নিয়মীয়া বাৰ্তা ডিজিটেল, ৫ ফেব্ৰুৱাৰীঃ কামৰূপ জিলাৰ পলাশবাৰী বিধান সভা সমষ্টিৰ অন্তৰ্গত বৰদুৱাৰ বাগানত অৱস্থিত অসম মাতৃ মজলীয়া বিদ্যালয়ৰ সোণালী জয়ন্তীৰ মুখ্য কাৰ্যালয় এটি আজি আনুষ্ঠানিকভাৱে মুকলি কৰা হয়৷ বৰদুৱাৰ বাগান বজাৰত নিৰ্মাণ কৰা কাৰ্যালয়টো মুকলি কৰে ৰাভা হাছং স্বায়ত্ত্বশাসিত পৰিষদৰ চানডুবি সমষ্টিৰ পাৰিষদ নৃপেন চন্দ্ৰ ৰাভাই৷ উল্লেখ্য যে ৰাভা হাছং এলেকাৰ অনগ্ৰসৰ অঞ্চলটোত ১৯৭৫ চনতে স্থাপন হোৱা বিদ্যালয়খনৰ চলিত বৰ্ষৰ ২৯ নৱেম্বৰৰ পৰা দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে সোণালী জয়ন্তী উদযাপনৰ দিহা কৰা হৈছে৷ ইফালে সোণালী জয়ন্তী উদযাপন সমিতিৰ সম্পাদক জমচেৰ আলীয়ে আঁত ধৰা কাৰ্যালয় মুকলিৰ মাংগলিক অনুষ্ঠানটিত উদযাপন সমিতিৰ সভাপতি দেৱজিত নাফাৰ উপৰি বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি মনেশ্বৰ ৰাভাই বক্তব্য প্ৰদান কৰে। অনুষ্ঠানটিত ৰমেন কুমাৰ দাস, ইন্দ্ৰ ৰাভা, ৰাজীৱ লোচন গোস্বামী, নবীন ৰাভা, দ্বীজেন ৰাভা, আদিত্য নাগ, সুৰজিত ৰাভা, স্বপ্না ঠাকুৰীয়া তথা প্ৰধান শিক্ষক পবিত্ৰ কলিতাৰ উপৰি শিক্ষক শিক্ষয়িত্ৰী তথা ছাত্ৰছাত্ৰীকে ধৰি বিশিষ্ট ব্যক্তি সকল উপস্থিত আছিল৷
প্ৰেৰক নুৰুল ইছলাম