গুৱাহাটীলৈ মহাবিপদ : দৈনিক ৩৭০ টন প্লাষ্টিকৰ আৱর্জনাৰ ভৰ মহানগৰীত
বিশেষ বার্তা, ২২ এপ্রিলঃ কেন্দ্রীয় চৰকাৰৰ কঠোৰ নিষেধাজ্ঞাৰ পিছতো গুৱাহাটী মহানগৰীত এবাৰ ব্যৱহূত প্লাষ্টিকৰ অবাধ প্রচলন হৈ থকা পৰিলক্ষিত হৈছে৷ প্রদূষণ নিয়ন্ত্রণ ব’ড আৰু কামৰূপ মহানগৰ জিলা প্রশাসনৰ দায়িত্বহীনতাৰ বাবেই একাংশ অসাধু ব্যৱসায়ীয়ে এবাৰ ব্যৱহূত প্লাষ্টিক মুকলিকৈ বিক্রী কৰি আহিছে৷ প্লাষ্টিকৰ অবাধ ব্যৱহাৰৰ ফলত মহানগৰীত ভয়াৱহ ৰূপত বৃদ্ধি পাইছে প্লাষ্টিকসৃষ্ট আৱর্জনাৰ প্রদূষণ৷ প্রায় ২০ লাখ লোকে বসবাস কৰা গুৱাহাটী মহানগৰীত বিজ্ঞানসন্মতভাৱে আৱর্জনা সংগ্রহ আৰু পৰিশোধনৰ ব্যৱস্থা নোহোৱাৰ ফলশ্রুতিত বিভিন্ন স্থানত স্তূপীকৃত আৱর্জনাই ভয়াৱহ ৰূপত প্রদূষণ সৃষ্টি কৰিছে৷ উল্লেখ্য যে গুৱাহাটী মহানগৰীত প্রতিদিনে প্রায় ৬০০ টন আৱর্জনা ওলায়৷ এই ৬০০ টন আৱর্জনাৰ ভিতৰত অধিকাংশই হৈছে প্লাষ্টিকসৃষ্ট আৱর্জনা৷ এনভাইৰন নামৰ এটা স্বেচ্ছাসেৱী সংগঠনে চলোৱা জৰীপৰ তথ্য অনুসৰি মহানগৰীত প্রতিদিনে ওলোৱা প্রায় ৬০০টন আৱর্জনাৰ ভিতৰত ৩৭০ টন আৱর্জনাই হৈছে প্লাষ্টিকসৃষ্ট আৱর্জনা৷ বিগত এটা দশকত গুৱাহাটী মহানগৰীত অস্বাভাৱিক হাৰত প্লাষ্টিকসৃষ্ট আৱর্জনাৰ পৰিমাণ বৃদ্ধি পাইছে৷ যাৰ ফলশ্রুতিত গুৱাহাটী মহানগৰীত পৰিৱেশ প্রদূষণ উদ্বেগজনকভাৱে বৃদ্ধি পাইছে৷ শেহতীয়াকৈ গুৱাহাটী পৌৰ নিগম কর্তৃপক্ষই মহানগৰীক কৃত্রিম বানমুক্ত কৰিবলৈ প্রচেষ্টা অব্যাহত ৰাখিছে৷ কৃত্রিম বানমুক্ত গুৱাহাটী অভিযানৰ অংশ হিচাপে শিলসাঁকো বিলৰ অবৈধ বেদখল উচ্ছেদ কৰিছে৷ তদুপৰি বোন্দাজান, লখিমীজান, ভৰলু, মৰাভৰলু, বশিষ্ঠ, বাহিনী নৈত পৌৰ নিগমে খনন কৰাৰ লগতে আৱর্জনা নিষ্কাশন কৰি আহিছে৷ ইয়াৰ সমান্তৰালকৈ মহানগৰীৰ পথ–উপপথত থকা নলাসমূহৰ আৱর্জনাও নিষ্কাশন কৰিছে৷ মহানগৰীৰ প্রতিটো পথ–উপপথৰ নলাৰ পৰা ওলোৱা আৱর্জনাৰ বেছিভাগেই প্লাষ্টিকসৃষ্ট আৱর্জনা৷ মহানগৰীক কৃত্রিম বানমুক্ত কৰিবলৈ প্লাষ্টিকৰ আৱর্জনাৰ পৰা মুক্ত কৰিব লাগিব বুলি বহুকেইগৰাকী বিশেষজ্ঞই মতপোষণ কৰিছে৷ প্লাষ্টিকৰ আৱর্জনাৰ পৰা গুৱাহাটী মহানগৰীক মুক্ত কৰিব নোৱাৰিলে ভৱিষ্যতে ভয়াৱহ বিপদৰ সন্মুখীন হ’ব লাগিব৷ সেয়েহে এবাৰ ব্যৱহূত প্লাষ্টিকৰ বিৰুদ্ধে প্রদূষণ নিয়ন্ত্রণ পৰিষদ আৰু জিলা প্রশাসনক কঠোৰ পদক্ষেপ গ্রহণ কৰিবলৈ একাংশ সচেতন লোকে আহ্বান জনাইছে৷