নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সুখবৰ : মহিলা আইপিএলত মুম্বাই ইণ্ডিয়ানছত অসমৰ জিণ্টিমণি

বিশেষ বাৰ্তা, ১৪ ফেব্রুৱাৰীঃ অসমৰ ক্রিকেট জগতলৈ সুখবৰ কঢ়িয়াই আনিছে প্রতিভাৱান অলৰাউণ্ডাৰ জিণ্টিমণি কলিতাই৷ প্রথমবাৰৰ বাবে অনুষ্ঠিত হ’ব লগা মহিলাৰ আই পি এলত মঙলদৈৰ জিণ্টিমণি কলিতাই খেলাৰ সুযোগ লাভ কৰিছে৷ আজি মুম্বাইত অনুষ্ঠিত নিলামত অসমৰ এইগৰাকী ক্রিকেটাৰক ১০ লাখ টকা মূল্যত ক্রয় কৰিছে মুম্বাই ইণ্ডিয়ানছ দলে৷ উল্লেখ্য যে ইতিপূর্বে পুৰুষৰ আই পি এলত মুম্বাই দলত খেলিছিল অসমৰ আগশাৰীৰ ক্রিকেটাৰ আবু নেছিম আহমেদে৷ সম্প্রতি ৰাজস্থান ৰয়েলছৰ হৈ খেলি আছে আন এগৰাকী সুদক্ষ অলৰাউণ্ডাৰ ৰিয়ান পৰাগে৷ জিণ্টিমণিয়ে সামগ্রিকভাৱে তৃতীয় আৰু ৰাজ্যৰ প্রথমগৰাকী মহিলা ক্রিকেটাৰৰূপে আই পি এলত খেলাৰ সুযোগ লাভ কৰিছে৷ ১৯ বছৰ অনূর্ধ্ব ভাৰতীয় মহিলাৰ ‘বি’ দলৰ হৈ খেলা জিণ্টিমণিৰ ঘৰ মঙলদৈ চহৰৰ শান্তিপুৰত৷ জলসিঞ্চন বিভাগৰ চতুর্থবর্গৰ কর্মচাৰী নকুল কলিতা আৰু শেৱালি কলিতাৰ কন্যা জিণ্টিমণিয়ে আজি মুম্বাই ইণ্ডিয়ানছ দলত স্থান লাভ কৰাৰ লগে লগে তেওঁৰ ঘৰলৈ আত্মীয় আৰু অনুৰাগীৰ সোঁত বৈছে৷ এই খবৰে উৎফুল্লিত কৰি তোলা জিণ্টিমণিয়ে কয় যে আই পি এলৰ নিচিনা বৃহৎ প্রতিযোগিতাত খেলাৰ সুযোগ পোৱাৰ পিছত তেওঁ এই সুযোগৰ সদ্ব্যৱহাৰ কৰিবলৈ বদ্ধপৰিকৰ৷ উল্লেখ্য যে অসমৰ আন এগৰাকী প্রতিভাসম্পন্ন ক্রিকেটাৰ উমা ছেত্রীও নিলামত উঠিছিল যদিও কোনো দলে তেওঁক ক্রয় নকৰিলে৷ আজি নিলামত প্রথমেই উত্থাপিত হয় স্মৃতি মান্ধানাৰ নাম৷ তেওঁক কিনিবলৈ চেষ্টা চলায় চাৰিটা দলে৷ খেলুৱৈগৰাকীক পাবলৈ যুঁজ চলিছিল মূলতঃ মুম্বাই ইণ্ডিয়ানছ আৰু ৰয়েল চেলেঞ্জার্ছ বাংগালুৰুৰ মাজত৷ তেওঁৰ বেছ প্রাইচ আছিল ৫০ লাখ টকা৷ কিন্তু শেষ পর্যন্ত ৩ কোটি ৪০ লাখ টকাত স্মৃতিক আৰ চি বিয়ে ক্রয় কৰে৷ আজি নিলামত স্মৃতিয়েই সর্বাধিক মূল্যত বিক্রী হয়৷ সম্প্রতি দক্ষিণ আফ্রিকাত মহিলাৰ টি–২০ বিশ্বকাপ খেলি থকা মান্ধানাই কয়– ‘বাংগালুৰুৰ দৰে দলত স্থান পাই ভাল লাগিছে৷ মোৰ ওপৰত ভৰসা ৰাখিছে বাংগালুৰুৱে৷ দলক ট্রফী দিবলৈ চেষ্টা কৰিম৷’ পুৰুষৰ দলত বিৰাট কোহলিৰ জৰিয়তে ১৮নং জার্ছী পৰিধান কৰা খেলুৱৈ লাভ কৰাৰ পিছত মহিলা দলতো এইবাৰ আৰ চি বিয়ে লাভ কৰিব ১৮নং জার্ছী পৰিধান কৰা মান্ধানাক৷ আজি নিলামত ২০গৰাকী ক্রিকেটাৰ কোটিপতিত পৰিণত হয়৷ ইয়াৰে ১০গৰাকী ভাৰতীয় আৰু ১০ গৰাকী বিদেশী ক্রিকেটাৰ৷ মান্ধানাৰ পিছতে গুজৰাটে ক্রয় কৰে অষ্ট্র্রেলিয়াৰ এছলে গার্ডনাৰক (৩.২০) কোটি টকাত৷ সমসংখ্যক দামত ইংলেণ্ডৰ নাট চিভাৰক মুম্বায়ে ক্রয় কৰে৷ আনহাতে, ভাৰতৰ দীপ্তি শর্মাক লক্ষ্ণৌৰ দলে ২.৬০ কোটি, জেমিমা ৰদ্রিগেজক দিল্লীয়ে ২.২০ কোটি, অষ্ট্রেলিয়াৰ বেথ মুনি আৰুশেফালি বার্মাক গুজৰাটে ২ কোটিকৈ টকাত, পূজা বস্ত্রকাৰ আৰু ৰিচা ঘোচক ১.৯০ কোটিকৈ টকাত মুম্বাই আৰু বাংগালুৰুৱে ক্রয় কৰাৰ বিপৰীতে ইউ পি ৱাৰিয়র্ছ দলে ইংলেণ্ডৰ অলৰাউণ্ডাৰ ছ’ফি এক্লেষ্টনক ১.৮০ কোটি টকাত ক্রয় কৰে৷ তদুপৰি আজি কোটিপতি হোৱা খেলুৱৈসকলৰ তালিকাত আছে হৰমনপ্রীত কৌৰ, ৰেণুকা সিং ঠাকুৰ, য়াষ্টিকা ভাটিয়া আৰু দেৱিকা ডাহিয়া৷ কোটিপতি হোৱা বিদেশী খেলুৱৈসকলৰ ভিতৰত আছে এলিছ পেৰী, মাৰিজেন কেপ, টাহলিয়া মেকগ্রাথ, মেগ লেনিং, ছবনিম ইছমাইল আৰু এমেলিয়া কেৰ৷

You might also like