নিয়মীয়া বাৰ্তা, ১১ ডিচেম্বৰঃ পৃথক কমতাপুৰ ৰাজ্য পুনৰ্গঠন কৰাৰ দাবীত আজি দ্য গ্ৰেটাৰ কোচবিহাৰ পিপলছ এছ’চিয়েশ্যন (জিচিপিএ)ৰ উদ্যোগত আলিপুৰদুৱাৰ সংমণ্ডলৰ অন্তৰ্গত জোৰাই ৰে’ল ষ্টেচনত ৰে’ল অৱৰোধ কাৰ্যসূচী ৰূপায়ন কৰাৰ ফলত কেইবাখনো ৰে’ল চলাচলত ব্যাপক প্ৰভাৱ পৰে। প্ৰাপ্ত খবৰ অনুসৰি পাঁচ সহস্ৰাধিক প্ৰতিবাদকাৰীয়ে, পুৱা ৬:৪৫ বজাৰ পৰা ৮:০০ বজলৈ জোৰাই ৰেল ষ্টেচনত ৰেল পথ অৱৰোধ কৰে। অৱৰোধ কাৰী সকলে যাতে কোনো ধৰণৰ অপ্ৰীতিকৰ ঘটনা সংঘটিত কৰিব নোৱাৰে তাৰ বাবে ৰেল কৰ্তৃপক্ষই ষ্টেচনত আৰপিএফ, জিআৰপি আৰু স্থানীয় আৰক্ষীৰ ৫০০তকৈও অধিক বাহিনী মোতায়েন কৰিছিল যদিও কোনো ধৰণৰ অপ্ৰীতিকৰ ঘটনা সংঘটিত হোৱাৰ বাতৰি আমাৰ হাতত পৰা নাই। উল্লেখযোগ্য যে উক্ত ৰে’ল অৱৰোধৰ ফলত ৰেল কৰ্তৃপক্ষই কেইবাখনো ৰে’ল বাতিল কৰিব লগা হয়, আৰু কেইবাখনো ৰে’ল ফকিৰাগ্ৰাম-গোলাকগঞ্জ-নিউ কোচবিহাৰৰ বিকল্প পথৰ মাজেৰে চলাচল কৰে। ৰেল পথ সলনি কৰা বাবে যাত্ৰীসকলক সুবিধা প্ৰদান কৰাৰ বাবে, এন. এফ. ৰে’লৱেৰ দ্বাৰা উপযুক্ত সংখ্যক বাছ আৰু টাটা চুমো বাহনৰ ব্যৱস্থা কৰা হৈছে। লগতে প্ৰতিবাদকাৰীসকলৰ কাৰ্যসূচীৰ ফলত যাত্ৰীসকল অসুবিধাৰ সন্মুখীন হোৱা বাবে কৰ্তৃপক্ষই অনুশোচনা প্ৰকাশ কৰে। জানিব পৰা মতে ৰেল অৱৰোধৰ বাবে আজিৰ দিনত পথ সলনি কৰা ৰেলসমূহ হৈছে- ১৫৬৫৭ আপ ব্ৰহ্মপুত্ৰ মেইল, ১৫৯৫৯ আপ কামৰূপ এক্সপ্ৰেছ, ডি.এন. ট্ৰেইন ২০৫০৩ ডিএন ৰাজধানী এক্সপ্ৰেছ, ২২৪৪৯ ডিএন গুৱাহাটী–নতুন দিল্লী এক্সপ্ৰেছ, ২২৪১১ ডিএন নাহৰলগুন–আনন্দ বিহাৰ অৰুণাচল এক্সপ্ৰেছ, ২২৫০৩ ডিএন বিবেক এক্সপ্ৰেছ, ১৩২৪৭ ডিএন কামাখ্যা ৰাজেন্দ্ৰ নগৰ কেপিটেল এক্সপ্ৰেছ, ১২৪২৩ ডিএন ৰাজধানী এক্সপ্ৰেছ, ১২৫১৬ ডিএন শিলচৰ–কোয়েম্বাটুৰ জেএন এক্সপ্ৰেছ, ১৫৯২৬ ডিএন ডিব্ৰুগড়–দেওঘৰ এক্সপ্ৰেছ, ০০৬৮৮ ডিএন উদয়পুৰ–নিউ জলপাইগুৰি বিশেষ। আনহাতে ৰেল বাতিল কৰাঃ আজি যাত্ৰা আৰম্ভ কৰা ৰেলসমূহ হৈছে 22227/22228 (নিউ জলপাইগুৰি–গুৱাহাটী–নিউ জলপাইগুৰি) বন্দে ভাৰত এক্সপ্ৰেছ। 15704/15703 (বঙাইগাঁও–নিউ জলপাইগুৰি–বঙাইগাঁও) এক্সপ্ৰেছ আজি যাত্ৰা আৰম্ভ কৰে। প্ৰকাশ যে মুখ্য জনসম্পৰ্ক বিষয়া কাপিঞ্জল কিশোৰ শৰ্মাই এই বিষয়ে সদৰী কৰে। ইপিনে জোৰাই ৰেল ষ্টেছনত হেজাৰ হেজাৰ প্ৰতিবাদ কাৰীয়ে নো কামতাপুৰ নো ৰেষ্ট, বিজেপি চৰকাৰ হায় হায় আদি শ্লগান দি প্ৰতিবাদ সাব্যস্ত কৰে।
প্ৰেৰক কৃষ্ণ বৰ্মন