠ সাংবাদিকক সম্বৰ্ধনা

নিয়মীয়া বাৰ্তা, ২৯ মাৰ্চ : ঐতিহ্যমণ্ডিত গোলাঘাট জিলা সাংবাদিক সংস্থাৰ ৬০ সংখ্যক প্ৰতিষ্ঠা দিৱস অনুষ্ঠিত হয়। পূৱা গোলাঘাট এমেচাৰ থিয়েটাৰ চচাইটিৰ বাকৰিত গোলাঘাট জিলা সাংবাদিক সংস্থাৰ সভাপতি ৰোহিত গগৈ সংস্থাৰ পতাকা উত্তোলন কৰাৰ সামান্তৰালকৈ গোলাঘাট জিলা খনৰ ৬০গৰাকী বিশিষ্ট ব্যক্তিৰ দ্বাৰা ৬০খন পতাকা উত্তোলনৰে দিনজোৰা কাৰ্যসূচী আৰম্ভ কৰা হয়। ইয়াৰ পিছতে শ্বহীদ সাংবাদিক সকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলী জ্ঞাপনৰ অনুষ্ঠানত শ্বহীদ তৰ্পণ কৰে জিলা সাংবাদিক সংস্থাৰ সাধাৰণ সম্পাদক গিৰীন বৰা আৰু সম্পাদক প্ৰনৱ চক্ৰৱৰ্তীয়ে। দিনত গোলাঘাট জিলা সাংবাদিক সংস্থাৰ সভাপতি ৰোহিত গগৈৰ সভাপতিত্বত অনুষ্ঠিত হয় মুকলি সভা, বিশেষ সম্বৰ্ধনা আৰু বঁটা প্ৰদান অনুষ্ঠান। সভাত মুখ্য অতিথি ৰূপে সতী সাধনী বিশ্ববিদ্যালয়ৰ প্ৰতিষ্ঠাপক উপাচাৰ্য তথা ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অধ্যাপক ড: জ্যোতিপ্ৰসাদ শইকীয়া ,সন্মানীয় অতিথি ৰূপে বিশিষ্ট শিক্ষাবিদ, বোলছবি পৰিচালক দীনেশ গগৈ আৰু নুমলীগড় শোধনাগাৰৰ মহা প্রবন্ধক (মানব সম্পদ) ডঃকাজল শইকীয়াই ভাষণ প্ৰদান কৰে। গোলাঘাট এমেচাৰ থিয়েটাৰ চচাইটিৰ প্ৰেক্ষাগৃহত জিলা সাংবাদিক সংস্থাৰ সভাপতি ৰোহিত গগৈৰ সভাপতিত্বত অনুষ্ঠিত হোৱা এই সভা উদ্বোধন কৰে সংস্থাৰ মুখ্য উপদেষ্টা ৰাধিকা বল্লভ গোস্বামীয়ে। এই সভাত ৰাজ্যৰ জ্যেষ্ঠ সাংবাদিক তথা প্ৰাগ নিউজৰ মুখ্য সম্পাদক প্ৰশান্ত ৰাজগুৰুক কেশৱ শইকীয়া সোঁৱৰণি সাংবাদিকতা বঁটা প্ৰদান কৰা হয। বিশেষ অসুবিধা বশতঃৰাজগুৰু আজিৰ অনুষ্ঠানত উপস্থিত থাকিব নোৱাৰাত তেওঁ হৈ দৈনিক জনমভূমি কাকতৰ যোৰহাট সংস্কৰণৰ তত্বাৱধায়ক দিগন্ত বুঢ়াগোহাঁইয়ে বঁটাটি গ্ৰহণ কৰে। অনুষ্ঠানত শিৱসাগৰৰ প্ৰাগ জনমভূমি পৰিয়ালৰ জেষ্ঠ সাংবাদিক ভৌৰৱ মুণ্ডালৈ প্ৰদান কৰা হয় অযোধ্যা প্ৰসাদ গোস্বামী অনুসন্ধানমূলক শ্ৰেষ্ঠ সাংবাদিকতা বঁটা। ইফালে সুদীৰ্ঘ দিন ধৰি এগৰাকী সুদক্ষ ক্ৰীড়া সংগঠক হিচাপে পৰিচিত প্ৰবীণ ক্ৰীড়া সাংবাদিক ৰূপক দত্তক আগবঢ়োৱা হয় ভগৱতী প্ৰসাদ লডিয়া সোঁৱৰণি বঁটা। দত্ত দৈনিক জনমভূমি কাকতৰো এগৰাকী ক্ৰীড়া সাংবাদিক হিচাপে সেৱা আগবঢ়াই গৈছে। অনুষ্ঠানত কৌস্তুভমণি হাজৰিকা সোঁৱৰণি শ্ৰেষ্ঠ যুৱ সাংবাদিকতা বঁটা প্ৰদান কৰা হয় শিৱসাগৰৰ সাংবাদিক কৌস্তুভমণি কাকতিক। একেদৰে অমূল্য দত্ত সোঁৱৰণি শ্ৰেষ্ঠ গ্ৰাম্য সাংবাদিকতা বঁটা প্ৰদান কৰা হয় কলিয়াবৰৰ সাংবাদিক পংকজ শইকীয়াক। সভাত বঁটা প্ৰাপক সকলেও চমু বক্তব্য প্ৰদান কৰে। আড়ম্বৰপূৰ্ণ বটা প্ৰদান আৰু মুকলি সভা খনত গোলাঘাট জিলা সাংবাদিক সংস্থাই গোলাঘাট জিলাখনৰ ১৫ গৰাকী জ্যেষ্ঠ সাংবাদিকক জনোৱা হয় বিশেষ সম্বৰ্ধনা। সম্বৰ্ধিত জ্যেষ্ঠ দ্বীপেন দত্ত, তিলেশ্বৰ তামূলী,সোণাৰাম ভঁৰালী, দুগ্ধ দত্ত, ম: ছাহজাহান আহমেদ,প্ৰতাপ ফুকন, গোবিন্দ শইকীয়া,ভৱানন্দ কলিতা,মাখন লাল বাঢ়ৈ, সুৰেন বড়ী, ৰাজেন পূজাৰী, গনেশ গোস্বামী আদি। জিলা সাংবাদিক সংস্থাৰ উপ সভাপতি হেমন্ত শইকীয়াই আদৰণি ভাষণ দিয়া সভাখনৰ আতঁ ধৰে সংস্থাৰ সহকাৰী সম্পাদক দেৱাশীষ সাহা আৰু শলাগ জ্ঞাপন কৰে উপ সভাপতি দীপমনি খাটনীয়াৰে।

প্ৰেৰক নবীন গোহাঁই

You might also like