নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

একচন মুডত ৰাজ্য চৰকাৰ : বন্ধ কৰাৰ পথত ৩০০ মাদ্রাছা : তালিকা প্ৰস্তুত

বিশেষ বাৰ্তা, ১৭ মেঃ শীঘ্রে ৰাজ্যত আৰু ৩০০খন মাদ্রাছা বন্ধ হোৱাৰ পথত৷ ৰাজ্য চৰকাৰে বন্ধ কৰিবলগীয়া মাদ্রাছাসমূহৰ তালিকা ইতিমধ্যে প্রস্তুত কৰিছে৷ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই এই কথা সংবাদ মাধ্যমৰ আগত উল্লেখ কৰে৷ উল্লেখ্য যে মুখ্যমন্ত্রী হিচাপে দায়িত্বভাৰ গ্রহণ কৰিয়েই ড০ শর্মাই ৰাজ্যখনত মাদ্রাছা বন্ধৰ কঠোৰ পদক্ষেপ গ্রহণ কৰে৷ মূলতঃ মুছলমান সম্প্রদায়ৰ ছাত্র–ছাত্রীসকলক আন ছাত্র–ছাত্রীৰ দৰে সাধাৰণ শিক্ষা প্রদানৰ জৰিয়তে চিকিৎসক–অভিযন্তা আদিকে ধৰি আধুনিক শিক্ষাৰে সু–শিক্ষিত কৰাৰ বাবেই চৰকাৰে এই পদক্ষেপ গ্রহণ কৰে৷ ৰাজ্য চৰকাৰে ইতিমধ্যে ৬০০খন মাদ্রাছা বন্ধ কৰি সেইসমূহ শিক্ষানুষ্ঠানত অধ্যয়ন কৰি থকা ছাত্র–ছাত্রীসকলক সাধাৰণ শিক্ষা প্রদানৰ ব্যৱস্থা কৰে৷ মুখ্যমন্ত্রী ড০ শর্মাৰ এই পদক্ষেপৰ প্রতি মুছলমান সম্প্রদায়ৰ লোকেও যথেষ্ট সহযোগিতা আগবঢ়াই আহিছে৷ ধর্মীয় সংখ্যালঘু সম্প্রদায়ৰ পৰা এইক্ষেত্রত লাভ কৰা সহযোগিতাৰ বাবেই ৰাজ্য চৰকাৰে পুনৰ ৩০০ মাদ্রাছা শিক্ষানুষ্ঠান বন্ধৰ সিদ্ধান্ত লৈছে, যাৰ লিষ্ট প্ৰায় সম্পূৰ্ণ। উল্লেখনীয় যে ৰাজ্যখনত ধর্মীয় শিক্ষা প্রদানৰ গইনা লৈ একাংশ মাদ্রাছা মৌলবাদৰ ঘাটি হৈ পৰিছে৷ বিগত সময়ছোৱাত তেনেধৰণৰ কেইবাখনো মাদ্রাছা প্রশাসনে উচ্ছেদ কৰিবলৈ সক্ষম হোৱাৰ লগতে মৌলবাদী কার্যকলাপৰ সৈতে জড়িত বহু লোকক গ্রেপ্তাৰ পর্যন্ত কৰিছে৷

You might also like