🔹 লেহেম গতিৰ কাম ত্বৰান্বিত কৰিবলৈ নিৰ্দেশ
বিশেষ বাৰ্তা, ১৯ অক্টোবৰ : ডিব্ৰুগড় জিলা আয়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত আজি অসমৰ ৰাজ্যপাল গুলাব চান্দ কাটাৰিয়া উপস্থিত হৈ জিলা আয়ুক্ত আৰু বিভিন্ন বিভাগৰ মুৰব্বী, সুৰক্ষা অভিকৰণ আৰু বিভিন্ন চৰকাৰী প্ৰতিৰক্ষাৰ বিষয়া প্ৰতিনিধিসকলৰ লগত পুনৰীক্ষণ সভা এখনত সভাপতিত্ব কৰে। ৰাজ্যপাল গুলাব চান্দ কটাৰিয়াই পুৱা প্ৰায় ১০ বজাত উপস্থিত হৈ জিলা আয়ুক্ত কাৰ্যালয়ৰ চৌহদত সামৰিক বাহিনীৰ পৰা অভিবাদন গ্ৰহণ কৰাৰ পিছত জিলা আয়ুক্ত কাৰ্যালয়ত অনুষ্ঠিত হোৱা পুনৰীক্ষণ বৈঠকত অংশগ্ৰহণ কৰে। বৈঠকত পাৱাৰ প’ইন্ট প্রেজেন্টষ্টেচনৰ জড়িয়তে বিভিন্ন আঁচনি যেনে প্রধানমন্ত্ৰী আৱাস যোজনা, জল জীৱন মিছন, স্বচ্ছ ভাৰত অভিযান, অৰুণোদয়, প্ৰধানমন্ত্ৰী কিষাণ, নিক্সেৰ মিত্র, মাইক্রফাইনেঞ্চ, সৌভাগ্য ইত্যাদিৰ অগ্ৰগতিৰ প্ৰতিবেদন প্ৰদৰ্শন কৰা হয়। ৰাজ্যপালে সকলো প্রতিবেদনৰ পুংখানুপুংখভাৱে সত্যাসত্য নিৰূপণ কৰে আৰু লেহেম গতিত চলি থকা কামসমূহ ত্বৰান্বিত কৰিবলৈ নিৰ্দেশ দিয়ে। তদুপৰি তেওঁ বিগত সভাত নিৰীক্ষণ কৰি যোৱা বহুতো প্ৰতিবেদনৰ ওপৰত কেনেধৰণৰ পদক্ষেপ অৱলম্বন কৰা হ’ল আৰু কাৰ্যফলৰ ওপৰত গুৰুত্ব আৰোপ কৰি মন্তব্য প্ৰদান কৰে। জিলা আয়ুক্ত বিক্ৰম কৈৰীয়ে বৈঠকত ৰাজ্যপাল কাটাৰিয়াক আদৰণি জনায় আৰু বৈঠকৰ আৰম্ভণিতে সম্পূৰ্ণ জিলাখনৰ এক চমু বর্ণনা আগবঢ়ায়। বিভিন্ন আঁচনিৰ অগ্ৰগতিৰ প্রতিবেদন অনুসৰি পঞ্চায়ত আৰু গ্ৰাম্য উন্নয়নৰ অন্তৰ্গত মহাত্মা গান্ধী ৰাষ্ট্ৰীয় গ্ৰাম্য নিয়োগ নিশ্চিত আইন আঁচনিৰ অধীনত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ কৃষি বিভাগৰ লগত সংগতি ৰাখি ৩৪.৭৫ শতাংশ কাম সম্পন্ন হৈছে। জিলা আয়ুক্ত কৈৰীয়ে উল্লেখ কৰে যে অমৃত সৰোবাৰ অভিযানৰ অধীনত সকলো উন্নয়ন খণ্ডৰ অন্তৰ্গত ৮৬টা কাম সম্পন্ন হৈছে আৰু বৰ্তমান ৭টা আঁচনিৰ কাম চলি আছে। পুৰণি প্ৰতিবেদনৰ তথ্য অনুসৰি জানিব পৰা মতে প্ৰধানমন্ত্ৰী আৱাস যোজনা আঁচনিৰ অধীনত লক্ষ্য আছিল ৩০৯৮টা গৃহ নির্মাণ আৰু এই ক্ষেত্ৰত ৯৬.৩১ %শতাংশ কাম সম্পন্ন হৈছে আৰু কেঁচা গৃহ ৮২.