🔹 আশাৰীকান্দীৰ টেৰাকটা শিল্পীৰে মত বিনিময়
নিয়মীয়া বাৰ্তা, ২২ আগষ্ট : আজি ধুবুৰী জিলাৰ গৌৰীপুৰৰ সমীপৰ টেৰাকোটা গাঁৱত উপস্থিত হৈ গাঁওখনৰ স্থানীয় মৃৎশিল্পীৰে মত বিনিময় কৰে অসমৰ ৰাজ্যপাল গুলাব চান্দ কাটাৰীয়াই। গাঁওখনৰ টেৰাকটা শিল্পই আপ্লুত কৰি তোলে তেওঁক। পিছত সংবাদ মাধ্যমৰে হোৱা কথা-বতৰাত ৰাজ্যপালগৰাকীয়ে আশাৰীকান্দি এনে এখন গাওঁ, যাৰ ৰাইজে একেবিধ কলাৰ সৈতে জড়িত হৈ আছে বুলি মন্তব্য কৰে। চৰকাৰে মৃৎশিল্পৰ প্ৰাচীন এই ধাৰাক সমগ্ৰ দেশ আৰু বিশ্বত চিনাকি কৰাৰ সমান্তৰালকৈ টেৰাকটাৰ সামগ্ৰী বিক্ৰী হোৱাৰ বাবে প্ৰচেষ্টা লোৱা বুলিও তেওঁ উনুকিয়ায়। ৰাজ্যপাল কাটাৰীয়াই গাওঁখনৰ টেৰাকটা শিল্পীসকলৰ বাবে নতুন আঁচনি অনাৰ বিষয়টো লৈ চৰকাৰৰ সৈতে কথা পাতিব বুলি উপস্থিত সাংবাদিকক জনায়। উল্লেখ্য যে আজি দুদিনীয়া কাৰ্যসূচীৰে সপত্নীক ধুবুৰী জিলাত উপস্থিত হৈছে গুলাব চান্দ কাটাৰীয়া। আজি পুৱা কোকৰাঝাৰৰ পৰা ধুবুৰীলৈ অহাৰ পথত ধুবুৰী জিলা সংলগ্ন বিটিএডিৰ বগৰীবাৰীৰ ঐতিহ্যমণ্ডিত মা মহামায়া মন্দিৰত সেৱা আগবঢ়ায় তেওঁ। গৌৰীপুৰৰ আশাৰাকান্দীৰ পৰা পোনে পোনে ধুবুৰী আৱৰ্ত ভৱনত উপস্থিত হয় তেওঁ। আৱৰ্ত ভৱনত আৰক্ষীৰ এটি দলে পৰম্পৰাগত গাৰ্ড অৱ অ’নাৰেৰে স্বাগতম জনায় ৰাজ্যপালগৰাকীক। সামান্য সময় আৱৰ্ত ভৱনত অতিবাহিত কৰাৰ পিছত জিলা প্ৰশাসনৰ উচ্চপদস্থ বিষয়াবৰ্গসহ আৱৰ্ত ভৱনৰ পৰা গৈ ধুবুৰী-ফুলবাৰী দলংৰ নিৰ্মাণস্থলীত উপস্থিত হয় আৰু দেশৰ বৃহত্তম নদী দলংখনৰ নিৰ্মাণৰ কাম-কাজ পৰ্যবেক্ষণ কৰে। পিছত আজি বিয়লিৰ ফালে ধুবুৰীত ৰূপায়িত হৈ থকা ৰাজ্য আৰু কেন্দ্রীয় চৰকাৰৰ বিভিন্ন আঁচনিৰ অগ্ৰগতিৰ খতিয়ান ল’বলৈ জিলা প্ৰশাসন আৰু বিভিন্ন চৰকাৰী বিভাগৰ মুৰব্বীৰে এক গুৰুত্বপূৰ্ণ বৈঠকতো অংশ ল’ব ৰাজ্যপাল কাটাৰিয়াই। জানিব পৰা মতে, ধুবুৰীৰ ঐতিহ্যমণ্ডিত টেগ বাহাদুৰ চাহিবজী গুৰুদ্বাৰাত সেৱা আগবঢ়োৱাৰ উপৰি কাইলৈ ধুবুৰী জিলাৰ গোলকগঞ্জৰ শত্ৰশালৰ ঐতিহ্যমণ্ডিত গুৰুজনাৰ স্মৃতি বিজড়িত শ্ৰীৰামৰাই কুটি সত্ৰ পৰিভ্ৰমণ কৰিব ৰাজ্যপাল গুলাব চান্দ কাটাৰিয়াই।
প্ৰেৰক অমিতাভ চক্ৰৱৰ্তী