বিশেষ বাৰ্তা, ১৬ ডিচেম্বৰঃ অসমৰ বিখ্যাত আৰু বিৰল জাতৰ চাহ, ডিব্ৰুগড়ৰ মনোহাৰী গল্ড টীয়ে পুনৰ পূৰ্বৰ সকলো অভিলেখ ভংগৰে একপ্ৰকাৰ ইতিহাসৰ সৃষ্টি কৰি প্ৰতি কেজিত ১ লাখ ১৫ হাজাৰ টকাত বিক্ৰী হয়। উল্লেখ্য যে আজি হায়দৰাবাদৰ ইয়াৰ ক্লায়েণ্ট কেফে নিলোফাৰ টী ইনটেকৰ নিলাম পৰ্টেলৰ জৰিয়তে এই চাহ বিক্ৰী কৰা হয়। মনোহাৰী গল্ড টীৰ সৰ্বোচ্চ নিলাম মূল্য ৫০ লাখ টকাত বিক্ৰী কৰি বিশ্ব অভিলেখৰ ধাৰাবাহিকতা আছে। একেৰাহে চাৰি বছৰৰ বাবে ২০১৮, ২০১৯, ২০২০ আৰু ২০২১ চনত গুৱাহাটী চাহ নিলাম কেন্দ্ৰত ভাৰতীয় চাহ ব’ৰ্ডৰ কেপ ৫০ টকাত সীমাবদ্ধ হোৱাৰ বাবে ১,০০,০০০ টকাত বিক্ৰী কৰিবলগীয়া হৈছিল। এই বছৰ ব্যক্তিগত নিলামৰ জৰিয়তে ইয়াৰ চাহ বিক্ৰী কৰিবলগীয়া হৈছিল আৰু চাহ উদ্যোগৰ পূৰ্বৰ সকলো অভিলেখ ভংগ কৰিপ্ৰতি কিলোগ্ৰামত ১,১৫,০০০ টকাত বিক্ৰী কৰা হৈছে। মনোহাৰী গল্ড টীয়ে চেকেণ্ড ফ্লাছৰ সময়ত তৈয়াৰ কৰা হয় আৰু বহু উন্নততম ক্ল’ন, P-126 ৰ সহায়ত তৈয়াৰ কৰা হয়। যিটো বিশ্বৰ চাহ বনোৱাৰ বাবে সৰ্বোত্তম ক্ল’ন বুলি কোৱা হয়। পুৱাৰ ভাগত (পুৱা ৪ বজাৰ পৰা ৬ বজাৰ ভিতৰত) পাতবোৰ ছিঙি লোৱা হয়। যাতে ৰ’দে নিজৰ সুকীয়া সুগন্ধি আৰু সোৱাদৰ পৰিৱৰ্তন নকৰে। এই সময়ত চাহৰ কলিবোৰ দেখাত প্ৰায় ২৪ কেৰেট সোণৰ দৰে আৰু ই বিশ্বৰ আটাইতকৈ স্বাস্থ্যকৰ পানীয় বুলিও বিবেচিত হৈ আহিছে। ইয়াত এন্টিঅক্সিডেন্ট আৰু পুষ্টিকৰ উপাদান থাকে, যিয়ে শৰীৰত শক্তিশালী প্ৰভাৱ পেলায় আৰু আন বহুতো উপকাৰ সাধন কৰে।
প্ৰেৰক বিভাস দুৱৰা