৮৮% শতাংশ সম্পূর্ণ হৈছে। এই আচঁনিৰ অধীনত ২০২১-২২ চনত বৰ্তমান ৪১% শতাংশ কাম সম্পূৰ্ণ হৈছে। ৰাষ্ট্ৰীয় সামাজিক সাহায্য কার্যক্রম (NSAP) ৰ অধীনত বিভিন্ন আঁচনি যেনে ইন্দিৰা গান্ধী ৰাষ্ট্ৰীয় বৃদ্ধ পেঞ্চন আঁচনি, ইন্দিৰা গান্ধী ৰাষ্ট্ৰীয় বিধৱা পেঞ্চন আঁচনি, ইন্দিৰা গান্ধী দিব্যাংগ পেঞ্চন আঁচনি ইত্যাদিৰ কাম ৬৮% শতাংশ সম্পূর্ণ হৈছে। জনস্বাস্থ্য কাৰিকৰী বিভাগৰ অন্তৰ্গত জল জীৱন মিছনৰ অধীনত ঘৰে ঘৰে পানীৰ টেপ সংযোগৰ বাবে সৰ্বমুঠ ২,৭৭,৬৯৪ গৃহত পানীৰ টেপ সংযোগ লক্ষ্যস্থল আছিল, যাৰ ভিতৰত ১,৫৭,২৭০ অৰ্থাৎ ৫৬.৬৩% শতাংশ কাম সম্পূৰ্ণ হৈছে। বৈঠকত উল্লেখ কৰা অনুসৰি জল জীৱন অভিযানৰ অন্তৰ্গত সৰ্বমুঠ ১২৪৯ আঁচনি আছিল আৰু তাৰে ২৮১ কাম বর্তমান সম্পূর্ণ হৈছে। টেপ সংযোগ আচঁনিৰ লগত সংগতি ৰাখি ১৭৮৫ বিদ্যালয়ৰ ভিতৰত ১৭২৫খন বিদ্যালয়ত ইতিমধ্যেই সংযোগ স্থাপন কৰা হৈছে। ব্যক্তিগত গৃহ শৌচাগৰ নিৰ্মাণ আৰু প্রত্যক্ষ লাভালাভ স্থানান্তৰ আঁচনিৰ অধীনত ১৮১৭টা আচঁনিৰ কাম সম্পন্ন হোৱাৰ কথাও উল্লেখ কৰা হয়। তদুপৰি বিভিন্ন বিদ্যালয়ত বিদ্যাঞ্জলি কাৰ্যক্ৰমৰ অধীনত বিভিন্ন বিদ্যালয়ত চিলিং ফেন প্ৰদান কৰা আৰু গৰম খাদ্য পৰিৱেশন, ডিজিটেল কক্ষৰ নিৰ্মাণ ইত্যাদিৰ ক্ষেত্ৰত বিভিন্ন পদক্ষেপ অৱলম্বন কৰা বিষয়ে সদৰী কৰে।জিলা আয়ুক্তগৰাকীয়ে উল্লেখ কৰে যে স্বাস্থ্য বিভাগৰ অন্তৰ্গত ৰক্তদান শিবিৰ জিলাখনত আয়োজন কৰা হৈছিল আৰু ৰাজ্যপালগৰাকীয়ে আহ্বান কৰে যে জিলাখনত ৰক্তদান শিবিৰ সময়ে সময়ে আয়োজন কৰি থকা উচিত। উল্লেখযোগ্য যে জিলাৰ চৰকাৰী চিকিৎসালয়ত চিটি স্কেন, এক্সৰে, গৱেষণাগাৰৰ সেৱা ইত্যাদি বিনামূলীয়াকৈ প্ৰদান কৰা হয়। ডিব্ৰুগড় জিলাত আয়ুসমান কাৰ্ডৰ হিতাধিকাৰীৰ লক্ষ্য আছিল ৭,০৭,০৬৩ আৰু ই-কে ৱাই চি বৰ্তমানলৈকে ৫,৮০,৩৭১ টকা কার্ড অৰ্থাৎ ৮২.১ % প্ৰদান কৰা হৈছে। নিক্সেয় মিত্ৰা আঁচনিৰ অধীনত প্রধান যক্ষ্মা ৰোগ মুক্তি ভাৰত অভিযানৰ অধীনত ১৮৬৫গৰাকী ৰোগীক চিকিৎসা প্ৰদান কৰি থকাৰ বিপৰীতে লোকনিৰ্মাণ বিভাগৰ বিভিন্ন আঁচনি যেনে মুখ্যমন্ত্রী মুখ্য উন্নত পথ, মুখ্যমন্ত্ৰী চড়ক যোজনা ইত্যাদিৰ অন্তৰ্গত কাৰ্যকৰী হৈ থকা কামখিনি ত্বৰান্বিত কৰিবলৈ ৰাজ্যপাল কাটাৰিয়াই আহ্বান জনায়। অসম ধান ক্ৰয়, ২০২১-২২ চনত ১১৫০০ৰ ভিতৰত ১৬৪৬ প্ৰমাণ পত্ৰ প্ৰদান কৰা হয় আৰু ২০২২-২৩ চনত ১৩০০০ৰ ভিতৰত ১৭০১ প্ৰমাণ-পত্ৰ প্ৰদান কৰা হয়। জিলা আয়ুক্ত বিক্ৰম কৈৰীয়ে উল্লেখ কৰে যে সমাজ কল্যাণ বিভাগৰ অন্তৰ্গত প্ৰধানমন্ত্ৰী মাত্ৰো বন্দনা যোজনাৰ অধীনত প্ৰথম সন্তান ৫১৩৯ আৰু দ্বিতীয় সন্তান ১৯২২ হিতাধিকাৰী আছিল আৰু বৰ্তমানলৈকে ৫০০০ হেজাৰ টকা পুঁজি হিচাপে তিনিটা কিস্তিত প্ৰদান কৰা হ’ব । অৰুণোদয় আঁচনিৰ অন্তৰ্গত ৮৪৬০৩ হিতাধিকাৰী বাছনি কৰা হৈছিল আৰু ৫৩৭২২ লক্ষ্য কৰা হৈছিল আৰু বৰ্তমান ডিজিটাইজ ৪৫৩২ গৰাকী হৈছে অর্থাৎ জিলাখনত এই আচঁনিৰ ৮২.