নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চৰকাৰ আমাৰেই কংগ্রেছ এআইইউডিএফক নস্যাৎ ৰাইজৰ

অসম গণ পৰিষদৰ সভাপতি অতুল বৰাৰ দাবী

নিয়মীয়া বাৰ্তা ৮ এপ্ৰিলঃ তিনিটা পর্যায়ত সম্পন্ন হোৱা বিধানসভা নির্বাচনৰ ভোটগণনালৈ যথেষ্ট দিন বাকী আছে যদিও চৰকাৰ গঠনৰ দাবী অধিক তীব্রতৰ কৰি তুলিছে প্রতিটো ৰাজনৈতিক দলে৷ বিজেপি নেতৃত্বাধীন মিত্রজোঁটৰ ১০০ প্লাছ আসন দখলৰ লক্ষ্য অব্যাহত আছে বুলি শেহতীয়াকৈ সভাপতি ৰঞ্জিত দাসে মন্তব্য কৰাৰ বিপৰীতে কংগ্রেছ নেতৃত্বাধীন মহাজোঁটে চৰকাৰ গঠন কৰিব বুলি দাবী তুলিছে৷ আনকি প্রদেশ কংগ্রেছৰ সভাপতি ৰিপুণ বৰাই মহাজোঁটে ৮০খনতকৈ অধিক আসন দখল কৰিব বুলি মন্তব্য কৰিছে৷ কংগ্রেছৰ এনে দাবী আজি নস্যাৎ কৰি ১০০ শতাংশই মিত্রজোঁটে চৰকাৰ গঠন কৰিব বুলি মন্তব্য কৰিলে অগপ সভাপতি অতুল বৰাই৷

বুধবাৰে সাংবাদিকৰ আগত আঞ্চলিক দলটোৰ সভাপতিগৰাকীয়ে কয়– দুই মে’ত স্পষ্ট হৈ পৰিব মিত্রজোঁটৰ চৰকাৰ গঠনৰ লক্ষ্য৷ মিত্রদলে ১০০ প্লাছ আসন দখলৰ যি লক্ষ্য লৈছিল, সেয়া পূৰণ নহ’ব পাৰে, কিন্তু এখন শক্তিশালী চৰকাৰ গঠন কৰিবলৈ আমি সক্ষম হ’ম৷ ৰাইজৰ বাবে এখন শক্তিশালী তথা ভাল চৰকাৰ মিত্রজোঁটে গঠন কৰিব পাৰিব বুলি আমি দৃঢ় বিশ্বাসী৷ প্রথম দুটা পর্যায়ত মিত্রজোঁটে যথেষ্ট ভাল ফল দেখুৱাবলৈ সক্ষম হৈছে বুলি দাবী কৰি অগপৰ সভাপতিজনে তৃতীয় পর্যায়তো বিজেপি, অগপ আৰু ইউ পি পি এলে আশা কৰা ধৰণে ফলাফল দেখুৱাবলৈ সক্ষম হ’ব৷ ৰাইজে কংগ্রেছ–এ আই ইউ ডি এফক এইবাৰ সম্পূর্ণৰূপে নস্যাৎ কৰিছে৷ অগপই এইবাৰ নামনিত আশা কৰাতকৈ যথেষ্ট উন্নত ফলাফল দেখুৱাব পাৰিব বুলিও অতুল বৰাই মন্তব্য কৰে৷

ইফালে, তৃতীয় পর্যায়ৰ নির্বাচনৰ পাছতেই ই ভি এম টেম্পাৰিং হোৱা বুলি কংগ্রেছে তোলা অভিযোগ সন্দর্ভত অগপৰ সভাপতিজনে কয়– কংগ্রেছে যে হাৰ মানিছে, সেয়া প্রতিপন্ন হৈছে এই অভিযোগেৰে৷ এইবাৰ নির্বাচনত পৰাজয়ৰ শংকা দেখিয়েই কংগ্রেছে এনেবোৰ অভিযোগেৰে ৰাইজক আভুৱা ভাঁৰিবলৈ আৰম্ভ কৰিছে৷ অগপ সভাপতি অতুল বৰাৰ মন্তব্যৰ সমান্তৰালকৈ আজি বিজেপিৰ ৰাষ্ট্রীয় সাধাৰণ সম্পাদক তথা সাংসদ দিলীপ শইকীয়ায়ো মিত্রজোঁটে ৯০খনতকৈ অধিক আসন লাভ কৰিব বুলি দাবী কৰিলে৷

