নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

প্ৰয়োজনত পুনৰ লকডাউন হ’ব অসমতঃ পীয়ূষ হাজৰিকা

নিয়মীয়া বাৰ্তা, ১২ জুনঃ দ্ৰুতগতিত অসমত বৃদ্ধি পোৱা ক’ৰোনাৰ সংক্ৰমণৰ পৰিপ্ৰেক্ষিতত প্ৰয়োজন হ’লে পুনৰ লকডাউন হ’ব বুলি ঘোষণা কৰিছে স্বাস্থ্যবিভাগৰ ৰাজ্যিক মন্ত্ৰী পীয়ূষ হাজৰিকাই ।

উল্লেখ্য যে লকডাউন আৰম্ভ হোৱাৰে পৰা আনলক-১ আৰম্ভ হোৱা পৰ্যন্ত অসমত ক’ৰোনাত আক্ৰান্ত লোকৰ সংখ্যা আছিল ১,৪৮৫ জন । কিন্তু আনলক-১ আৰম্ভ হোৱাৰ দুটা সপ্তাহ নৌহওঁতেই অসমত ২ গুণলৈ বৃদ্ধি পালে ক’ৰোনাত আক্ৰান্তৰ সংখ্যা ।

তাৰ মাজতে “নিউজ লাইভৰ সাময়িকী” অনুষ্ঠানত মন্ত্ৰী পীয়ূষ হাজৰিকাই সামাজিক দূৰত্বৰ নিয়ম নামানিলে চৰকাৰে পুনৰ লকডাউন কঠোৰ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিবলৈ বাধ্য হ’ব বুলি মন্তব্য কৰে ।

লগতে তেওঁ কয় যে- “আমি সামাজিক দূৰত্ব নীতি মানি চলি, হাত চাফাকৈ ধুই, মাস্ক পিন্ধি সকলোৱে সংযম হৈ থাকো, যাতে ৰাজ্যত সামাজিক সংক্ৰমণ নহয় । কিন্তু ৰাজ্যত সামাজিক সংক্ৰমণ যদি ভয়াৱহ ৰূপত হয়, তেন্তে চৰকাৰে নিশ্চয়কৈ পুনৰ লকডাউন ঘোষণা কৰিবলৈ বাধ্য হ’ব ।”

চাওক ‘সাময়িকী’ অনুষ্ঠানত কি কৈছিল স্বাস্থ্যবিভাগৰ ৰাজ্যিক মন্ত্ৰী পীয়ূষ হাজৰিকাই-

 

You might also like