🔹 অসমৰ পৰম্পৰা–সংস্কৃতি হৈছে মুগা : ৰিণিকি ভূঞা শর্মা
বিশেষ বাৰ্তা, ৬ এপ্রিল : অসমৰ স্বকীয় মুগা শিল্পৰ উত্তৰণৰ হকে অহোপুৰুষার্থ কৰি অহা গ’ল্ডেন থ্রেডছ অৱ আছামৰ উদ্যোগত ৫ এপ্রিলৰ পৰা দুদিনীয়া কার্যসূচীৰে মহানগৰীৰ খানাপাৰাৰ তাজ ভিভাণ্টাত অনুষ্ঠিত হৈছে বিশেষ প্রদর্শনী তথা বিক্রী কেন্দ্র৷ অসমৰ থলুৱা শিপিনীসকলৰ দ্বাৰা প্রস্তুত কৰা মুগাৰ বিভিন্ন সামগ্রী সম্বলিত প্রদর্শনীখন আনুষ্ঠানিকভাৱে মুকলি কৰে বিশিষ্ট উদ্যোগী তথা প্রাগ নিউজৰ স্বত্বাধিকাৰী সঞ্জীৱ নাৰায়ণে৷ মুগাক বিশ্বমুখী কৰাৰ বাবে গ’ল্ডেন থ্রেডছে লোৱা প্রচেষ্টাৰ শলাগ লৈ তেওঁ কয় যে অনুষ্ঠানটোৱে মুগা শিল্পক এক মান প্রদান কৰিছে, যিটো সকলো লোকে বিচাৰে৷ আমাৰ ইয়াতো মুগাৰ বিভিন্ন সামগ্রী উপলব্ধ৷ কিন্তু মুগাক ইমান ধুনীয়াকৈ কোনেও সজাই–পৰাই তোলা নাছিল, যি ধৰণে আজি সজাই তোলা হৈছে৷ এই ডিজাইনবোৰে আগন্তুক সময়ত গ্ল’বেল মার্কেটত সুনাম কঢ়িয়াই আনিব৷ মুগাক বিশ্বমুখী কৰি তুলিব গ’ল্ডেন থ্রেডছ অৱ আছামে৷ মুগাক লৈ যে ইমান ধুনীয়া কাম কৰিব পাৰি সেই কথা আমি জনা নাছিলোঁ৷ অকল সেয়াই নহয়, মুগাৰ সৈতে এৰীৰ সংমিশ্রণেৰে প্রস্তুত কৰা হস্তশিল্প প্রত্যক্ষ কৰিও বিশিষ্ট উদ্যোগীগৰাকী অভিভূত হৈ পৰে৷ তেওঁ কয় যে অসমৰ বাবে এয়া অতি ভাল খবৰ৷ এনেধৰণৰ সামগ্রীয়ে বাহিৰৰ পর্যটকৰ দৃষ্টি আকর্ষণ কৰিব৷ যাৰ ফলত আমাৰ শিপিনীসকলৰ ৰাজহ বৃদ্ধি হ’ব আৰু ৰাজহ বৃদ্ধি মানেই ৰাজ্যৰ অর্থনীতিও টনকিয়াল হ’ব৷ অনুষ্ঠানটোত অংশ লৈ প্রাইড ইষ্ট এণ্টাৰটেইনমেণ্ট প্রাইভেট লিমিটেডৰ অধ্যক্ষ তথা পৰিচালন সঞ্চালক ৰিণিকি ভূঞা শর্মাই মুগাক অসমৰ এটা পৰম্পৰা আৰু সংস্কৃতি বুলি অভিহিত কৰে৷ তেওঁ কয় যে বহু দিনৰ পৰাই অসমত মুগাৰ প্রচলন হৈ আছে৷ বিভিন্ন কাৰণত মুগা শিল্পই বিলুপ্তিৰ গৰাহলৈ গতি কৰিছে৷ সেইবাবে আমি গ’ল্ডেন থ্রেডছ অৱ আছামে মুগা শিল্পক পুনৰুদ্ধাৰ কৰি জনপ্রিয়তাৰ শিখৰলৈ নিবলৈ প্রচেষ্টা হাতত লৈছোঁ৷ অসমৰ বাহিৰে পৃথিৱীৰ আন কোনো ঠাইতে মুগা পোৱা নাযায়৷ বহু গুণ মুগাৰ আছে৷ যিটো বিশ্বৰ আন মানুহে নাজানে৷ যিহেতু মুগা অসমৰ গৌৰৱ, গতিকে সমগ্র বিশ্বৰ জনসাধাৰণে মুগাৰ বিষয়ে ভালদৰে যাতে অৱগত হয়, তাৰ বাবে আমি ব্যৱস্থা লৈছোঁ৷ অকল মুগাৰ মেখেলা–চাদৰ প্রস্তুত কৰিলে কেৱল অসমৰ মানুহৰ মাজতেই সীমাবদ্ধ হৈ থাকিব, সেইবাবে আমি মুগাৰ পৰা গাৰুৰ ক’ভাৰ, জোতা, বেগ, পুৰুষৰ পোছাক, দৰা–কইনাৰ পোছাক আদিকে ধৰি বিভিন্ন ডিজাইনৰ সামগ্রী নির্মাণ কৰিছোঁ৷ মই আশা কৰোঁ- ৰাইজে সেয়া আদৰি ল’ব৷ বহু লোকেই মুগা বহু ডাঠ কাপোৰ, গৰমত পিন্ধিব নোৱাৰে বুলি ভাবি লয়৷ কিন্তু সেইটো একেবাৰেই নহয়৷ ৰাইজৰ এই ভুল ভাঙিব লাগিব৷ সেইবাবে ৰাইজে প্রদর্শনীখনলৈ আহিলে সকলো বিষয় অৱগত হ’ব পাৰিব৷ মুগাক এই পর্যায়লৈ অনাৰ ক্ষেত্রত গ’ল্ডেন থ্রেডছ অৱ আছামে লোৱা পদক্ষেপৰ কথা সুঁৱৰি তেওঁ পুনৰ কয় যে একেদিনাই আমিও একো উন্নত কৰিব পৰা নাই৷ পাঁচ বছৰ সময় লাগিছে এই পর্যায় পাবলৈ৷ মুগাক অধিক উন্নত কৰাৰ প্রচেষ্টাৰে আমি আমাৰ চেষ্টা অব্যাহত ৰাখিছোঁ৷ উল্লেখ্য যে দুদিনীয়াকৈ অনুষ্ঠিত প্রদর্শনীখনত মুগা আৰু এৰীৰ লগতে পাটৰ বিভিন্ন কাপোৰ তথা গহনা প্রদর্শিত কৰা হৈছে৷ জনসাধাৰণে প্রদর্শনীখনলৈ আহি মুগা শিল্পৰ বিষয়ে জনাৰ লগতে ইচ্ছা কৰিলে বিভিন্ন ডিজাইনৰ মুগাৰ কাপোৰ ক্রয় কৰাৰো সুবিধা লাভ কৰিব৷