নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মহাজোঁট–মিত্রজোঁট আসনৰ নিমিলা অংক; বিজেপিৰ চকু অগপৰ বঢ়মপুৰ–তেজপুৰ– কমলপুৰ

নিয়মীয়া বাৰ্তা ১৪ ফেব্ৰুৱাৰীঃ অহা ১০–১৫ দিনৰ ভিতৰতে বিধানসভা নির্বাচনৰ অধিসূচনা জাৰি হোৱাৰ পূর্ণ সম্ভাৱনা আছে৷ দেশৰ নির্বাচন আয়োগে যিকোনো মুহূর্ততে নির্বাচনৰ দিন–তাৰিখ ঘোষণা কৰাৰ বাবে পূর্ণ প্রস্তুতি চলাই আছে৷ শাসকীয় বিজেপি–গপ, বিৰোধী কংগ্রেছ–এ আই ইউ ডি এফ আদিকে ধৰি প্রতিটো ৰাজনৈতিক দলে আসন্ন বিধানসভা নির্বাচনৰ প্রতি লক্ষ্য ৰাখি ৰাজনৈতিক সমাৱেশ আদি অনুষ্ঠিত কৰি আহিছে৷ এইবাৰ বিধানসভা নির্বাচনত বিজেপিয়ে মিত্রদল অগপ, গণ শক্তি, ৰাভা হাছং যৌথ সংগ্রাম সমিতি আৰু ইউ পি পি এলৰে নির্বাচনী যুঁজত অৱতীর্ণ হৈ পুনৰ মিত্রজোঁটে চৰকাৰ গঠনৰ লক্ষ্য স্থিৰ কৰিছে৷ সেইদৰে বিৰোধী দল কংগ্রেছে এ আই ইউ ডি এফ, চি পি আই, চি পি আই (এম), চি পি আই (এম এল) আৰু আঞ্চলিক গণ মর্চাৰে মহাজোঁট গঠন কৰিছে৷ বিজেপি নেতৃত্বাধীন মিত্রজোঁটৰ দৰে কংগ্রেছ নেতৃত্বাধীন মহাজোঁটে চৰকাৰ গঠন কৰিব বুলি দাবী কৰি আহিছে যদিও এতিয়ালৈ কোনো এটা পক্ষই আসন বুজাবুজি চূড়ান্ত কৰিব পৰা নাই৷ বৰং মিত্রজোঁট আৰু মহাজোঁট উভয় শিবিৰতে আসন বুজাবুজিক লৈ নিমিলা অংকহে হৈছে৷

এক কথাত ক’বলৈ গ’লে শাসক–বিৰোধী উভয় শিবিৰতে এতিয়াও অব্যাহত আছে ‘টাগ অৱ ৱাৰ’৷ মিত্রজোঁটৰ ক্ষেত্রত বিজেপি আৰু অগপৰ মাজত আসন বুজাবুজিৰ বিষয়টোক লৈ সম্প্রতি দুই দলৰ মাজত শীতল যুদ্ধ চলাহে পৰিলক্ষিত হৈছে৷ মিত্রদল অগপই বর্তমান তেওঁলোকৰ দখলত থকা ১৪টা সমষ্টিৰ লগতে তেওঁলোকৰ গণ সমর্থন থকা মুঠ ৪০টা সমষ্টিত এইবাৰ দলীয় প্রার্থিত্ব থিয় কৰোৱাৰ বাবে বিজেপিক দাবী জনাব বুলি প্রকাশ কৰিছে৷ এইক্ষেত্রত অগপই বর্তমান বিজেপিৰ বিধায়ক থকা পলাশবাৰী, যোৰহাট, বিহপুৰীয়া, ঢ়কুৱাখনা, চাবুৱা, শদিয়া, খুমটাই আদি সমষ্টিলৈও চকু দি ইতিমধ্যে সংশ্লিষ্ট সমষ্টিসমূহত জাতীয় ঐক্য সমাৰোহ, দলীয় সতীর্থ সন্মিলন আদি অনুষ্ঠিত কৰি সাংগঠনিক ভেটি সুদৃঢ় কৰাতহে অধিক মনোনিৱেশ কৰিছে৷

