বিশেষ বাৰ্তা, ৮ মাৰ্চঃ ২০,০০০ টকা উৎকোচ লৈ অসম দুৰ্নীতি নিৰ্বাৰক শাখাৰ ওচৰত আজি পুনৰ হাত দাঙিলে অসম চৰকাৰৰ বন বিভাগৰ এজন বিষয়াই। অসম দুৰ্নীতি নিৰ্বাৰক শাখাৰ অভিযানত উৎকোচ লোৱাৰ সময়তে হাতে লোটে আটক কৰিলে গোলাঘাটৰ জামুগুৰি আঞ্চলিক বন বিষয়া গোবিন্দ টাইদক। শিল কঢ়িওৱা ডাম্পাৰৰ পৰা ভয় ভাবুকিৰে বিশ হাজাৰ টকা উৎকোচ বিচাৰিছিল ব্যৱসায়ী দেৱজিৎ বৰা নামৰ লোকজনৰ পৰা। সেই সময়তেই জামুগুৰিৰ দহমাইলখুটিস্থিত জামুগুৰি আঞ্চলিক বন বিষয়াৰ নিজৰ কাৰ্যালয়তে আজি বিয়লিৰভাগত ২০ হাজাৰ টকা উৎকোচ লৈ থকাৰ সময়তে আটক কৰে বন বিষয়াজনক। উল্লেখ যে, পূৰ্বতেও অঞ্চলটোৰ ব্যৱসায়ীসকলক ধন দাবী কৰি অতিষ্ঠ কৰি আহিছিল বিষয়াজনে। যোৱা আগষ্ট/চেপ্তেম্বৰ মাহৰ পৰা আঞ্চলিক বন বিষয়াজনে জামুগুৰি আঞ্চলিক বন বিভাগৰ অধীনৰ , মেৰাপানী, ঘিলাধাৰী আৰু জামুগুৰি খণ্ড বন বিভাগৰ এলেকাসমূহত এক প্ৰকাৰৰ সন্ত্ৰাসৰ সৃষ্টি কৰি আহিছিল বুলিও অভিযোগ আছে। শিল-বালি কঢ়িওৱা প্ৰতিখন গাড়ীৰ পৰা মাহেকীয়া হিচাপত দাবী কৰিছিল ধন। গাড়ী ধৰি ৰাখিম, মানুহক ধৰি ৰাখিম আদি বিভিন্ন ভয় -ভাবুকিৰে লুন্ঠনৰাজ চলাই আহিছিল বন বিষয়াজনে। অন্যহাতে আঞ্চলিক বন বিষয়াজনৰ উৎকোচৰ লালসাৰ পৰা সাধাৰণ মানুহ এজনো সাৰি যোৱা নাছিল। সাধাৰণ মানুহেও নিজৰ ভোগ-দখলৰ মাটিডোখৰত অকনমান মাটি খান্দলে বা নিজৰ বাৰীত থকা খৰি এডাল কাটিলেও আঞ্চলিক বন বিষয়া গোবিন্দ টাইদক দিব লগা হৈছিল উৎকোচ। আজিৰ ঘটনাৰ সন্দৰ্ভত বাতৰি লিখাৰ সময়লৈকে ঘিলাধাৰী থানাৰ আৰক্ষী আৰু অসম দুৰ্নীতি নিৰ্বাৰক শাখাই বিষয়াজনক জেৰা অব্যাহত ৰাখিছে আৰু বন বিষয়াজনৰ গোলাঘাট নগৰত থকা বাসভৱনত তালাচী চলাব বুলি জানিব পৰা গৈছে।
প্ৰেৰক দিগন্ত কুমাৰ বৰা