নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

১০ৰ পৰা ১২ জানুৱাৰীলৈ ঢকুৱাখনাৰ দাংধৰা উচ্চতৰ মাধ্যমিকৰ সোণালী জয়ন্তী

নিয়মীয়া বাৰ্তা, ৩ জানুৱাৰীঃ ঢকুৱাখনা মহকুমাৰ অন্যতম উচ্চ শিক্ষানুষ্ঠান দাংধৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়খনে চলিত বৰ্ষত গৌৰৱোজ্জ্বল সোণালী জয়ন্তী বৰ্ষত পদাৰ্পণ কৰিছে। বৃহত্তৰ ডিমৰুগুৰি আৰু ডাংধৰা অঞ্চলত গুণগত উচ্চ শিক্ষা প্ৰসাৰণত বৰেণ্য অৱদান আগবঢ়াই অহা শিক্ষানুষ্ঠানখনৰ এই বৰ্ণিল বিদ্যায়তনিক যাত্ৰাৰ সশ্ৰদ্ধ স্মৰণৰ লক্ষ্যৰে অহা ১০, ১১ আৰু ১২ জানুৱাৰীত সোণালী জয়ন্তী উৎসৱটি উদযাপনৰ বাবে প্ৰবীণ শিক্ষাবিদ তৰুণ চন্দ্ৰ পাতিৰক সভাপতি, কৰুণা গোঁহাইক সম্পাদক হিচাবে লৈ এখন শক্তিশালী উদযাপন সমিতি গঠন কৰ হয়। বিদ্যালয়ৰ শিক্ষক কৰ্মচাৰী, ছাত্ৰ একতা সভা আৰু প্ৰাক্তন ছাত্ৰ ছাত্ৰীৰ প্ৰচেষ্ঠাত সোণালী জয়ন্তী উদযাপনৰ ব্যাপক প্ৰস্তুতি অব্যাহত ৰাখিছে।বিভিন্ন কাৰ্যসূচীৰে অনুষ্ঠিত হবলগীয়া এই সোণালী জয়ন্তী অনুষ্ঠানৰ প্ৰথম দিনা পতাকা উত্তোলন,স্মৃতি তৰ্পণ, গ্ৰন্থমেলা, সাহিত্য অনুষ্ঠানৰ লগতে বিয়লিলৈ ‘দ্ৰব্য,যুৱ উচ্ছৃংখলতা আৰু সমাজৰ কৰণীয়’ শীৰ্ষক আলোচনাচক্ৰ অনুষ্ঠিত হ’ব।আনহাতে দ্বিতীয় দিনা সোণালী জয়ন্তী উপলক্ষত প্ৰকাশ হ’বলগীয়া “সোণালী সুবাস” নামৰ স্মৃতি গ্ৰন্থখন উন্মোচন কৰিব ঢকুৱাখনা মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত উপাধ্যক্ষ ডিম্বেশ্বৰ গগৈয়ে ।দুপৰীয়া অনুষ্ঠিত হ’ব ‘ছাত্ৰ-ছাত্ৰীৰ নৈতিক উৎকৰ্ষ সাধনত বিদ্যালয় আৰু সমাজৰ ভূমিকা’ শীৰ্ষক আলোচনা চক্ৰ। বিয়লিলৈ প্ৰাক্তন ছাত্ৰ-ছাত্ৰীৰ অন্তৰংগ আলাপ অনুষ্ঠান।সন্ধিয়ালৈ ভাওনা প্ৰদৰ্শন।অন্তিম দিনা অৰ্থাৎ ১২ জানুৱাৰীৰ পুৱা সাংস্কৃতিক শোভাযাত্ৰা। দুপৰীয়া অনুষ্ঠিত হব মুকলি সভা ।মুকলি সভাত মুখ্য অতিথি হিচাপে শিক্ষামন্ত্ৰী ডা: ৰণোজ পেগু,বিশিষ্ট অতিথি হিচাপে লখিমপুৰৰ সাংসদ প্ৰদান বৰুৱা, ঢকুৱাখনাৰ বিধায়ক নৱ কুমাৰ দলেৰ লগতে সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাকে ধৰি বহু গণ্য মান্য ব্যক্তি তথা শিক্ষাবিদ উপস্থিত থাকিব বুলি উদযাপন সমিতিৰ বিষয়ববীয়াই জানিবলৈ দিয়ে।নিশালৈ আমন্ত্ৰিত শিল্পী হিচাপে অসমৰ জনপ্ৰিয় কণ্ঠ শিল্পী মৌচম গগৈ আৰু ৰুপা মিলিয়ে গীত পৰিবেশন কৰিব।ইফালে প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সন্মিলনীয়ে বিদ্যালয়ত অধ্যয়ণ কৰা প্ৰায় সহস্ৰাধিক ছাত্ৰ ছাত্ৰীৰ লগত বিভিন্ন সামাজিক মাধ্যম ফেচবুক, ৱাটচ্ আপ, টুইটাৰৰ লগতে ব্যক্তিগত ভাৱেও যোগাযোগ কৰি মহাবিদ্যালয়ৰ সোণালী জয়ন্তী অনুষ্ঠানত উপস্থিত থাকি অনুষ্ঠানটো সফল কৰিবলৈ আহ্বান জনাইছে।

প্ৰেৰক পুলকজ্যোতি বৰা

You might also like