২৩ % কাম সম্পন্ন হৈছে। জিলাত এক জিলা এক উৎপাদনৰ ক্ষেত্ৰত সৰিয়হ উৎপাদনৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছে। ইয়াৰ উপৰি জিলা আয়ুক্তই জিলাত বাল্য বিবাহ প্ৰতিৰোধৰ বাবে ২০২২- ২৩ বৰ্ষত বর্তমান ৯৫ টা সজাগতাৰ অনুষ্ঠান আয়োজন কৰাৰ কথা সদৰী কৰি নিচামুক্ত ভাৰত অভিযানৰ অধীনত ডিব্ৰুগড় জিলাত ২৪টা সজাগতা অনুষ্ঠান আয়োজন কৰাৰ বিপৰীতে ১০৬৫ ৰোগীক চিনাক্ত কৰাৰ বিষয়ে উল্লেখ কৰে। বিভাগৰ অন্তৰ্গত SOPD আঁচনিৰ অধীনত মানুহ-হাতীৰ সংঘাত বন্ধ কৰিবলৈ বিভিন্ন পদক্ষেপ অৱলম্বন কৰা হৈছে বুলি উল্লেখ কৰে। আনহাতে ৰাজ্যপালে নাৰ্ছাৰীৰ সংখ্যা আৰু বৃদ্ধি কৰিবলৈ পৰামৰ্শ প্ৰদান কৰে। জলসিঞ্চন, জলসম্পদ ইত্যাদি বিভাগৰ বিভিন্ন কামৰ অগ্ৰগতিৰ কাম গুৰুত্বসহকাৰে ৰাজ্যপালগৰাকীয়ে নিৰীক্ষণ কৰে আৰু প্রত্যেক প্ৰেজেন্টেচনৰ ওপৰত নিজৰ বহুমূলীয়া মন্তব্য আৰু পৰামৰ্শ আগবঢ়ায়। ডিব্ৰুগড়ৰ আৰক্ষী অধীক্ষক শ্বেতাংগ মিশ্ৰই আৰক্ষী বিভাগৰ বিষয়া-কৰ্মচাৰীসকলক বিভিন্ন প্ৰশিক্ষণৰ বাবে বহি:ৰাজ্যলৈ পঠোৱা হয় বুলি সদৰী কৰাত প্ৰতিৰক্ষাৰ প্ৰতি গুৰুত্ব আৰোপ কৰি ৰাজ্যপাল কাটাৰিয়াই ৰাজ্যত চাইবাৰ অপৰাধ বহুত হৈ থকাৰ ক্ষেত্ৰত আৰক্ষী বিভাগে বিভিন্ন ধৰণৰ প্ৰশিক্ষণ, পদক্ষেপ ইত্যাদি গ্ৰহণ কৰিবলৈকো আহ্বান জনায়। আজিৰ এই গুৰুত্বপূৰ্ণ বৈঠকত জিলা আয়ুক্ত বিক্ৰম কৈৰী, বিভিন্ন বিভাগৰ মুৰব্বী তথা প্ৰতিনিধিসকল, প্রশাসনিক বিষয়াসকল উপস্থিত থাকে। ইয়াৰ পিছত বিভিন্ন আঁচনিৰ হিতাধিকাৰীসকলৰ লগত এক মত বিনিময় অনুষ্ঠানত ৰাজ্যপালে অংশগ্রহণ কৰে। ইফালে, বিয়লি ৪ বজাত ৰাজ্যপালগৰাকীয়ে ডিব্ৰুগড়ৰ আৱৰ্ত ভৱনত মাজুলীৰ সাংস্কৃতিক বিশ্ববিদ্যালয় উপাচার্য ড° ডম্বৰুধৰ নাথে লিখা গ্রন্থ ” Nirguna Bhakti” in Eastern India Ideology, Identity and Resistance উন্মোচন কৰে আৰু এই কাৰ্যসূচীত পেট্রোলিয়াম, গেছ শ্রম বিভাগৰ মন্ত্ৰী ৰামেশ্বৰ তেলী, চাবুৱাৰ বিধায়ক পোনাকণ বৰুৱা, সাংস্কৃতিক বিশ্ববিদ্যালয়ৰ প্ৰবক্তাসকল, প্রশাসনিক বিষয়াসকল উপস্থিত আছিল।
প্ৰেৰক বিভাস দুৱৰা