নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কাইলৈ ৰাজ্যত বন্ধ থাকিব চৰকাৰী শিক্ষানুষ্ঠান

নিয়মীয়া বাৰ্তা ডিজিটেল, ২১ জানুৱাৰীঃ ৰাম মন্দিৰৰ প্রাণপ্রতিষ্ঠা উপলক্ষে কাইলৈ ৰাজ্য চৰকাৰে দিনৰ দুই বজালৈ চৰকাৰী কার্যালয়সমূহ বন্ধ ঘোষণা কৰিছে৷ শিক্ষানুষ্ঠানসমূহ সমগ্র দিনটোৰ বাবে বন্ধ ঘোষণা কৰা হৈছে৷ বিদ্যালয়ৰ পৰা আৰম্ভ কৰি বিশ্ববিদ্যালয়লৈকে সকলো শিক্ষানুষ্ঠান কাইলৈ দিনটোৰ বাবে বন্ধ থাকিব৷ ৰাজ্যৰ ব্যৱসায় প্রতিষ্ঠানসমূহকো কাইলৈ ৰামলালাৰ প্রতিষ্ঠাৰ সময়ছোৱাত দোকান-পোহাৰসমূহ বন্ধ ৰখাৰ আহ্বান জনাইছে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই। ব্যৱসায়িক প্রতিষ্ঠান, দোকান আদিত কর্মৰত কর্মচাৰীসকলে যাতে ৰামলালাৰ প্রাণপ্রতিষ্ঠাৰ অনুষ্ঠান চাব পাৰে, তাৰ বাবেই তেওঁ দুই–তিনি ঘণ্টাৰ বাবে প্রতিষ্ঠানসমূহ বন্ধ ৰখাৰ আহ্বান জনাইছে৷ লগতে কাইলৈ সন্ধিয়াৰ ভাগত প্রতিটো পৰিয়ালকে নিজৰ ঘৰৰ সমুখত এগচি বন্তি অথবা আলোকসজ্জাৰ ব্যৱস্থা কৰিবলৈ আহ্বান জনাইছে মুখ্যমন্ত্ৰী ড০ শৰ্মাই৷ আই-মাতৃসকলক নিজ নিজ নামঘৰত নাম-কীর্তন কৰি পৰিৱেশটো অধিক আধ্যাত্মিক প্রাণ দিয়াৰ বাবেও আহ্বান জনায়৷ ইছলাম ধর্মাৱলম্বী লোকসকলকো গধূলি বিশেষ নামাজ আৰু খ্রীষ্টান ধর্মাৱলম্বী লোকসকলক বিশেষ প্রার্থনা কৰাৰ আহ্বান জনায়। লগতে কাইলৈ বিয়লি চাৰি বজালৈ ৰাজ্যখনত মাছ-মাংসৰ দোকান বন্ধ ৰখাৰ বাবে নির্দেশ দিয়া হৈছে৷ ৰেষ্টুৰেণ্টসমূহতো সেই সময়ছোৱাত নিৰামিষ আহাৰ প্রদান কৰিবলৈ নির্দেশ দিয়া হৈছে৷ সুৰা বিপণী আৰু বাৰসমূহতো কাইলৈৰ দিনটো ড্রাই ডে হিচাপে ঘোষণা কৰা হৈছে৷

You might also like