নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গোলাঘাটত স্থাপন হ’ব বীৰাংগনা সতী সাধনী ৰাজ্যিক বিশ্ববিদ্যালয়

নিয়মীয়া বাৰ্তা ৩ ছেপ্টেম্বৰঃ  গোলাঘাটত স্থাপন হ’ব বীৰাংগনা সতী সাধনী ৰাজ্যিক বিশ্ববিদ্যালয়৷ বুধবাৰে বিধানসভাত এই সম্পর্কীয় বিধেয়কখন গৃহীত হয়৷ সদনত বিধেয়কখন উত্থাপন কৰি শিক্ষামন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই কয় যে নতুন ৰাষ্ট্রীয় শিক্ষা নীতি ঘোষণাৰ পাছত ৰাজ্যখনত এইখনেই হ’ব প্রথম বিশ্ববিদ্যালয়৷ এই নতুন ৰাজ্যিক বিশ্ববিদ্যালয়খনত অন্তর্ভুক্ত হ’ব বহুমুখী পাঠ্যক্রম৷ বগীবিল দলং নির্মাণৰ সময়ত বহুতেই সেই দলংখনৰ নাম বীৰাংগনা সতী সাধনীৰ নামত নামকৰণ কৰাৰ দাবী উত্থাপন কৰিছিল৷ কিন্তু দলংখন সম্পূর্ণ হোৱাৰ পূর্বেই জনসাধাৰণৰ মাজত দলংখন বগীবিল দলং হিচাপেই পৰিগণিত হয়৷ সেয়ে চৰকাৰে বীৰাংগনা সতী সাধনীৰ নামত এখন বিশ্ববিদ্যালয় স্থাপনৰ সিদ্ধান্ত গ্রহণ কৰে আৰু সেই অনুসৰি গোলাঘাটত এই বিশ্ববিদ্যালয়খন স্থাপনৰ সিদ্ধান্ত লয়৷ সেইদৰে বুধবাৰে সদনত অসমৰ ঐতিহ্যক্ষেত্রৰ সংৰক্ষণ, সংবর্ধনৰ বাবেও ‘দ্য আছাম হেৰিটেজ (টেনজিবল) প্রটেকচন, প্রিজাৰভেচন, কনজাৰভেচন এণ্ড মেইণ্টেনেন্স বিল ২০২০’ গৃহীত হয়৷ এই বিধেয়কখনৰ জৰিয়তে চৰকাৰে নূ্যনতম ৭৫ বছৰ পুৰণি অনুষ্ঠান, কীর্তিচিহ্ণ, সমল সংৰক্ষণ কৰিব৷ সতী সাধনী ৰাজ্যিক বিশ্ববিদ্যালয় আৰু অসমৰ ঐতিহ্যক্ষেত্রৰ সংৰক্ষণ, সংবর্ধনৰ বাবে চৰকাৰে উত্থাপন কৰা বিধেয়ক দুখন সদনত গৃহীত কৰাৰ বাবে মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে সদনৰ প্রতিগৰাকী বিধায়ককে আন্তৰিকতাৰে কৃতজ্ঞতা জ্ঞাপন কৰে৷ সদনত মুখ্যমন্ত্রী সোণোৱালে কয় যে এই দুয়োখন বিলে অসমৰ জাতীয় জীৱনত স্বাভিমান ৰক্ষাত উল্লেখযোগ্য ভূমিকা গ্রহণ কৰিব৷ জাতি–মাটি–ভাষা–সাহিত্ ৰক্ষাত বিধেয়ক দুখন সহায়ক হ’ব৷ অসম চুক্তিৰ ৬নং দফা অনুসৰি ৰাজ্যখনৰ ঐতিহ্যক্ষেত্রৰ সংৰক্ষণ, সংবর্ধনৰ বাবে চৰকাৰে পদক্ষেপ গ্রহণ কৰা বুলিও তেওঁ উল্লেখ কৰে৷ সেইদৰে বুধবাৰে সদনত ‘দ্য আছাম ফিছকেল ৰেচপনছিবিলিটী এণ্ড বাজেট মেনেজমেণ্ট (এমেণ্ডমেণ্ট) বিল ২০২০’ গৃহীত হয়৷ এই বিধেয়কখন সম্পর্কত বিত্তমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই সদনত কয় যে এফ আৰ বি এম অনুসৰি ৰাজ্য চৰকাৰে জি ডি পিৰ ৩.৫ শতাংশ ঋণ ল’ব পাৰে৷ এই বছৰ ভাৰত চৰকাৰে ঋণ গ্রহণৰ ক্ষেত্রত ৰাজ্যসমূহক কেতবোৰ শিথিলতা প্রদান কৰিছে৷ ভাৰত চৰকাৰৰ নতুন নীতি অনুসৰি এই বছৰ কোনো ৰাজ্যই জি ডি পিৰ ওপৰত অতিৰিক্ত ০.৫ শতাংশ ঋণ ল’লে ভাৰত চৰকাৰে সুদে–মূলে সেই ঋণ পৰিশোধ কৰিব৷ সেই অতিৰিক্ত ঋণৰ ক্ষেত্রত ৰাজ্য চৰকাৰৰ মূৰত কোনো বোজা নপৰে৷ এটা বছৰৰ বাবে প্রযোজ্য কৰা এই ঋণৰ মূলধন–সুদ সকলো ভাৰত চৰকাৰে বহন কৰিব৷ ইয়াৰ লগে লগে অসম চৰকাৰৰ ওপৰত কোনো ধৰণৰ বোজা নপৰাকৈ ৬ হাজাৰ কোটি টকাৰ ঋণ লোৱাৰ পথ প্রশস্ত হৈ পৰিল৷ সেইদৰে আজি সদনত ‘দ্য আছাম ভেল্যুএডেড টেক্স (এমেণ্ডমেণ্ট) বিল ২০২০’, ‘দ্য আছাম টেক্সেচন (লিকুইডেচন অৱ এৰিয়াৰ ডিউজ) (এমেণ্ডমেণ্ট) বিল ২০২০’, ‘দ্য আছাম গুড্ছ এণ্ড ছার্ভিচেছ টেক্স (এমেণ্ডমেণ্ট) বিল ২০২০’ আৰু ‘দ্য আছাম কলেজ এমপ্লইজ (প্রভিন্সিয়েলাইজেচন) (এমেণ্ডমেণ্ট) বিল ২০২০’ গৃহীত হয়৷

You might also like