নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ডিচেম্বৰলৈকে বন্ধ থাকিব নেকি স্কুলসমূহ ? চৰকাৰৰ স্পষ্টীকৰণ

নিয়মীয়া বাৰ্তা,১৬ আগষ্ট: ভিড-১৯ৰ পৰিপ্ৰেক্ষিতত দেশত মাৰ্চ মাহৰে পৰা বন্ধ হৈ থকা শিক্ষানুষ্ঠানসমূহৰ তলা ডিচেম্বৰতহে খুলিব বুলি একাংশ সংবাদ মাধ্যমত প্ৰচাৰিত বাতৰিক নস্যাৎ কৰিছে কেন্দ্ৰীয় চৰকাৰে ।

লগতে পঢ়কঃ বগা দাগ বা Vitiligo ৰোগত আক্ৰান্ত হ’লে কেনেকৈ কৰিব ইয়াৰ চিকিৎসা ?

কেন্দ্ৰীয় চৰকাৰৰ অধীনস্থ প্ৰেছ ইনফৰ্মেশ্যন ব্যুৰৰ ফালৰ পৰা দিয়া হৈছে এই সম্পৰ্কত স্পষ্টীকৰণ । পি আই বি ফেক্ট চেক নামৰ টুইটাৰ একাউণ্টটোত প্ৰকাশ কৰা অনুসৰি ডিচেম্বৰলৈকে বিদ্যালয়সমূহ বন্ধ ৰখাৰ ক্ষেত্ৰত এতিয়ালৈকে কোনোধৰণৰ সিদ্ধান্ত গ্ৰহণ কৰা হোৱা নাই । এনে খবৰক ভুৱা আখ্যা দিছে সংস্থাটোৱে ।

উল্লেখ্য যে অসম চৰকাৰৰ লগতে কেইবাখনো ৰাজ্য চৰকাৰে ছেপ্টেম্বৰৰ পৰা বিদ্যালয়সমূহ খুলি দিয়াৰ পৰিকল্পনা গ্ৰহণ কৰিছে । এই সন্দৰ্ভত অসম চৰকাৰে এক প্ৰস্তাৱিত নিৰ্দেশাৱলী ৰাইজৰ পৰামৰ্শৰ বাবে প্ৰকাশ কৰিছে ।

শিক্ষামন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই জনোৱা অনুসৰি ২৫ আগষ্টত ৰাইজৰ পৰামৰ্শসমূহ পৰ্যআলোচনা কৰা হব । তদুপৰি শিক্ষানুষ্ঠানসমূহ খোলাকলৈ কেন্দ্ৰীয় চৰকাৰৰ নিৰ্দেশনাৰ বাবেও ৰাজ্য চৰকাৰে অপেক্ষা কৰিছে ।

You might also like