নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

প্রসৱৰ পিছত লোৱা যত্ন

সন্তান জন্ম হোৱাৰ পৰা ৬ সপ্তাহ হ’লে এই সময়ছোৱাক পোষ্টনেটেল পিৰিয়ড বুলি কোৱা হয়৷ এই সময়ছোৱাৰ ভিতৰত মাতৃৰ অংগ–প্রত্যংগসমূহ পৰিৱর্তন হৈ পূর্বৰ অৱস্থাপ্রাপ্ত হয়৷ যদি সাধাৰণ প্রসৱ হয় তেতিয়াহ’লে কিছুমানকEpisiotomy প্রসৱ কৰা হয়৷ তেতিয়া চিলাই পৰে৷ তেতিয়া বেটাৰডিন দি কুহুমীয়া গৰম পানীৰে চাফা কৰিব লাগে৷ কুহুমীয়া গৰম পানীৰে পুৱা আৰু গধূলি লগত বেটাডিন ছলোচন দি হিপবাথ ল’ব লাগে৷ মেথাজিন টেবলেট এটাকৈ তিনিবাৰ পাঁচ দিন খাব লাগে৷ এণ্টিবায়’টিক খাব লাগে৷ ভিটামিন খাব লাগে৷ কোঠাটো ডেটল পানীৰে চাফা কৰিব লাগে, যাতে সংক্রমণ নহয়৷ প্রতিদিনে চাফা কাপোৰ পিন্ধিব লাগে৷
যদি চিজাৰিয়ান হয়, চিকিৎসালয়ৰ পৰা অহাৰ পিছত ডাক্তৰে পৰামর্শ দিয়া মতে এণ্টিবায়’টিক, ভিটামিন, কেলচিয়াম, আইৰন ফলিক এচিদ টেবলেট খাব লাগে৷ চিলাইটো বেটাডিন লোচন দি ড্রেছিং কৰি থাকিব লাগে৷ কোঠাটো ডেটল পানীৰে চাফা কৰি থাকিব লাগে, যাতে সংক্রমণ নহয়৷ স্তনৰ আগটো ভালকৈ চাফা কৰিব লাগে৷ গাখীৰ ডতলাই ঠাণ্ডা কৰি খাব লাগে৷ কাপোৰ চাফা কৰি পিন্ধিব লাগে, যাতে চিলাইটো সংক্রমণ নহয়৷

নৱজাতকৰ যত্ন: কেঁচুৱাক মাকৰ গাখীৰ ছমাহলৈ খুৱাব লাগে৷ বাহিৰৰ গাখীৰ খুৱাব নালাগে৷ শিশুক ভেকচিন দিব লাগে৷ শিশুক কুহুমীয়া পানীৰে গা ধুৱাই বেবী তেল সানি দিব লাগে৷
নাভিটো কটন চোৱাবেৰে বীজাণুমুক্ত কৰি চাফা কৰি শুকুৱাই ৰাখিব লাগে৷ মাকে চাবোনেৰে হাত ধুব লাগে৷ শিশুৰ প্রস্রাৱ–পাইখানা হৈছে নে নাই চাব লাগে৷ পাইখানা চাফা কৰাৰ পিছত মাকে চাবোন পানীৰে হাত ধুব লাগে৷ নর্মেল ছেলাইনৰ পানী বা বীজাণুমুক্ত পানীৰে বেলেগ বেলেগ কটন চোৱাবেৰে চকু চাফা কৰিব লাগে৷

You might also like