নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গোপাল বড়ো স্কুলৰ ভূমিত নির্মাণ কৰিব বহুমহলীয়া পার্কিং

নিয়মীয়া বাৰ্তা ৮ জুনঃ ৰাজ্যৰ এখন ঐতিহ্যমণ্ডিত চৰকাৰী বিদ্যালয়ৰ বিৰুদ্ধে আৰম্ভ হৈছে ভয়ংকৰ অভিসন্ধি৷ ৰাজধানী দিছপুৰৰ গাতে লাগি থকা বিদ্যালয়খনৰ চৌহদত বহুমহলীয়া পার্কিং স্থাপনৰ প্রস্তুতি চলাইছে অসম চৰকাৰৰ অধীনস্থ এটা সংস্থাই৷ এই খবৰে এতিয়া ৰাজ্যৰ বিদ্বৎ মহলক হতচকিত কৰি তুলিছে৷ সদ্যঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত চৰকাৰী শিক্ষাখণ্ডই আশাৰ বতৰা কঢ়িয়াই অনাৰ সময়তে হীৰক জয়ন্তী গৰকা গোপাল বড়ো চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ভূমি অধিগ্রহণৰ যো–জা চলাইছে গুৱাহাটী মহানগৰ উন্নয়ন প্রাধিকৰণে (জি এম ডি এ)৷ ৰাজধানী দিছপুৰৰ পৰা নাতিদূৰৈৰ গণেশগুৰিত ১৯৫৯ চনতে স্থাপন কৰা হৈছিল গোপাল বড়ো চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়খন৷ তেতিয়াৰ দিছপুৰৰ চৰকাৰী গাঁওবুঢ়া অর্জুন ঠাকুৰীয়াই বিদ্যালয় স্থাপনৰ বাবে প্রয়োজনীয় ভূমিৰ লগতে নগদ ৬০,৫২৫ টকাৰ বৰঙণি আগবঢ়াইছিল৷ ইয়াৰ বাহিৰেও ৰাইজৰ অনুৰোধত দুর্গাপ্রসাদ সিং আৰু যামিনী প্রসাদ সিং নামৰ আন দুজন লোকেও বিদ্যালয়খনৰ বাবে ভূমিদান কৰিছিল৷ তেনেকৈয়ে সেই সময়ত বৃহত্তৰ বেলতলা মৌজাৰ একমাত্র বিদ্যালয়খন স্থাপন হৈছিল৷ পৰৱর্তী সময়ত অর্জুন ঠাকুৰীয়াৰ পিতৃ গোপাল বড়োৰ নামেৰে বিদ্যালয়খনৰ নামকৰণ কৰা হয়৷ বিগত ৬০টা বছৰ ধৰি এই চৰকাৰী বিদ্যালয়খনে অসমৰ ৰাজহুৱা শিক্ষাখণ্ডক সমৃদ্ধ কৰি আহিছে৷ সদ্যঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলতো গোপাল বড়ো চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ উত্তীর্ণৰ হাৰ হ’ল ৭৫ শতাংশ৷ ২০১৯ চনত এই হাৰ আছিল প্রায় ৯০ শতাংশ৷ ৰাজধানীৰ গাতে লাগি থকা এই বিদ্যালয়খনক ৰাজ্যৰ এখন আদর্শ বিদ্যালয় হিচাপে গঢ়ি তোলাৰ সম্পূর্ণ সম্ভাৱনা আছিল৷ এই সম্ভাৱনাৰ সঠিক ব্যৱহাৰৰ সলনি অসম চৰকাৰ এতিয়া সাজু হৈছে বিদ্যালয় চৌহদত বহুমহলীয়া পার্কিং স্থাপনৰ বাবে৷ ইয়াৰ বাবে শেহতীয়াকৈ ভূমি অধিগ্রহণ সম্পর্কীয় পত্র জিলা উপায়ুক্তলৈ প্রেৰণ কৰিছে গুৱাহাটী মহানগৰ উন্নয়ন প্রাধিকৰণে৷ জি এম ডি এ/জি এন/৩৬/২০২০/১৪নং পত্রখনৰ জৰিয়তে জি এম ডি এই গোপাল বড়ো চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ চৌহদত থকা দুই বিঘা ভূমি অধিগ্রহণ কৰি তাত বহুমহলীয়া পার্কিং স্থাপন কৰিব বিচাৰিছে৷ প্রণিধানযোগ্য যে ইয়াৰ পূর্বে কংগ্রেছ চৰকাৰৰ আমোলতো বিদ্যালয়খনৰ ভূমি অধিগ্রহণৰ বাবে কৰা অপচেষ্টা ৰাইজৰ প্রতিবাদৰ বাবে ব্যর্থ হৈছিল৷ কিন্তু পৰিৱর্তনৰ শ্লোগানেৰে শাসনলৈ অহা বিজেপি চৰকাৰৰ মানসিকতাৰ কোনো পৰিৱর্তন হোৱা দেখা নগ’ল৷ সেই বাবেই আকৌ এবাৰ গোপাল বড়ো চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয় চৌহদক পার্কিং স্থানলৈ পৰিৱর্তন কৰাৰ ষড়যন্ত্রত লিপ্ত হৈছে চৰকাৰখন৷ সম্প্রতি বিদ্যালয়খনত অধ্যয়নৰত ছাত্র–ছাত্রীৰ সংখ্যা হ’ল ৬৭২গৰাকী৷ শীঘ্রে উচ্চতৰ মাধ্যমিক প্রথম বর্ষৰ বাবে কলা আৰু বিজ্ঞান শাখাৰ নামভর্তিও সম্পন্ন হ’ব৷ ছাত্র–ছাত্রীৰ অভাৱত ৰাজ্যৰ চৰকাৰী প্রাদেশীকৃত বিদ্যালয়সমূহ বন্ধ হৈ অহাৰ সময়ছোৱাত গোপাল বড়ো উচ্চতৰ মাধ্যমিক বিদ্যালয়খন ব্যতিক্রম হিচাপে চিহ্ণিত হৈছে৷ এই বিদ্যালয়খনক অধিক চৰকাৰী পৃষ্ঠপোষকতাৰে আধুনিক ৰূপত গঢ়ি তোলাৰ পৰিৱর্তে বিদ্যালয় চৌহদত বহুমহলীয়া পার্কিং স্থাপনৰ বাবে আৰম্ভ কৰা ষড়যন্ত্র নিঃসন্দেহে গৰিহণাযোগ্য৷ জি এম ডি এৰ এই অভিসন্ধি সম্পর্কত ৰাজ্য চৰকাৰে কি স্থিতি লয়, সেয়া লক্ষণীয় হ’ব৷

You might also like