‘দ্য কাশ্মীৰ ফাইলছ’ চাব বিচৰা কর্মচাৰীলৈ অর্ধছুটী
নিয়মীয়া বাৰ্তা, ১৬ মাৰ্চঃ ’৯০ৰ দশকত কাশ্মীৰত কাশ্মীৰী পণ্ডিতসকলৰ ওপৰত চলা অকথ্য নির্যাতন আৰু গণহত্যাৰ কাহিনীৰ ভিত্তিত নির্মাণ কৰা ‘দ্য কাশ্মীৰ ফাইল্ছ’ নামৰ ছবিখন মঙলবাৰে উপভোগ কৰে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই৷ গুৱাহাটীৰ পিভিআৰ চিনেমা হলত মঙলবাৰে সন্ধিয়া সতীর্থ মন্ত্রী আৰু বিধায়কসহ এই ছবিখন উপভোগ কৰে মুখ্যমন্ত্রীগৰাকীয়ে৷ এটা বাস্তৱ কাহিনীৰ ভিত্তিত নির্মাণ কৰা এই ছবিখন উপভোগ কৰি সকলো আৱেগিক হৈ পৰিছে বুলি উল্লেখ কৰি তেওঁ কাশ্মীৰৰ সঁচা কাহিনী বোলছবিৰ জৰিয়তে দাঙি ধৰাৰ বাবে ছবিখনৰ সৈতে জড়িত সকলোকে কৃতজ্ঞতা জ্ঞাপন কৰে৷
একে সময়ত এই ছবিখন উপভোগ কৰিব বিচৰা চৰকাৰী কর্মচাৰীৰ অর্ধছুটী প্রদান কৰা হ’ব বুলি ঘোষণা কৰি মুখ্যমন্ত্রীগৰাকীয়ে কয়– ‘অসমত মনোৰঞ্জন কৰ নাই৷ গতিকে এই ছবিখন কৰমুক্ত কৰাৰ কোনো অর্থ নাই৷ যিসকল চৰকাৰী কর্মচাৰীয়ে দ্য কাশ্মীৰ ফাইল্ছ চাব বিচাৰিব, তেওঁলোকক আমি অর্ধছুটী প্রদান কৰিম৷ অৱশ্যে পিছদিনা তেওঁ চিনেমাৰ টিকট জ্যেষ্ঠ বিষয়াক প্রদান কৰিব লাগিব৷ অসমৰ ৰাইজক এই ছবিখন চাবলৈ মই আহ্বান জনাইছোঁ৷ কাশ্মীৰী পণ্ডিতসকলে কিদৰে জীৱনৰ সর্বস্ব ত্যাগ কৰিবলগীয়া হৈছিল আৰু কিদৰে সনাতন সভ্যতাৰ কেন্দ্রভূমি কাশ্মীৰ এসময়ত আগ্রাসনৰ চিকাৰ হৈছিল, সেই সমগ্র কাহিনী অতি সুন্দৰকৈ এই ছবিখনৰ মাধ্যমেৰে প্রকাশ কৰা হৈছে৷’ ইফালে একাংশই এই ছবিখনক লৈ সমালোচনা কৰা প্রসংগত প্রতিক্রিয়া প্রকাশ কৰি তেওঁ কয় যে ছবিখনক লৈ সমালোচনা কৰিবলগীয়া একো নাই৷ এয়া এক বাস্তৱ কাহিনী আৰু বুৰঞ্জীমূলক ঘটনা৷
Glad to announce that our Govt employees will be entitled for half-day special leave to watch #TheKashmirFiles.
They will have to only inform their superior officers and submit the tickets the next day. pic.twitter.com/RNQzOk9iCK
— Himanta Biswa Sarma (@himantabiswa) March 15, 2022