নিয়মীয়া বাৰ্তা, ২৯ অক্টোবৰঃ বজালীৰ সামাজিক, সাংস্কৃতিক, ক্ৰীড়া আদিৰ স্বেচ্ছাসেৱী অনুষ্ঠান উদয়ন সংঘৰ গৌৰবোজ্বল ৫০ বছৰীয়া সম্পুৰ্ণ কৰা সোণালী জয়ন্তী বৰ্ষৰ সামৰণি আৰু সমন্বয়ৰ অনুষ্ঠান উদয়ন সন্ধিয়া ২০২২ৰ তিনিদিনিয়া বৰ্ণাঢ্য কাৰ্যসূচীৰ কালি নিশা সফল সামৰণি পৰে। পাঠশালাৰ বজালী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত কালি নিশা অনুষ্ঠিত মুকলি সভাত অসম বিধানসভাৰ প্ৰধান সচিব হেমেন দাসক উদয়ন সংঘৰ সৰ্বোচ্চ সন্মান উদয়ন বটা-২০২২ প্ৰদান কৰা হয়। উদয়ন সংঘৰ সভাপতি ৰুবুল কুমাৰ শৰ্মাৰ সভাপতিত্বত অনুষ্ঠিত আৰু সংঘৰ সম্পাদক নিৰ্মল কাকতি, ৰাতুল ৰয়ে আঁত ধৰা সভাখনত হেমেন দাসক উদয়ন বটাৰ লগত মানপত্ৰ, স্মাৰক পদ, জাপি, গামোচা, চেলেং আৰু নগদ দহ হাজাৰ টকা প্ৰদান কৰা হয়। উদয়ন বঁটা ২০২২ লাভ কৰি অসম বিধান সভাৰ প্ৰধান সচিব হেমেন দাসে কয় যে এই বঁটাই তেওঁক উৎসাহিত কৰাৰ লগতে সমাজৰ প্ৰতি তেওঁ দায়িত্ব আৰু বৃদ্ধি কৰিলে। এয়া জীৱনৰ পৰম সম্পদ বুলি দাসে মন্তব্য কৰি উদয়ন সংঘৰ অন্যাতম কৰ্ণধাৰ প্ৰয়াত প্ৰশান্ত শৰ্মা (ভাইটি)ৰ লগতে সংঘৰ আন প্ৰয়াত কৰ্মকৰ্তা সকলক এই গৌৰবোজ্বল সোনালী জয়ন্তীৰ মুহূৰ্তত শ্ৰদ্ধা জনায়৷ সভাত প্ৰকাশক যতীন চৌধুৰীয়ে বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি কলা, সংস্কৃতি তথা শিক্ষাৰ ক্ষেত্রত ৰাজ্যৰ ভিতৰতে অন্যতম স্থান লাভ কৰা পাঠশালাৰ চিনাকিৰে অসম তথা দেশৰ বিভিন্ন প্ৰান্তত থকা বজালী জিলাৰ বাসিন্দাসকলে চিনাকি দি আহিছে বুলি মন্তব্য কৰে। সভাত বিশিষ্ট অতিথি হিচাপে বিশিষ্ট ব্যবসায়ী প্ৰভাত তালুকদাৰ, ভৱানীপুৰৰ বিধায়ক ফনীধৰ তালুকদাৰ, বজালী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ ৰঞ্জন চক্ৰৱৰ্তী, ৰাষ্ট্ৰীয় সন্মানপ্ৰাপক নাট্যকাৰ নিতুল কুমাৰ মেধি, বিশিষ্ট চিকিৎসক ডাঃ উৎপল দত্ত, উদয়ন বঁটা ২০২১ প্ৰাপক শিল্পী লক্ষ্মী দাস, উদযাপন সমিতিৰ সভাপতি ড৹ ৰণজিৎ ডেকা, কাৰ্যকৰী সভাপতি ডাঃ নিউটন দাস, বিশিষ্ট শিক্ষাবিদ মুনীন্দ্ৰ নাৰায়ণ গোস্বামী সমন্বিতে ভালেসংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত থাকে। সভাত সাংবাদিক জিণ্টুল তালুকদাৰৰ সম্পাদনাত উদয়ন সংঘৰ মুখপাত্র “উদয়ন” উন্মোচন কৰে বজালী জিলা আৰক্ষী অধীক্ষক ধৰ্মেন্দ্ৰ দাসে। নিশা উদয়ন সংঘৰ অন্যতম কৰ্ণধাৰ প্ৰশান্ত কুমাৰ শৰ্মা (ভাইটি) সোঁৱৰণী সাংস্কৃতিক সন্ধিয়াত বলিউডৰ নেপথ্য কন্ঠশিল্পী চলমান আলিৰ লগতে বহুকেইগৰাকী শিল্পীয়ে সংগীত পৰিৱেশন কৰে। লক্ষনীয়ভাৱে বলিউডৰ কন্ঠশিল্পী চলমান আলীৰ সংগীতানুষ্ঠান উপভোগ কৰাৰ বাবে বজালী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত ভিন্ন প্ৰান্তৰ অৰ্ধলক্ষাধিক লোকৰ সমাগম ঘটে৷
প্ৰেৰক কল্যাণ কলিতা