নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নগাঁও কাগজ কলৰ ১০০ কর্মচাৰীৰ সন্তানক দিব চৰকাৰী চাকৰি

নিয়মীয়া বাৰ্তা, ৫ ছেপ্টেম্বৰঃ নগাঁও আৰু কাছাৰ কাগজ কলৰ শ্রমিক–কর্মচাৰীসক্ ১৫ দিনৰ ভিতৰত আৱাসসমূহ খালী কৰিবলৈ লিকুইডেটৰ কুলদীপ বার্মাই নির্দেশ দিয়াৰ পাছতে কলটোৰ একাংশ কর্মচাৰীৰ মাজত তীব্র প্রতিক্রিয়া সৃষ্টি হৈছে৷ ইয়াৰ মাজতে ৰাজ্যৰ জলসম্পদ বিভাগৰ মন্ত্রী পীয়ূষ হাজৰিকাই শনিবাৰে নগাঁও কাগজ কলৰ শ্রমিক–কর্মচাৰীসক্ কলটোৰ মাটি চৰকাৰক ওভতাই দিয়াৰ বাবে আহ্বান জনায়৷

এই সন্দর্ভত সংবাদ মাধ্যমৰ আগত মন্ত্রী হাজৰিকাই কয় যে কাগজ কলটোৰ কর্মচাৰীসকলৰ প্রতি অসম চৰকাৰৰ সহমর্মিতা আছে৷ কাগজ কলটোৰ কর্মচাৰীসকলক উদ্ধাৰ কৰাত, সহায় কৰাত চৰকাৰে গুৰুত্ব দিছে৷ কলটোৰ কর্মচাৰীসকলে লাভ কৰিবলগীয়া দেনা আদায় দিবলৈও চৰকাৰ সাজু আছে৷ ইয়াৰ বিপৰীতে তেওঁলোকে কলটোৰ মাটি চৰকাৰক ওভতাই দিব লাগিব৷

ইতিমধ্যে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই লিকুইডেটৰক দিবলগীয়া ৫৩০ কোটি টকাৰ লগতে অতিৰিক্ত যি ধনৰ প্রয়োজন হয়, ৬০০ কোটি টকা–৬৫০ কোটি টকা আদায় দিয়াৰ ক্ষেত্রত আশ্বাস দিছে৷ কর্মচাৰীসকলে এই বিষয়ত এগ্রিমেণ্ট কৰিলে চৰকাৰে এসপ্তাহৰ ভিতৰতে সেই ধন আদায় দিব আৰু কর্মচাৰীসকলে দেনাও লাভ কৰিব৷ তদুপৰি কলটোৰ ৪০ অনূর্ধ্বৰ ১০০ কর্মচাৰীক ৰাজ্য চৰকাৰৰ কোনো কোনো বিভাগত নিযুক্তিও দিব৷

মন্ত্রী হাজৰিকাই আৰু কয় যে কাগজ কলটোৰ কর্মচাৰীসকলৰ প্রতি বর্তমানৰ ৰাজ্য চৰকাৰৰ সম্পূর্ণ সদিচ্ছা আছে৷ তাৰ বাবেই মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই যোৱা ১১০টা দিনত কলটোৰ শ্রমিক–কর্মচাৰীৰ সংগঠনৰ সৈতে চাৰিখনকৈ বৈঠকতো মিলিত হৈছে৷ ইতিমধ্যে কর্মচাৰীসকলে সেই কথা মানিও লৈছিল৷ দুই–এজনেহে বিপথে পৰিচালিত কৰাৰ চেষ্টা কৰি আহিছে৷ সেয়ে মন্ত্রী হাজৰিকাই কর্মচাৰীসকলক কলটোৰ মাটি ওভতাই দিয়াৰ আহ্বান জনায়৷ কাগজ কলটো পুনৰ উৎপাদনক্ষম কৰাৰ প্রসংগত মন্ত্রী হাজৰিকাই কয় যে বর্তমান যি যন্ত্রপাতি কলটোত আছে, সেয়া আওপুৰণি৷ সেই আওপুৰণি যন্ত্রৰে কলটো পুনৰ উৎপাদনক্ষম কৰা সম্ভৱ নহয়৷ বর্তমানৰ ব্যৱস্থাৰ পৰিৱর্তে নতুন প্রযুক্তিৰে কলটো কৰিব লাগিব৷ এন আৰ এলত অংশীদাৰিত্ব ক্রয় কৰিব পৰা ৰাজ্য চৰকাৰৰ কাগজ কলটো ক্রয় কৰাৰ ক্ষমতা আছে৷ কিন্তু বর্তমানৰ ব্যৱস্থাৰে, বর্তমানৰ মেচিনেৰে কাগজ কলটো চলোৱাটো সম্ভৱ নহয়৷ অনাগত দিনত চৰকাৰে সেই স্থানত আন কোনো কাগজ কল বা আন উদ্যোগ স্থাপন কৰিব৷

ইফালে নগাঁও আৰু কাছাৰ কাগজ কলত শেহতীয়াকৈ উদ্ভৱ হোৱা সমস্যাকে ধৰি কল দুটা বন্ধ হোৱাৰ পাছত কর্মচাৰীসকলে ভুগি অহা সমস্যা সম্পর্কত প্রয়োজনীয় ব্যৱস্থা গ্রহণৰ বাবে প্রদেশ কংগ্রেছৰ সভাপতি ভূপেন বৰাই  এক নির্দেশযোগে সাংসদ প্রদ্যুৎ বৰদলৈক অধ্যক্ষ, কার্যকৰী সভাপতি তথা বিধায়ক কমলাক্ষ দে’ পুৰকায়স্থ আৰু জাকিৰ হুছেইন শিকদাৰক উপাধ্যক্ষ, প্রাক্তন মন্ত্রী অজিত সিং, বিধায়ক শশীকান্ত দাস, কংগ্রেছ নেতা ৰমেশ বৰদলৈ, তমালকান্তি বণিক্যক সদস্য আৰু অৰুণ তিৱাৰীক আহ্বায়ক হিচাপে লৈ এখন কমিটী গঠন কৰি দিয়ে৷

You might also like