নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অসম পুলিচৰ সুনামত কালিমাঃ গোলাঘাটত আৰক্ষীৰ প্রহাৰত চিকিৎসাধীন ৰোগীৰ মৃত্যু

নিয়মীয়া বাৰ্তা ১২ আগষ্টঃ  আৰক্ষীৰ লাঠীৰ প্রহাৰত মৃত্যু চিকিৎসাৰত এজন ৰোগীৰ৷ গোলাঘাট আৰক্ষীৰ নির্মম প্রহাৰত ৰোগীজনৰ মৃত্যু হোৱাৰ গুৰুতৰ অভিযোগ উত্থাপন পৰিয়ালৰ লোকৰ৷ ঘটনাটো সংঘটিত হয় গোলাঘাট শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ত৷

উল্লেখ্য যে গোলাঘাট শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন হৈ আছিল কমাৰগাঁৱৰ অৰবিন্দ শইকীয়া নামৰ এজন ৰোগী৷ ১০ আগষ্টৰ বিয়লি ভৰি ফুলি যোৱা বাবে পৰিয়ালে শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়লৈ আনিছিল অৰবিন্দ শইকীয়াক৷ চিকিৎসকে ৰোগীজনক চিকিৎসালয়ত ভর্তি কৰাই উন্নত চিকিৎসাৰ বাবে যোৰহাট মেডিকেল কলেজলৈ প্রেৰণ কৰাৰ পৰামর্শ দিয়ে৷ যোৰহাটলৈ নিবৰ বাবে ৰোগীৰ পৰিয়ালক প্রয়োজন হয় ধনৰ৷ সেই বাবে ৰোগীজনক গোলাঘাট চিকিৎসালয়তে থৈ পৰিয়ালৰ লোকে টকা আনিবলৈ ঘৰলৈ যায়৷

তেনে সময়তে সংঘটিত হ’ল এই হূদয়বিদাৰক ঘটনাটো৷ ৰোগী অৰবিন্দ শইকীয়াই প্রথমে শৌচালয়ৰ পৰা ওলাই আহোঁতে হাতত শিলগুটি লৈ ওলাই অহাৰ অভিযোগ কৰে আৰক্ষীয়ে৷ আৰক্ষীৰ ভাষ্য অনুসৰি আৰক্ষীৰ লোকে ৰোগীজনক ধৰিবলৈ চেষ্টা কৰোঁতেই ৰোগীজন পলাবলৈ চেষ্টা কৰে৷ চিকিৎসালয়ৰ দায়িত্বত থকা আৰক্ষীৰ দলে লগে লগে ৰোগীজনক ধৰি বেতেৰে কোবাই কোবাই ৰাজপথত বগৰাই দিয়ে৷ আৰক্ষীৰ আক্রমণ সহ্য কৰিব নোৱাৰি ৰাজপথতেই মৃত্যুক আঁকোৱালি লয় ৰোগী অৰবিন্দ শইকীয়াই৷ আৰক্ষীৰ ভয়ত কোনো প্রত্যক্ষদর্শীয়ে মুখ খোলা নাই যদিও ৰোগীজনৰ পত্নীক অৱগত কৰিছিল সমগ্র ঘটনাটো৷

পত্নী তথা আত্মীয়ই সাংবাদিকৰ আগত উত্থাপন কৰিলে আৰক্ষীৰ বর্বৰ কাণ্ডৰ সমস্ত ঘটনা৷ ৰোগীজনক কোবাই কোবাই দুডালকৈ বেত ফালি দিয়াৰ অভিযোগ থকাৰ পাছতো আৰক্ষীৰ ভাষ্য মাৰপিট কৰা নাছিল ৰোগীজনক৷ কিন্তু আৰক্ষীয়ে খেদি যোৱাৰ বাবে ভয়তে দৌৰি চিকিৎসালয়ৰ বাহিৰলৈ ওলাই গৈ ৰাজপথত ৰখাই থোৱা এখন গাড়ীত খুন্দা মাৰি মৃত্যু হোৱা বুলি উল্লেখ কৰে আৰক্ষীয়ে৷ কিন্তু যিখন বাহনত খুন্দা মৰাৰ কথা কৈ আৰক্ষীয়ে দায় সাৰিব বিচাৰিছিল, সেইখন বাহনৰ গৰকীয়ে ক’লে ঘটনাৰ বহু পাছতহে তেওঁ গাড়ী লৈ সেই স্থানত উপস্থিত হৈছিল৷ কিন্তু এই কথাও সত্য যে নিশা হোৱাৰ লগে লগে শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ৰ দায়িত্বত থকা আৰক্ষী ৰোগীৰ আত্মীয়ৰ ওপৰত উঠিৰজা–বহিৰজা হৈ শক্তি প্রদর্শন কৰাৰ বহু প্রমাণ আছে৷ যিয়েই নহওক, আৰক্ষীৰ এই ভাষ্য মানি ল’ব পৰা নাই পৰিয়ালে৷ কাৰণ ৰোগী অৰবিন্দ শইকীয়াৰ দেহত বর্বৰ আৰক্ষীৰ লাঠীৰ কোব স্পষ্ট হৈ আছে৷ সেয়ে সমগ্র ঘটনাটোৰ এক উপযুক্ত তদন্তৰ দাবী তুলিছে ৰাইজে৷ এতিয়া জিলা প্রশাসনে এই ঘটনাৰ এক উচ্চ পর্যায়ৰ তদন্ত কৰিলেহে পোহৰলৈ আহিব প্রকৃত ঘটনাটোৰ ৰহস্য৷

You might also like