নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিশ্বনাথৰ কয়লাজুলিত ৯০ বিঘা ভূমিত মিলেট খেতিৰে সেউজ বিপ্লৱ

বিশেষ বাৰ্তা, ৯ জুনঃ এসময়ৰ উগ্ৰপন্থীৰ দপদপনি থকা বিশ্বনাথৰ অসম-অৰুণাচল সীমান্তৱৰ্তী কয়লাজুলিত আৰম্ভ হৈছে সেউজ বিপ্লৱ। বন্দুকৰ গুলীত ৰাতি পুওৱা অঞ্চলটোত এতিয়া স্বাৱলম্বী হোৱাৰ বতাহ বলিছে। বন্দুকৰ গুলীৰ শবদৰ পৰিৱৰ্তে বিশাল পথাৰত এতিয়া ট্ৰেক্টৰৰ কোলাহল।অঞ্চলটোত কাৰ্যতঃ মিলেট খেতিৰে স্থানীয় যুৱকে  আত্মনিৰ্ভৰশীল হোৱাৰ প্ৰয়াস আৰম্ভ কৰিছে।উল্লেখ্য যে বিশ্বনাথৰ অসম-অৰুণাচল সীমান্তৱৰ্তী অঞ্চল কয়লাজুলি একালত ভিতৰুৱা অঞ্চল ৰূপেই চিহ্নিত আছিল। এই ভিতৰুৱা দুৰ্গম অঞ্চলটোত উগ্ৰপন্থীৰ দপদপনি থকাৰ পিছত এই অঞ্চলটোত এতিয়া শান্তিৰ বাতাৱৰণৰ লগতে আৰম্ভ হৈছে অভিনৱ সেউজ বিপ্লৱ। ২০২৩ বৰ্ষটো আন্তৰ্জাতিক  মিলেট বৰ্ষ ৰূপে গ্ৰহণ কৰি  নাবাৰ্ডৰ উদ্যোগত ৰাজ্যৰ ২৩ জিলাত আৰম্ভ কৰা হয় এই খেতি। স্বেচ্ছাসেৱী সংস্থা কেডেটৰ সহযোগত বিশ্বনাথৰ এই ভিতৰুৱা অঞ্চল কয়লাজুলিৰ উৰ্বৰ মাটিত নেমু, তামোল, ধানৰ লগতে মিলেট অথবা কণী ধানৰ খেতি আৰম্ভ কৰা হৈছে।পুষ্টিকৰ খাদ্য মিলেটৰ বাবে এয়া উপযুক্ত মাটি হোৱা বাবেই এতিয়া লহপহকৈ বাঢ়ি অহা সেউজীয়া মিলেটৰ প্ৰতি বিঘাত প্ৰায় ডেৰ কুইণ্টল উৎপাদন হ’ব বুলি আশা কৰিছে নাবাৰ্ডৰ বিষয়া তথা কৃষকে। কয়লাজুলিত ৯০ বিঘা মাটিত এই মিলেট খেতি কৰা হৈছে। ৫০জন কৃষকক নেতৃত্ব দি মহেন বসুমতাৰী, চুলেন বসুমতাৰী, তৰুণ দৈমাৰী, গনে বসুমতাৰী আদিয়ে আৰম্ভ কৰা এই মিলেটৰ উৎপাদনৰ পিছতে অঞ্চলটোৰ বিশেষ পৰিচিতি হ’ব বুলি আশা কৰা হৈছে।

প্ৰেৰক জয়ন্ত বৰা

You might also like