নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

হোটেল ডিভাণ্টাত ‘দ্য গ’ল্ডেন থ্রেডছ অৱ আছাম’ৰ মুগাৰ বস্ত্ৰ-অলংকাৰৰ বৰ্ণিল প্ৰদৰ্শনী

নিয়মীয়া বাৰ্তা, ১০ এপ্ৰিল: অসমৰ গৌৰৱ মুগাক বিশ্বমুখী কৰাৰ প্রচেষ্টাৰে দেওবাৰে প্রাইড ইষ্ট এণ্টাৰটেইনমেণ্ট প্রাইভেট লিমিটেডৰ অন্যতম সংযোজন ‘দ্য গ’ল্ডেন থ্রেডছ অৱ আছাম’ৰ উদ্যোগত খানাপাৰাৰ হোটেল ডিভাণ্টাত অনুষ্ঠিত হয় এখন বিশেষ প্রদর্শনী৷ বিশেষকৈ মুগাক বিষয়বস্তু হিচাপে লৈ অনুষ্ঠিত হোৱা প্রদর্শনীখনত মুগাৰ পৰা প্রস্তুত কৰা মেখেলা–চাদৰৰ লগতে মুগাৰে তৈয়াৰী কোট, জোতা, গহনা, মুগাৰ প্রিণ্টিঙৰ লগতে এৰী, পাটৰ বিভিন্ন আর্হিৰ কাপোৰ, কাঁহ নগৰী সর্থেবাৰীৰ কাঁহৰ বাটি, বানবাটি, কাঁহী আদিৰ লগতে বাঁহেৰে তৈয়াৰী বিভিন্ন সামগ্রীও প্রদর্শন কৰা হয়৷ মুগা, পাট, এৰী সূতাৰে তৈয়াৰী কাপোৰেই নহয়, কেইবাগৰাকীও মডেলৰ দ্বাৰা সেয়া পৰিধান কৰি এটা লাইভ প্রদর্শনীও অনুষ্ঠিত কৰা হয়৷

উল্লেখ্য যে বিশিষ্ট ফেশ্বন ডিজাইনাৰ অমৃতৰাজ বৰা, পায়েল চাদ্দা, শ্রেয়াংসী ছনিকা, আন্না কৌশিক, স্বাগতা গৌতম আৰু পল্লৱী হাজৰিকাই ডিজাইন কৰা পাট–মুগা আৰু এৰী সূতাৰ বিভিন্ন ডিজাইনৰ কাপোৰ, বাঁহৰ সামগ্রী আৰু মুগাৰ আকর্ষণীয় পৰম্পৰাগত গহনা প্রদর্শনীখনত প্রদর্শন কৰা হয়৷ অসমৰ গৌৰৱ মুগাক বিশ্ব দৰবাৰত প্রতিষ্ঠা কৰাৰ লক্ষ্যই গ’ল্ডেন থ্রেডছৰ সপোন বুলি মন্তব্য কৰে প্রাইড ইষ্ট এণ্টাৰটেইনমেণ্ট প্রাইভেট লিমিটেডৰ চিএমডি ৰিণিকি ভূঞা শর্মাই৷

এই মহৎ প্রচেষ্টা সন্দর্ভত তেওঁ কয়– বহু বছৰ ধৰি অসমৰ মুগাৰ মান উন্নত কৰি বিশ্ব দৰবাৰলৈ নিয়াৰ বাবে আমি প্রচেষ্টা অব্যাহত ৰাখিছিলোঁ৷ বিশ্বৰ সকলো সূতাৰ ভিতৰত মুগা সূতা পৃথক আৰু অনন্য৷ ৰাজকীয় বস্ত্র হিচাপে আহোম স্বর্গদেউসকলৰ দেহত শোভাবর্ধন কৰা মুগাৰ কাপোৰক বিশ্ব দৰবাৰলৈ নিব খুজিছোঁ, সকলোৱে অনুভৱ কৰক অসমৰ পৰম্পৰা কিমান চহকী৷ বিশ্ব দৰবাৰলৈ মুগাক নিয়াৰ লগতে মুগা শিল্পৰ সৈতে জড়িত অসমৰ থলুৱা শিপিনীসকলৰ উন্নয়নো এই পদক্ষেপৰ অন্যতম লক্ষ্য বুলি তেওঁ লগতে উল্লেখ কৰে৷

তেওঁ কয়– ৰাজ্যখনৰ মুখ্যমন্ত্রীয়ে থলুৱা শিপিনীসকলক উৎসাহ যোগোৱাৰ কথা কৈছে৷ আমি এই উদ্দেশ্য আগত ৰাখিয়েই সকলো প্রচেষ্টা হাতত লৈছোঁ৷ কেৱল মেখেলা–চাদৰেই নহয়, মুগাৰ পৰা বিভিন্ন ধৰণৰ বস্ত্রৰ লগতে ছোফা, গাৰুৰ ক’ভাৰ, পর্দা, জোতা, চেণ্ডেল, অলংকাৰ আদিও প্রস্তুত কৰিব পাৰি৷ সেই সকলোবোৰ আমি ইয়াত প্রস্তুত কৰি প্রদর্শন কৰিছোঁ৷

উল্লেখ্য যে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মায়ো এই প্রদর্শনীখন প্রত্যক্ষ কৰি অভিভূত হৈ পৰে৷ তদুপৰি ৰাজ্য চৰকাৰৰ জনসংযোগ, জলসম্পদ মন্ত্রী পীয়ূষ হাজৰিকা, জনস্বাস্থ্য কাৰিকৰী–পর্যটন মন্ত্রী জয়ন্ত মল্ল বৰুৱা, হস্ততাঁত মন্ত্রী ইউজি ব্রহ্ম, মুখ্যমন্ত্রীৰ ৰাজনৈতিক সচিব তথা ৰাজ্যসভাৰ সাংসদ পবিত্র মার্ঘেৰিটা, অভিনেত্রী আইমী বৰুৱা, বিশিষ্ট লেখক, অভিনেতা তথা অসম আৰক্ষীৰ শীর্ষ বিষয়া পার্থসাৰথি মহন্ত, ইন্দ্রাণী বৰুৱা প্রমুখ্যে কেইবাগৰাকীও বিশিষ্ট ব্যক্তিয়ে প্রদর্শনীখন পৰিদর্শন কৰি অভিভূত হৈ পৰে৷ মুগাৰ বিভিন্ন বস্ত্রৰ লগতে মুগা পালনৰ পৰম্পৰাগত সঁজুলি, মুগাৰ শাল, সূতা কটা যন্ত্র, মুগাৰ লেটা আদিও প্রদর্শনীখনত দর্শনার্থীৰ সুবিধার্থে প্রদর্শন কৰা হয়৷

লক্ষণীয় যে অসমৰ গৌৰৱ মুগাক বিশ্বমুখী কৰাৰ মহৎ উদ্দেশ্যক আগত ৰাখিয়েই ২০১৬ চনৰ ১৯ অক্টোবৰত উত্তৰ–পূব ভাৰতৰ সর্ববৃহৎ ছেটেলাইট নেটৱর্ক প্রাইড ইষ্ট এণ্টাৰটেইনমেণ্ট প্রাইভেট লিমিটেডে আনুষ্ঠানিকভাৱে আৰম্ভ কৰিছিল ‘গ’ল্ডেন থ্রেডছ অৱ আছাম’ শীর্ষক পদক্ষেপ৷

You might also like