নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অংগনৱাড়ী কর্মী–সহায়িকালৈ সুখবৰ : ১ অক্টোবৰৰ পৰা মাননি বৃদ্ধি

🔹 এককালীন সাহায্য দিয়াৰো প্রতিশ্রুতি দিলে ড০ শর্মাই

বিশেষ বাৰ্তা, ১৮ এপ্রিল : ৰাজ্যৰ অংগনৱাড়ী কর্মী–সহায়িকাসকলৰ বাবে সুখবৰ৷ অহা ১ অক্টোবৰৰ পৰা অংগনৱাড়ী কর্মী–সহায়িকাৰ দৰমহা (মাননি) বৃদ্ধিৰ লগতে তেওঁলোকক চৰকাৰে এককালীন সাহায্যও প্রদান কৰিব৷ কালি ডিফুত এই ঘোষণা কৰিছে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই৷ ডিফুত অংগনৱাড়ী কেন্দ্রৰ মাজত প্রাক্–বিদ্যালয়ৰ সামগ্রী বিতৰণ অনুষ্ঠানত অংশগ্রহণ কৰি ভাষণত মুখ্যমন্ত্রী ড০ শর্মাই বিগত বছৰসমূহত কার্বি আংলঙত হোৱা অভূতপূর্ব বিকাশৰ কথা উল্লেখ কৰি কয় যে কার্বি পাহাৰে আজি উন্নয়নৰ এক নতুন দিগন্তলৈ গতি কৰিছে৷ অংগনৱাডী কেন্দ্রসমূহৰ মাজত প্রাক্–বিদ্যালয়ৰ সামগ্রী বিতৰণৰ কথা উল্লেখ কৰি তেওঁ কয় যে শাৰীৰিক বিকাশৰ বাবে ক্রীড়া হৈছে অতিকৈ প্রয়োজনীয় উপাদান৷ খেলা–ধূলা আৰু শিক্ষণ সামগ্রীয়ে শিশুসকলৰ সংখ্যাগত জ্ঞান আৰু সমস্যা সমাধানৰ দক্ষতা বিকাশত সহায় কৰে৷ কার্বি আংলঙৰ অংগনৱাডী কেন্দ্রসমূহৰ মাজত অত্যাৱশ্যকীয় সামগ্রী, কিতাপৰ চেল্ফ, চিত্রাংকন আৰু কার্যকলাপ কিট, শিক্ষণ আৰু খেলাৰ কিট, ডিছপ্লে আৰু পাইনিং ব’ৰ্ড, মেডিচিন কিট, অংগনৱাডী কর্মী আৰু অংগনৱাড়ী সহায়কাৰীৰ বাবে ইউনিফর্ম, প্রি–স্কুল ইউনিফর্ম আৰু পানী ফিল্টাৰ আদি প্রদান কৰা হৈছে৷ ইয়াৰ লগতে কার্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ অধীনত ৩,০৭০টা অংগনৱাডী কেন্দ্রলৈ বিভিন্ন সহায় আগবঢ়োৱাৰ বাবেও সিদ্ধান্ত গ্রহণ কৰা হৈছে৷ মুখ্যমন্ত্রী ড০ শর্মাই কয় যে কার্বি আংলঙৰ লগতে ৰাজ্যৰ বিভিন্ন স্থানৰ অংগনৱাড়ী কর্মী আৰু সহায়িকাসকলে তেওঁলোকৰ মাননি বৃদ্ধিৰ বাবে দীর্ঘদিন ধৰি আবেদন জনাই আহিছে৷ ইয়াৰ পৰিপ্রেক্ষিততে চলিত বর্ষৰ ১ অক্টোবৰৰ পৰা অংগনৱাড়ী কর্মী আৰু সহায়িকাসকলৰ মাননি বৃদ্ধিৰ লগতে এককালীন সাহায্য আগবঢ়োৱাৰ প্রতিশ্রুতি প্রদান কৰে৷ ইয়াৰ জৰিয়তে অংগনৱাড়ী কর্মী আৰু সহায়িকাসকলে নিজ নিজ পৰিয়াল পৰিচালনাত যথেষ্ট সকাহ লাভ কৰিব বুলি মন্তব্য কৰি মুখ্যমন্ত্রী ড০ শর্মাই কয় যে কার্বি আংলঙত শিক্ষাৰ প্রসাৰৰ দিশত যথেষ্ট কৰণীয় আছে৷ এই অনুষ্ঠানত মুখ্যমন্ত্রী ড০ শর্মাই উল্লেখ কৰে যে পাহাৰীয়া জিলাখনত ইতিমধ্যে চিকিৎসা মহাবিদ্যালয় স্থাপন হৈছে আৰু এখন কর্কট চিকিৎসালয় স্থাপনৰো পদক্ষেপ গ্রহণ কৰা হৈছে৷ তদুপৰি, কার্বি আংলঙত সৈনিক স্কুল, অভিযান্ত্রিক মহাবিদ্যালয়, পশু চিকিৎসা মহাবিদ্যালয়, কৃষি মহাবিদ্যালয় স্থাপনৰো যাৱতীয় প্রস্তুতি চলোৱা হৈছে৷ ইয়াৰ পৰিপ্রেক্ষিততে মুখ্যমন্ত্রী ড০ শর্মাই কার্বি আংলঙৰ অংগনৱাড়ী কেন্দ্র, প্রাথমিক বিদ্যালয়ৰ পৰা মহাবিদ্যালয় পর্যন্ত শিক্ষাৰ এক উন্নত পৰিৱেশ গঢ়াত গুৰুত্ব আৰোপ কৰে৷ জিলাখনৰ উঠি অহা প্রজন্মই শৈশৱৰে পৰা যাতে শিক্ষাৰ প্রতি আকর্ষিত হৈ পৰে সেই দিশত যত্নপৰ হ’বলৈ মুখ্যমন্ত্রী ড০ শর্মাই অংগনৱাড়ী কেন্দ্রসমূহৰ কর্মী আৰু সহায়িকাসকলক আহ্বান জনায়৷

You might also like