নিয়মীয়া বাৰ্তা ৭ নৱেম্বৰঃ কেন্দ্রীয় চৰকাৰে বলৱৎ কৰা ৰাষ্ট্রীয় পেন্সন আঁচনিত (এন পি এছ) অৱশেষত ৰাজ্য চৰকাৰে কর্মচাৰীৰ বাধ্যতামূলক বৰঙণিৰ অংশ ১৪ শতাংশলৈ বৃদ্ধি কৰিলে৷ অসম চৰকাৰৰ বিত্ত বিভাগে শেহতীয়াকৈ এক অধিসূচনাযোগে এই বৰঙণিৰ অংশ বৃদ্ধিৰ কথা ঘোষণা কৰিছে৷ ইয়াৰ ফলত এন পি এছত কর্মচাৰীসকল যথেষ্ট উপকৃত হ’ব৷ মন কৰিবলগীয়া যে ২০০৫ চনৰ ১ ফেব্রুৱাৰীৰ পাছত নতুনকৈ নিযুক্ত ৰাজ্যিক কর্মচাৰীসকলক কেন্দ্রীয় চৰকাৰৰ আর্হিত ৰাষ্ট্রীয় পেন্সন আঁচনিত বাধ্যতামূলকভাৱে অন্তর্ভুক্ত কৰা হৈছে৷ এই আঁচনিত কর্মচাৰী এজনৰ দৰমহাৰ ১০ শতাংশ আৰু চৰকাৰে বৰঙণি হিচাপে ১০ শতাংশ যোগ দি পেন্সন প্রদানৰ সুবিধা দিয়া হৈছে৷ কেন্দ্রীয় চৰকাৰে গ্রহণ কৰা আর্হি অনুকৰণ কৰি ৰাজ্য চৰকাৰেও ভাৰতৰ এন পি এছত ৰাজ্যিক কর্মচাৰীসকলক অন্তর্ভুক্ত কৰে৷ অৱশ্যে শেহতীয়াকৈ কেন্দ্রীয় চৰকাৰে এন পি এছত অন্তর্ভুক্ত কর্মচাৰীৰ বাবে পূর্বৰ বাধ্যতামূলক যোগদান ১০ শতাংশৰ পৰা ১৪ শতাংশলৈ বৃদ্ধি কৰে৷ কেন্দ্রীয় চৰকাৰৰ এই সিদ্ধান্তৰ পাছতে ৰাজ্যৰ এন পি এছৰ অধীনত থকা কর্মচাৰীসকলৰো চৰকাৰৰ বাধ্যতামূলক বৰঙণি ১৪ শতাংশলৈ বৃদ্ধিৰ দাবী তুলি আহিছিল সদৌ অসম কর্মচাৰী পৰিষদে৷ বিষয়টো সন্দর্ভত ২০১৯–২০ বিত্তীয় বর্ষৰ বাজেট ভাষণত বিত্তমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই ৰাজ্যিক কর্মচাৰীৰ বাবে বাধ্যতামূলক যোগদান ১০ শতাংশৰ পৰা ১৪ শতাংশলৈ বৃদ্ধি কৰাৰ কথা ঘোষণা কৰিছিল৷ যোৱা কেইবামাহো এই ঘোষণা কার্যকৰী হোৱা নাছিল যদিও বিত্ত বিভাগে যোৱা ৪ নৱেম্বৰত এক অধিসূচনাৰ জৰিয়তে এই বৰঙণি ১৪ শতাংশলৈ বৃদ্ধি কৰে৷ এই অধিসূচনা অনুসৰি ৰাজ্য চৰকাৰে জমা কৰিবলগীয়া ১৪ শতাংশ বাধ্যতামূলক বৰঙণিৰ অংশ পূর্বৰ ২০১৯ চনৰ ১ এপ্রিলৰ পৰা কার্যকৰী হ’ব৷ ৰাজ্য চৰকাৰৰ এই সিদ্ধান্তক আদৰণি জনাইছে সদৌ অসম কর্মচাৰী পৰিষদে৷ পৰিষদৰ সভাপতি প্রদীপ দত্ত আৰু সম্পাদকপ্রধান মৃণাল দাসে অসম চৰকাৰ আৰু বিত্তমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাক ধন্যবাদ জ্ঞাপন কৰাৰ লগতে এন পি এছৰ অন্তর্ভুক্ত কর্মচাৰীসকলৰ বাবে অৱসৰকালীন গ্রেছুইটী প্রদানৰ বাবে দাবী উত্থাপন কৰে৷ নেতাদ্বয়ে ইয়াকো স্পষ্ট কৰে যে এন পি এছৰ পৰিৱর্তে পুৰণি পেন্সন নীতি বাহাল ৰখাৰ দাবীৰ পৰা কর্মচাৰী পৰিষদ আঁতৰি নাহে৷