নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

উত্তৰ-পূব দেশৰ উন্নয়নৰ বাবে সৌভাগ্যৰ প্রতীক : উত্তৰাখণ্ডত ড০ হিমন্ত বিশ্ব শৰ্মা

বিশেষ বাৰ্তা, ২৯ এপ্রিলঃ স্বাধীনতাৰ সময়ত অসমে এখন সুখী ৰাজ্য হিচাপে জীৱনযাত্রা আৰম্ভ কৰিছিল৷ শীর্ষৰ পাঁচখন ধনী ৰাজ্যৰ ভিতৰত আছিল অসম৷ কিন্তু পৰৱর্তী ৬০ বছৰত আমি আটাইতকৈ দৰিদ্র পাঁচখন ৰাজ্যৰ ভিতৰত অন্তর্ভুক্ত হ’লোঁ৷ কিন্তু সেয়া অতীত৷ ২০১৪ চনৰ পৰা এক বৃহৎ পৰিৱর্তন হৈছে আৰু কেইবছৰমানৰ ভিতৰত অসমৰ অর্থনীতিয়ে পঞ্জাবক অতিক্রম কৰিব৷– এই মন্তব্য মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ৷ উত্তৰাখণ্ডৰ মৌচুৰীস্থিত লালবাহাদুৰ শাস্ত্রী নেচনেল একাডেমী অৱ এডমিনিষ্ট্রেচনত প্রশিক্ষণৰত আইএএছ বিষয়াসকলৰ সৈতে মত বিনিময় কৰে মুখ্যমন্ত্রী ড০ শর্মাই৷ উত্তৰাখণ্ডত আজি অসমৰ মুখ্যমন্ত্রীগৰাকীয়ে প্রদান কৰা এই ভাষণক লৈ সৃষ্টি হৈছে চর্চাৰ৷ ভৱিষ্যতত আমোলাসকলৰ হাতত বাস্তুশাস্ত্রৰ উদ্ধৃতিৰে উত্তৰ–পূবক সৌভাগ্যৰ প্রতীক বুলি উল্লেখ কৰি তেওঁ কয়– বাস্তুশাস্ত্রৰ মতে উত্তৰ–পূব হ’ল দেশৰ দুৱাৰমুখ স্বৰূপ৷ দুৱাৰডলি সৌভাগ্যৰ প্রতীক ৰূপেই পৰিচিত৷ সেয়েহে সমগ্র দেশৰ বিকাশৰ বাবে সৌভাগ্যৰ প্রতীক হ’ল উত্তৰ–পূব৷ গতিকে উত্তৰ–পূব সুখী হৈ থাকিলেহে দেশৰ বিকাশ হ’ব৷ অসমত আমোলাসকলে কাম কৰাৰ ক্ষেত্রত সন্মুখীন হোৱা প্রত্যাহ্বানৰ কথা উল্লেখ কৰি মুখ্যমন্ত্রী ড০ শর্মাই কয় যে বিগত সময়ছোৱাত ৰাজ্যখনে পাৰ কৰি অহা সন্ত্রাসজর্জৰ তথা সমস্যাবহুল পৰিৱেশৰ মাজত আমোলাসকলে যথেষ্ট প্রত্যাহ্বানেৰে অসমত কাম কৰিছে৷ স্বাধীনতাৰ পিছত অসম মুঠ জনমূৰি আয়েৰে দেশৰ শীর্ষ ধনী পাঁচখন ৰাজ্যৰ ভিতৰত আছিল৷ কিন্তু ১৯৫০ চনৰ প্রবল ভূঁইকঁপৰ পিছত আমি বিভিন্ন ধৰণে সমস্যাৰ সন্মুখীন হ’লোঁ৷ যোগাযোগ বিচ্ছিন্ন হ’ল, আন্তঃগাঁথনি ভাঙি পৰিল৷ ইয়াৰ পিছতো আমাৰ মাজত বিঘ্ণিত কৰা হ’ল সম্প্রীতি৷ আমি অসম আন্দোলন, সন্ত্রাসৰ পৰিৱেশ দেখিলোঁ৷ যি সন্ত্রাসৰ বাবে আমি ১৫ হাজাৰতকৈও অধিক লোকক হেৰুৱাব লগা হ’ল৷ স্বাধীনতাৰ ৭৫ বছৰৰ পিছত অসমৰ জনমূৰি আয় বহু তললৈ যোৱাই নহয় আমি বহু পিছ পৰি ৰ’লোঁ৷ কিন্তু ২০১৪ চনৰ পিছত এক পৰিৱর্তন হৈছে, যিয়ে আমাৰ অর্থনীতিত প্রভাৱ পেলাইছে৷ অতি সোনকালে অসমৰ অর্থনীতিয়ে পঞ্জাবক অতিক্রম কৰিবলৈ সক্ষম হ’ব৷ মুখ্যমন্ত্রী ড০ শর্মাই তেওঁৰ ভাষণত জিলা উপায়ুক্তসকলৰ দায়িত্বৰ কথা উল্লেখ কৰি কয়– প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ নির্দেশনা অনুসৰি আমি প্রতিখন জিলাৰ উপায়ুক্তসকলৰ প্রশাসনিক কাম–কাজ নতুনকৈ নির্মাণ কৰিব বিচাৰিছোঁ৷ আমি ৰাজ্যৰ মুঠ ঘৰুৱা উৎপাদন গণনা কৰাৰ বিপৰীতে আমি জিলা পর্যায়ত মুঠ ঘৰুৱা উৎপাদন গণনা কৰাৰ চিন্তাচর্চা কৰিছোঁ৷ এইক্ষেত্রত আমি এক নতুন ব্যৱস্থা আৰম্ভ কৰিব বিচাৰিছোঁ৷ জিলাখনৰ সকলো প্রশাসনিক তথা আন কাম–কাজসমূহ জিলা উপায়ুক্তৰ দ্বাৰা কৰাৰ যি পৰম্পৰা আছে তাৰ সলনি আমি কিছু দায়িত্বৰ পৰা জিলা উপায়ুক্তসকলক মুক্ত কৰি সংশ্লিষ্ট জিলাখনক কিদৰে আন্তঃগাঁথনি, প্রশাসনিক আৰু আন আন দিশসমূহৰ পৰা উন্নত কৰিব পাৰি তাৰ বাবে উপায়ুক্তসকলক বিশেষ দায়িত্ব দিয়া হ’ব৷ আমি জিলা উপায়ুক্তক বন্দুকৰ অনুজ্ঞাপত্র দিয়াৰ বাবে ব্যৱহাৰ নকৰোঁ৷ জিলাখনৰ সকলো দৈনন্দিন প্রশাসনিক কাম–কাজৰ দায়িত্ব চক্র বিষয়াৰ হাতত অর্পণ কৰা হ’ব৷ ভূমিৰ কিনা–বেচাৰ অনুমতি, বন্দুকৰ অনুজ্ঞাপত্র দিয়াৰ বাবে একোজন আইএএছ বিষয়াক ব্যৱহাৰ কৰি আমি মানৱ সম্পদ নষ্ট কৰিব নোৱাৰোঁ৷ আমি মাত্র জিলা উপায়ুক্তগৰাকীক ৰাজ্যখনৰ মুখ্য সচিবৰ দায়িত্বৰ দৰে ব্যৱহাৰ কৰিব বিচাৰিছোঁ৷ জিলাখনত তেৱেঁই হ’ব মুখ্য সচিবৰ দৰে৷ আন এক প্রসংগত মুখ্যমন্ত্রী ড০ শর্মাই তেওঁৰ সতীর্থ মন্ত্রীসকলৰ দায়িত্বৰ কথা উল্লেখ কৰি কয়– মুখ্যমন্ত্রী হিচাপে দায়িত্ব গ্রহণৰ পিছত মই মন্ত্রীসকলক কেৱল তেওঁলোকৰ নিজৰ সমষ্টিসমূহ ভ্রমণৰ বাবে ব্যস্ত থকাটো বিচৰা নাছিলোঁ৷ ইয়াৰ বিপৰীতে তেওঁলোকক সমগ্র ৰাজ্যখন ভ্রমণ কৰাটো নিশ্চিত কৰিছোঁ৷ মই যেতিয়া ২০২১ চনত মুখ্যমন্ত্রী হিচাপে দায়িত্ব লৈছিলোঁ, তেতিয়া কেবিনেট বৈঠক মাত্র মাহত এবাৰহে অনুষ্ঠিত হৈছিল৷ এতিয়া আমি প্রতি সপ্তাহতে আৰু বিভিন্ন জিলাত কেবিনেট বৈঠক অনুষ্ঠিত কৰি আহিছোঁ৷ আইএএছ বিষয়াসকলক আহ্বান জনায় মুখ্যমন্ত্রী ড০ শর্মাই কয়– এগৰাকী দায়িত্বশীল বিষয়া হিচাপে আপোনালোকে সকলো ৰাজ্যকে সমান দৃষ্টিৰে চাব লাগিব৷ অর্থাৎ আপোনাৰ যদি তিনিটা সন্তানৰ দুটা অৱহেলিত হৈ থাকে, তেন্তে সমানে উন্নতি হ’ব নোৱাৰে৷ তিনিওটা সন্তানক সমানে ডাঙৰ কৰিবলৈ হ’লে দুর্বল সন্তান দুটিৰ ওপৰত অধিক মনোযোগ দিব লাগিব৷

You might also like