নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বালিপৰাৰ মানশিৰিত জিলা গোৰ্খা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ

🔹 গোৰ্খা যুৱকৰ হত্যাকাৰীক কঠোৰ শাস্তিৰ দাবীত চক্ৰ বিষয়াক স্মাৰক-পত্ৰ

নিয়মীয়া বাৰ্তা,  ৯ ফেব্ৰুৱাৰী : শোণিতপুৰৰ ৰঙাপৰা সমষ্টিৰ মানশিৰিত আজি সদৌ অসম গোৰ্খা ছাত্ৰ সন্থাই এক উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে । গোৰ্খা ছাত্ৰ সন্থাৰ শোণিতপুৰ জিলা সমিতিৰ উদ্যোগত আৰু বিভিন্ন দল-সংগঠনৰ সহযোগত আজি দিনৰ ১০ বজাৰ পৰা মানশিৰি চেন্টাৰত বিষয়বীয়া, ৰাইজ সমৱেত হৈ যোৱা ৬ ফেব্ৰুৱাৰীত মানশিৰি চেণ্টাৰত ব্যৱসায়সূত্ৰে থকা তেজপুৰ চানমাৰীৰ যুৱক, বি এছ এফৰ পৰা স্বেচ্ছামূলক অৱসৰ গ্ৰহণ কৰা প্ৰাক্তন সৈনিক বিকাশ কটোৱাল (৪৫ ) নামৰ লোকজনক কোনো অচিনাক্ত দুৰ্বৃত্তই হত্যা কৰি লোকজনৰ মানশিৰিস্থিত ভাৰাঘৰত মৃতদেহ পেলাই থৈ যোৱাৰ প্ৰতিবাদত লগতে আজিপৰ্যন্ত আৰক্ষী-প্ৰশাসনে হত্যাকাৰীক আটক কৰিব নোৱাৰাৰ প্ৰতিবাদত এক বিশাল প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হয় । প্ৰতিবাদস্থলীত আগছুৰ জিলা সমিতি, আঞ্চলিক সমিতিৰ বিষয়ববীয়া, সদৌ অসম গোৰ্খা সন্মিলন, অসম নেপালী সাহিত্য সভাৰ বিষয়ববীয়াসকলে ভাষণ প্ৰসংগত মানশিৰিত নেপালী যুৱকৰ ক্ষেত্ৰত সংঘটিত এনে অমানৱীয় কাৰ্যক কঠোৰ ভাষাৰে গৰিহণা দিয়ে । উক্ত ঘটনাৰে জড়িত হত্যাকাৰীক বিগত তিনি দিনে আৰক্ষী-প্ৰশাসনে কিয় চিনাক্ত তথা আটক কৰিবলৈ সক্ষম হোৱা নাই বুলিও প্ৰশ্ন উত্থাপন কৰে । তদুপৰি, অনতিপলমে হত্যাকাৰীক আটক কৰি ফাঁচীৰ দাবী জনায় । প্ৰতিবাদী সভাৰ লগত সংগতি ৰাখি মানশিৰি চেন্টাৰত এক বিশাল প্ৰতিবাদী সমদলো উলিওৱা হয় ।

সমদলত অংশগ্ৰহণকাৰীসকলে হাতে হাতে বেনাৰ, ফেষ্টুন, প্লে-কাৰ্ড লৈ বিকাশ কটোৱালৰ হত্যাকাৰীক আটক কৰি ফাঁচী দিয়ক, ন জাষ্টিচ ন ৰেষ্ট, হত্যাকাৰীক আটক কৰাত বৰঘাট আৰক্ষী ব্যৰ্থ কিয়, নিৰীহ গোৰ্খা লোকক হত্যা বন্ধ কৰক ইত্যাদি বিভিন্ন শ্লোগান দিয়ে । প্ৰতিবাদৰ অন্তত প্ৰতিবাদকাৰীসকলে ঘটনাস্থলীত উপস্থিত হোৱা চাৰিদুৱাৰ ৰাজহ চক্ৰ বিষয়া অদিতি গগৈক মানশিৰিৰ হত্যাকাণ্ডটোৰ দোষীক কৰায়ত্ত কৰি শাস্তি দিবলৈ দাবী জনাই এখন স্মাৰক-পত্ৰও দাখিল কৰে । অনুষ্ঠানত আগছুৰ জিলা সভাপতি দীপক চুব্বা, গোৰ্খা উন্নয়ন পৰিাদৰ সদস্য সঞ্জীৱ ছেত্ৰীৰ লগতে গোৰ্খা সন্মিলন, নেপালী সাহিত্য সভাৰ বিষয়ববীয়া, স্থানীয় সহস্ৰাধিক লোক উপস্থিত থাকে ।

প্ৰেৰক প্ৰাঞ্জল প্ৰতিম

You might also like