নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কেন্দ্রীয় কর্মচাৰীলৈ সুখবৰ: সর্বনিম্ন বেতন ১৮ৰ পৰা ২৬ হাজাৰলৈ বৃদ্ধিৰ সম্ভাৱনা!

বিশেষ বাৰ্তা, ৪ এপ্রিলঃ কেন্দ্রীয় চৰকাৰৰ কর্মচাৰীসকলৰ মৰগীয়া বানচ বৃদ্ধি পোৱাৰ পাছত পুনৰ সুখবৰ লাভ কৰিব পাৰে কর্মচাৰীসকলে৷ অষ্টম দৰমহা আয়োগৰ জৰিয়তে কেন্দ্রীয় বিভাগৰ কর্মচাৰীসকলৰ বেতন বৃহৎ হাৰত বৃদ্ধি কৰাৰ সম্ভাৱনা আছে চৰকাৰৰ৷ সাম্প্রতিক সময়ত সপ্তম দৰমহা আয়োগৰ অধীনত কেন্দ্রীয় বিভাগৰ কর্মীয়ে দৰমহা লাভ কৰি আহিছে৷ কিন্তু দৰমহা আয়োগে অনুমোদন জনোৱা চর্ত অনুসৰি বহু কর্মচাৰীয়ে বেতন লাভ কৰা নাই বুলি অভিযোগ উঠাৰ পাছত বিষয়টোক লৈ সৃষ্টি হৈছিল প্রতিক্রিয়া৷ সপ্তম দৰমহা আয়োগে অনুমোদন জনোৱাতকৈ বহু কম ধন কেন্দ্রীয় বিভাগৰ কর্মীয়ে লাভ কৰি থকা বুলি কর্মচাৰীৰ সংগঠনেও অভিযোগ কৰি আহিছে৷ এনে পৰিস্থিতিৰ মাজতে অষ্টম দৰমহা আয়োগৰ প্রসংগ উত্থাপন হৈছে৷ কর্মী সংগঠনৰ সূত্রই প্রকাশ কৰা তথ্য অনুসৰি ইতিমধ্যে এই বিষয়টোক লৈ এক স্মাৰক–পত্র প্রস্তুত কৰি থকা হৈছে৷ শীঘ্রে এই স্মাৰক–পত্র লাভ কৰিব কেন্দ্রীয় চৰকাৰে৷ ইয়াক প্রত্যক্ষ কৰাৰ পাছত কর্মীৰ দাবীসমূহত অনুমোদন জনাব চৰকাৰে৷ ইতিমধ্যে চৰকাৰৰ তৰফৰ পৰা এই প্রতিশ্রুতি দি থকা হৈছে৷ যদি অষ্টম দৰমহা আয়োগ সম্পূর্ণৰূপে কার্যকৰী কৰিবলগীয়া হয়, তেন্তে কেন্দ্রীয় বিভাগৰ কর্মীসকলৰ বেতন ৪৪ শতাংশ বৃদ্ধি পাব পাৰে৷ কেন্দ্রীয় কর্মচাৰীৰ কেইবাটাও সংগঠনে সদৰী কৰা অনুসৰি বর্তমান মুহূর্তত কেন্দ্রীয় বিভাগৰ কর্মীৰ নূ্যনতম বেতন হৈছে ১৮ হাজাৰ টকা৷ যদি কর্মচাৰী সংগঠনৰ দাবী মানি লৈ অষ্টম দৰমহা আয়োগ কার্যকৰী কৰি দৰমহা আদায় দিয়া হয়, তেন্তে কেন্দ্রীয় বিভাগৰ কর্মীৰ নূ্যনতম বেতন হ’ব ২৬ হাজাৰ টকা৷ অর্থাৎ ১৮ হাজাৰৰ পৰা ২৬ হাজাৰলৈ বৃদ্ধি পাব নূ্যনতম বেতন৷ স্মর্তব্য যে চতুর্থ দৰমহা আয়োগত কর্মীৰ বেতন বৃদ্ধি কৰা হৈছিল ২৭.৬ শতাংশ৷ পঞ্চম দৰমহা আয়োগত বৃদ্ধি কৰা হৈছিল ৩১ শতাংশ বেতন৷ এনেদৰে বিভিন্ন চর্ত মানি সপ্তম দৰমহা আয়োগলৈ কর্মচাৰীসকলৰ বেতন বৃদ্ধি কৰি থকা হৈছে৷ অষ্টম দৰমহা আয়োগ কার্যকৰী হ’লে নিম্নবর্গৰ কর্মীসকল যথেষ্ট উপকৃত হ’ব বুলি কেন্দ্রীয় বিভাগৰ কর্মচাৰী সংগঠনসমূহে আশা প্রকাশ কৰিছে৷

You might also like