নিয়মীয়া বাৰ্তা, ২০ আগষ্টঃ চিৰাং জিলাৰ বিজনী চহৰৰ শংকৰদেৱ শিশু উদ্যানৰ সভাকক্ষত আজি বিজনী পৌৰসভাৰ উদ্যোগত এক নাগৰিক সভাৰ আয়োজন কৰা হয়। বিজনী পৌৰসভাৰ সভাপতি গুণেশ্বৰ গয়াৰীৰ সভাপতিত্বত অনুষ্ঠিত নাগৰিক সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকে বিটিচিৰ নগৰ উন্নয়ন বিভাগৰ কাৰ্যবাহী সদস্য উইলচন হাসদা৷ তেওঁ বিজনী পৌৰসভাৰ জ্যেষ্ঠ নাগৰিক সকলৰ স’তে মত কৰে.আৰু বিটিচিৰ অধীনৰ সকলো নগৰ সমিতিৰ নাগৰিক সকলৰ স’তে আলোচনাত মিলিত হৈ সমস্যা আৰু ইয়াৰ সমাধান বিচাৰি ৰাইজৰ সহযোগত কেনেকৈ পৌৰসভাৰ কাম কাজ উন্নয়ন ঘটাব পাৰি এই বিষয়ে আলোচনা কৰে৷ একেদৰে বিটিচিপ্ৰধান প্ৰমোদ বড়োৰ নেতৃত্বত নগৰ সমিতি সমূহৰ উন্নয়ন কৰাৰ বাবে নতুন পদক্ষেপ লোৱা হৈছে বুলি সদৰি কৰে৷ একেদৰে ১৯৭১ চনত প্ৰতিষ্ঠা লাভ কৰা বিজনী পৌৰসভাৰ সোণালী জয়ন্তী উদযাপনৰ পোষকতা কৰে৷ নাগৰিক সভাত বিজনীৰ প্ৰাক্তন বিধায়ক কমল সিং নাৰ্জাৰীয়ে বিগত সময়ছোৱাত বিজনী পৌৰসভাৰ চৰকাৰে দিয়া অনুদানৰ জৰিয়তে চহৰখনৰ বাট পথৰ বহু উন্নয়ন ঘটোৱা হৈছে বুলি উল্লেখ কৰে৷ সভাত উপস্থিত থাকি বিজনীৰ বিধায়ক অজয় কুমাৰ ৰায়ে ৰজা বিজিত নাৰায়ণৰ নামকৰণেৰে বিজনী নগৰ খনৰ ৱাৰ্ডৰ সংখ্যা বৃদ্ধি কৰাৰ পোষকতা কৰে আৰু জনসংখ্যা বৃদ্ধিৰ জৰিয়তে চৰকাৰে উন্নয়নৰ পুঁজি দিব বুলি উল্লেখ কৰি পৌৰসভাৰ ৱাৰ্ড বৃদ্ধিৰ বাবে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ পৌৰসভাৰ কৰ্তৃপক্ষক আহ্বান জনায় ৷ সভাত বিটিচিৰ সুভাইঝাৰ সমষ্টিৰ পৰিষদীয় সদস্য প্ৰভাত বসুমতাৰীসহ পৌৰসভাৰ উপ-সভাপতি, ৱাৰ্ড সদস্যসকলৰ লগতে নাগৰিকসকল আৰু দল সংগঠনৰ প্ৰতিনিধি উপস্থিত থাকে ৷
প্ৰেৰক বৰ্ণালী তালুকদাৰ