বিশেষ বাৰ্তা, ২ আগষ্টঃ বছৰি ৪ লাখতকৈ কম উপার্জন হোৱা চৰকাৰী পেন্সনাৰসকলক ৰাজ্য চৰকাৰে প্রদান কৰিব ৰেচন কার্ড৷ এই ঘোষণা কৰিছে পঞ্চায়ত–গ্রামোন্নয়ন মন্ত্রী ৰঞ্জিত কুমাৰ দাসে৷ উল্লেখ্য যে শেহতীয়াকৈ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা নেতৃত্বাধীন ৰাজ্য চৰকাৰখনে ৰাজ্যৰ ৪০ লাখ লোকক ৰেচন কার্ড দিয়াৰ কথা ঘোষণা কৰিছিল৷ ৰাজ্যিক কেবিনেটে এই সন্দর্ভত গ্রহণ কৰা সিদ্ধান্ত অনুসৰি ৰেচন কার্ডৰ লগতে প্রতিগৰাকী কার্ড হোল্ডাৰক ৫ লাখ টকাৰ স্বাস্থ্য বীমা প্রদানৰো ব্যৱস্থাৰ কথা উল্লেখ কৰা হৈছিল৷ সেই অনুসৰিয়েই ৰাজ্য চৰকাৰে বছৰি ৪ লাখতকৈ কম আয় কৰা অথবা পেন্সন লাভ কৰা চৰকাৰী পেন্সনাৰসকলক ৰেচন কার্ড দিয়াৰ পদক্ষেপ লৈছে৷ মন্ত্রী দাসে প্রকাশ কৰা অনুসৰি পূর্বে বছৰি ১০ লাখ টকা উপার্জন কৰাসকলক ৰেচন কার্ড দিয়াৰ সিদ্ধান্ত আছিল যদিও এই সিদ্ধান্ত ৰাজ্য চৰকাৰে সলনি কৰি ৪ লাখতকৈ কম আয় কৰাসকলক ৰেচন কার্ড দিয়াৰ ব্যৱস্থা কৰে৷ ইতিমধ্যে ৩০ লাখ পৰিয়ালে ৰেচন কার্ডৰ বাবে আবেদন কৰিছে আৰু এই আবেদনসমূহ পৰীক্ষা কৰি থকা হৈছে৷ ৰাজ্য চৰকাৰে ৪০ লাখ লোকক ৰেচন কার্ড দিয়াৰ যি লক্ষ্য বান্ধি লৈছিল সেই লক্ষ্য পূৰণৰ বাবে চৰকাৰী পেন্সনাৰকো ৰেচন কার্ড দিয়াৰ সিদ্ধান্ত লোৱা হৈছে৷ ইয়াৰ জৰিয়তে ইতিমধ্যে অৱসৰ গ্রহণ কৰি পেন্সন লাভ কৰা চতুর্থবর্গৰ কর্মচাৰীসকল বিশেষভাৱে উপকৃত হ’ব৷ অর্থাৎ মাহে ৩০ হাজাৰতকৈ কম পেন্সন পোৱা পৰিয়ালেও লাভ কৰিব ৰেচন কার্ড৷ এই ৰেচন কার্ডৰ জৰিয়তে বিনামূলীয়া চাউল লাভ কৰাৰ লগতে কার্ড হোল্ডাৰে লাভ কৰিব ৫ লাখ টকাৰ এখন স্বাস্থ্য বীমা৷ অটল অমৃত অভিযানৰ লেখীয়াকৈ এই কার্ড হোল্ডাৰসকলক মুখ্যমন্ত্রীৰ আয়ুষ্মান কার্ড প্রদান কৰা হ’ব৷ এই কার্ডৰ দ্বাৰা এই পৰিয়ালসমূহে ৫ লাখ টকা পর্যন্ত চিকিৎসা সাহায্য লাভ কৰিব৷ মন্ত্রীগৰাকীয়ে আজি সংবাদ মাধ্যমৰ আগত ইয়াকো জানিবলৈ দিয়ে যে প্রতিগৰাকী হিতাধিকাৰীৰ বিপৰীতে ২০ টকাকৈ ব্যয় কৰি অনলাইনৰ জৰিয়তে আবেদনসমূহ পৰীক্ষা কৰা হৈছে আৰু পৰিয়ালটো প্রকৃততে ৰেচন কার্ড লাভ কৰিব পৰা হিতাধিকাৰী হয়নে নহয় তাক পৰীক্ষা কৰা হৈছে৷ অহা দুমাহৰ ভিতৰত ৪০ লাখ পৰিয়ালে ৰেচন কার্ড লাভ কৰিব৷