ইয়াৰ সমান্তৰালভাৱে বিজেপিয়েও কংগ্রেছ–এ আই ইউ ডি এফৰ দখলত থকা বিভিন্ন সমষ্টিৰ লগতে অগপৰ দখলত থকা বঢ়মপুৰ, তেজপুৰ, পাটাছাৰকুছি, লখিমপুৰ, কমলপুৰ আদি সমষ্টিত অতি তৎপৰতাৰে সাংগঠনিক কার্যসূচী গ্রহণ কৰি আহিছে৷ শেষমুহূর্তত দল দুটাই কেনে ৰণনীতিৰে সুস্থিৰভাৱে নিজ নিজ তৃণমূল কর্মীক আশ্বস্ত কৰিব পৰাকৈ আসন বুজাবুজিত উপনীত হয়, সেয়াহে লক্ষণীয় হ’ব৷ একেদৰে বিটিচিৰ অধীনস্থ ১২ বিধানসভা সমষ্টিত আসন বুজাবুজিক লৈও বিজেপি আৰু ইউ পি পি এল দল এতিয়ালৈ সহমতত উপনীত হ’ব পৰা নাই৷ বিজেপিয়ে ইউ পি পি এলৰ সহযোগত বিটিচিৰ ১২টা সমষ্টিত নির্বাচনত অৱতীর্ণ হোৱাৰ কথা প্রকাশ কৰিছে যদিও ইউ পি পি এলৰ অন্যতম শীর্ষ নেতা তথা বিটিচিৰ উপ–মুখ্য কার্যবাহী সদস্য গোবিন্দ বসুমতাৰীয়ে বিটিআৰৰ অন্তর্গত ১২টা সমষ্টিত ইউ পি পি এলে অকলেই নির্বাচনত অৱতীর্ণ হ’ব বুলি ঘোষণা কৰাৰ লগতে বিজেপিৰ লগত মিত্রতা নকৰে বুলি প্রকাশ কৰিছে৷

এনে পৰিস্থিতিত পূর্বতে বি পি এফক বিটিআৰৰ অন্তর্গত ১২টা সমষ্টি এৰি দিয়াৰ দৰে এইবাৰ ইউ পি পি এলকো এৰি দিয়ে নে কিছু সমষ্টিত বিজেপিয়ে নিজা প্রার্থী থিয় কৰাই ইউ পি পি এলৰে মিত্রতা কৰে, সেয়াহে লক্ষণীয় হ’ব৷ ইপিনে আসন্ন বিধানসভা নির্বাচনৰ জৰিয়তে বিজেপিক ওফৰাবলৈ কংগ্রেছৰ নেতৃত্বত গঠন হোৱা মহাজোঁটতো আসন বুজাবুজিক লৈ এতিয়াও সমীকৰণ মিলা নাই অংশীদাৰ দলকেইটাৰ৷ পৰিস্থিতি সম্প্রতি ইমান জটিলতাৰ আৱর্তত সোমাই পৰিছে যে কংগ্রেছ আৰু এ আই ইউ ডি এফৰ আসন বুজাবুজিৰ বিষয়টোক লৈ দুয়োটা দল একপ্রকাৰ সমুখসমৰত নামি পৰিছে৷ বদৰুদ্দিন আজমল নেতৃত্বাধীন এ আই ইউ ডি এফে বর্তমান তেওঁলোকৰ দখলত থকা সমষ্টিসমূহৰ উপৰি কংগ্রেছৰ দখলত থকা মানকাচৰ, সৰুক্ষেত্রী, দলগাঁও, লাহৰীঘাট সমষ্টিকে ধৰি ৪০টা সমষ্টি বিচাৰিছে৷ আনকি দলগাঁও সমষ্টিত নির্বাচনী প্রচাৰ চলাবলৈ গৈ আজমলে মহাজোঁটৰ অংশীদাৰ হৈও কংগ্রেছ মুর্দাবাদ ধ্বনি পর্যন্ত দিয়ে৷ ইয়াৰ বিপৰীতে কংগ্রেছ দলে তেওঁলোকৰ দখলত থকা কোনো সমষ্টি এৰি নিদিয়ে বুলি স্পষ্ট কৰি দিয়াৰ লগতে এ আই ইউ ডি এফৰ দখলত থকা যমুনামুখ, নাওবৈচা, ভৱানীপুৰ, ধিং, জনিয়া, অভয়াপুৰী দক্ষিণ, জলেশ্বৰ আদি সমষ্টিৰ প্রতি চকু দিছে৷