বুধবাৰে সাংবাদিকৰ আগত সাংসদজনে কয়– মিত্রজোঁটে এইবাৰ যথেষ্ট ভাল ফল দেখুৱাবলৈ সক্ষম হ’ব আৰু দুই–তৃতীয়াংশ আসন দখলেৰে চৰকাৰ গঠন কৰিব৷ ইতিমধ্যে তিনিটা পর্যায়ৰ ভোটগ্রহণৰ পাছত মিত্রজোঁটৰ চৰকাৰ গঠন দিশ প্রায় স্পষ্ট হৈছে৷ বিগত ৫ বছৰত মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালৰ নেতৃত্বত চৰকাৰখনে যিবোৰ উন্নয়নৰ কাম কৰিলে, তাক প্রত্যক্ষ কৰি ৰাইজে এইবাৰ মিত্রজোঁটক যথেষ্ট আশীর্বাদ দিছে৷ বিশেষকৈ ক’ৰোনাকেন্দ্রিক পৰিৱেশৰ সময়ত স্বাস্থ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ নেতৃত্বত স্বাস্থ্য বিভাগটোৱে ৰাজ্যবাসীক যিধৰণে সেৱা আগবঢ়ালে, ৰাইজে সেই বাবে আমাক যথেষ্ট আশীর্বাদ দিছে৷

কংগ্রেছক সমালোচনা কৰি দিলীপ শইকীয়াৰ মন্তব্য– বর্তমান কংগ্রেছৰ অৱস্থা অতি শোচনীয়৷ ৰাইজে এই দলটোক এইবাৰ সম্পূর্ণৰূপে প্রত্যাখ্যান কৰিছে৷ ই ভি এমৰ টেম্পাৰিঙৰ অভিযোগ তোলা কংগ্রেছে ইতিমধ্যে এই নির্বাচনত তেওঁলোকৰ পৰাজয় যে নিশ্চিত, সেয়া বুজি উঠিছে৷ কংগ্রেছে যেতিয়াই নির্বাচনত হাৰ মানে, তেতিয়াই এনেধৰণৰ অভিযোগ উত্থাপন কৰে৷ এয়া অস্বাভাৱিক নহয়, এয়া কংগ্রেছৰ স্বভাৱগত নীতি৷

উল্লেখ্য যে ৰাজ্যত এইবাৰ মিত্রজোঁটে নে মহাজোঁটে চৰকাৰ গঠন কৰিব, তাক লৈ নির্বাচনৰ পাছতে তুমুল চর্চা আৰম্ভ হৈছে৷ কালি সম্পন্ন হোৱা অন্তিম পর্যায়ৰ নির্বাচনৰ পাছতেই মহাজোঁটৰ অন্যতম অংশীদাৰ বি পি এফে এইবাৰ বিজেপি পৰাস্ত হ’ব বুলি দাবী কৰিছে৷ বি পি এফৰ মুৰব্বী হাগ্রামা মহিলাৰীয়ে ৭০খন আসন দখলেৰে মহাজোঁটে চৰকাৰ গঠন কৰিব বুলি কালি দাবী কৰাই নহয়, তিনিটাও পর্যায়তে মিত্রজোঁটতকৈ অধিক আসন মহাজোঁটে লাভ কৰিব বুলিও মন্তব্য কৰিছে৷ হাগ্রামা মহিলাৰীৰ এনে মন্তব্যৰ বিপৰীতে ইউ পি পি এলৰ সভাপতি প্রমোদ বড়োৱে বি টি এ ডিত বি পি এফ এইবাৰ নিশ্চিহ্ণ হ’ব বুলি উল্লেখ কৰিছে৷ মিত্রজোঁটৰ অংশীদাৰ ৰূপে প্রমোদ বড়োৱে দিছপুৰত পুনৰ মিত্রদলৰ চৰকাৰ হ’ব বুলি দাবী কৰে৷

You might also like