সেইদৰে সেইদৰে মহাজোঁটৰ অংশীদাৰ চি পি আই, চি পি আই (এম), চি পি আই (এম এল), আঞ্চলিক গণ মর্চাৰেও আসন বুজাবুজি হৈ উঠা নাই৷ বৰং মৰিগাঁও, ৰঙিয়া আদি সমষ্টিক লৈ বাঁওপন্থী দল দুটাৰে তৃণমূল পর্যায়ত কংগ্রেছৰ মতানৈক্যহে আৰম্ভ হৈছে৷ বাঁওপন্থী নেতা উদ্ধৱ বর্মনে ৰঙিয়া আৰু সৰভোগ সমষ্টিত এইবাৰ তেওঁলোকে মহাজোঁটৰ তৰফৰ পৰা প্রতিদ্বন্দ্বিতা কৰিব বুলি প্রকাশ কৰাৰ পাছতেই ৰঙিয়াৰ স্থানীয় কংগ্রেছীয়ে সংবাদ মেল পাতি ৰঙিয়া সমষ্টি এৰি নিদিয়াৰ ঘোষণা কৰিছে৷ মৰিগাঁও সমষ্টিক লৈও কংগ্রেছৰে হোৱা মত পার্থক্যৰ বাবে চি পি আই নেতা মুনীন মহন্তই মুকলিকৈ অসন্তুষ্টি ব্যক্ত কৰিছে৷ অজিত ভূঞা নেতৃত্বাধীন আঞ্চলিক গণ মর্চাৰেও অংক মিলা নাই কংগ্রেছৰ৷ নগাঁও জিলাৰ বটদ্রৱা সমষ্টিক লৈয়ে আঞ্চলিক গণ মর্চাৰ সৈতে কংগ্রেছৰ সংঘাত আৰম্ভ হৈছে৷ সমষ্টিটোত আঞ্চলিক গণ মর্চাই লাচিত বৰদলৈক প্রার্থিত্ব দিব বিচাৰে৷ কিন্তু বটদ্রৱা এৰি দিয়াৰ পক্ষপাতী নহয় কংগ্রেছ৷ দলৰ জ্যেষ্ঠ নেতা প্রাক্তন মন্ত্রী গৌতম বৰা সমষ্টিটোৰ সবল প্রার্থিত্বৰ দাবীদাৰ৷

বিগত বিধানসভা নির্বাচনত ৬০০ৰো কম ভোটত বৰা বিজেপিৰ হাতত পৰাজিত হৈছিল৷ সেয়ে এইবাৰ কংগ্রেছ দল বটদ্রৱা এৰি দিয়াৰ পক্ষত নাই৷ অংশীদাৰ দলসমূহৰ সৈতে হোৱা এনেধৰণৰ নিমিলা অংকৰ বাবেই প্রদেশ কংগ্রেছে ১২৬টা সমষ্টিতে দলীয় প্রার্থী বিচাৰি আবেদন–পত্র গ্রহণ কৰা আৰম্ভ কৰিছে৷ কংগ্রেছৰ এক সূত্রই জানিবলৈ দিয়া মতে, শেষমুহূর্তত মহাজোঁট ভাঙি গ’লেও কংগ্রেছে যাতে প্রার্থী বিচাৰি বিপদত পৰিবলগীয়া নহয়, তাৰ বাবেই প্রতিটো সমষ্টিৰ পৰাই দলীয় প্রার্থীৰ সন্ধান আৰম্ভ কৰিছে৷ ইফালে নৱগঠিত আঞ্চলিক ৰাজনৈতিক দল অসম জাতীয় পৰিষদ আৰু ৰাইজৰ দলক লৈ চৰম অস্বস্তিত পৰিছে কংগ্রেছ দল৷ বিজেপিক প্রতিহত কৰাৰ স্বার্থত কংগ্রেছে আৰম্ভণিৰে পৰাই অসম জাতীয় পৰিষদ আৰু ৰাইজৰ দলক মহাজোঁটৰ অংশীদাৰ হ’বলৈ আহ্বান জনাই আহিছে যদিও তেওঁলোকে বাৰম্বাৰ সেই আহ্বান প্রত্যাখ্যান কৰি আহিছে৷

ফলত মিত্রতাৰ পৰিৱর্তে অসম জাতীয় পৰিষদ আৰু ৰাইজৰ দলৰে কংগ্রেছৰ সম্পর্ক তিক্ততাপূর্ণ হৈহে পৰিছে৷ প্রদেশ কংগ্রেছৰ নির্বাচনী প্রচাৰ কমিটীৰ অধ্যক্ষ তথা নগাঁৱৰ সাংসদ প্রদ্যুৎ বৰদলৈয়ে অসম জাতীয় পৰিষদ আৰু ৰাইজৰ দলক বিজেপিৰ বি টীম বুলিহে আখ্যা দিছে৷ এনে অৱস্থাত মিত্রজোঁটেই হওক বা মহাজোঁটেই হওক, অংশীদাৰ দলসমূহৰে আসন বুজাবুজিৰ বিষয়টো নিষ্পত্তি হোৱাৰ পাছতহে প্রকৃতার্থত স্পষ্ট হৈ পৰিব নির্বাচনী যুঁজৰ আচল প্রতিচ্ছবিখন৷

You might also like